গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০২৪ : প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কাইলৈৰ পৰা আৰম্ভ হ’বলগা ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ (ISL) তো এইবাৰ সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈছে৷ লীগত প্ৰত্যাশিত সফলতা লাভ কৰিবলৈ গুৱাহাটীৰ দলটোৱে অনুৰাগীৰ আশীৰ্বাদ বিচৰাৰ লগতে ষ্টেডিয়ামতো প্ৰতিখন মেচত উৎসাহ যোগাবলৈ সমৰ্থন বিচাৰিছে৷

একাদশ আই এছ এলত নিজৰ প্ৰথম মেচ খেলিবলৈ কলকাতালৈ যোৱাৰ পূৰ্বে আজি গুৱাহাটীত হোৱা সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মূখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয় ‘এটা ফুটবল ক্লাবক জীৱন্ত কৰি ৰখাত সমৰ্থকৰ বহু অৰিহনা আছে৷ আমি উত্তৰ-পূবৰ ফুটবলপ্ৰেমীৰ পৰা মৰম আৰু সমৰ্থন বিচাৰিছো৷ ডুৰাণ্ড কাপ জয়ৰে ছিজন আৰম্ভ কৰি আমি উৎসাহিত৷ আমি আশাবাদী লীগতো ভাল প্ৰদৰ্শন কৰিম৷ ইয়াৰবাবে খেলুৱৈৰ আৰু মেনেজমেণ্টে চেষ্টাৰ ক্ৰতি নকৰে৷ কিন্তু আমাক প্ৰয়োজন আছে ষ্টেডিয়ামত উৎসাহ দিব পৰা বিশাল সমৰ্থকৰ৷’

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে একাদশ সংখ্যক আই এছ এলত লীগৰ প্ৰথম মেচখন অহা ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত আই লীগৰ চেম্পিয়ন মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে খেলিব৷ আনহাতে, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথম মেচখন অহা ২৯ ছেপ্টেম্বৰত খেলিব৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত গুৱাহাটীৰ আই এছ এল দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব৷

ইফালে, সংবাদমেলত উপস্থিত থকা নৰ্থ ইষ্ট ইউনাইটেডৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈয়ে অনুৰাগীক দলৰ প্ৰতি আস্থা ৰখাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অপৰাজেয় হৈ ডুৰাণ্ড কাপ লাভ কৰি দলে প্ৰথমবাৰৰ বাবে সমৰ্থকক গৌৰৱ দিয়া বিষয় লৈ সন্তুষ্টি ব্যক্ত কৰে৷ ‘ডুৰাণ্ড কাপৰ প্ৰতিখন মেচে আমি হেজাৰ হেজাৰ ফুটবলপ্ৰেমীৰ সন্মুখত খেলিছো৷ কোকৰাঝাৰ, শ্বিলং আৰু কলকাতাত পৰিৱেশ অনন্য আছিল৷ দলে উৎসাহেৰে খেলি সফলতা লাভ কৰিছে৷ আই এছ এলতো আমি অনুৰাগীৰ এনে সমৰ্থন গুৱাহাটীত বিচাৰিছো৷’ ষ্ট্ৰাইকাৰগৰাকীয়ে কয়৷

ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ চি ই অ’ মন্দাৰ টামহানে এইবাৰ দলে ভাৰসাম্য ৰক্ষা কৰি সাজু হোৱাৰ কথা উল্লেখ কৰে৷ তেওঁ দলৰ যুৱ ফুটবলাৰৰ চমকপ্ৰদ প্ৰদৰ্শন তথা স্পেনিছ প্ৰশিক্ষক পেড্ৰ’ বেনালিৰ অবিৰত কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ক্লাবৰ স্বত্তাধিকাৰী জন আব্ৰাহামে নতুন খেলুৱৈসকলক অধিক উৎসাহ আৰু বিশ্বাস দিছে বুলি ব্যক্ত কৰে৷ আনহাতে, উত্তৰ-পূৱৰ ৰাজ্যত ফুটবল উত্তৰণৰ পৰিকল্পিত নীতি তথা চলিত ছিজন বা অহাবছৰলৈ ছিলঙতো আই এছ এল মেচ আয়োজনৰ বিষয়ে সংবাদমেলত অবগত কৰে৷ সংবাদমেলত দলৰ অধিনায়ক মিচেল জাবাকো আৰু গলৰক্ষক গুৰমীট সিঙো উপস্থিত থাকে৷

উল্লেখ্য যে কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ আই এছ এল৷ কলকাতাৰ উদ্বোধনী মেচত মুখামুখি হ’ব বিগত বৰ্ষৰ লীগৰ খিতাপ জয় কৰা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু চেম্পিয়ন ট্ৰফী লাভ কৰা মুম্বাই চিটী এফ চি৷ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত নিশা ৭.৩০ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷