গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২৪ : অহা ১৫ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়া (বি এফ আই)ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

আজি এই বিষয়ে সদৰি কৰি বি এফ আইৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই কয় যে প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷ যিহেতু প্ৰতিযোগিতাখন ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী সেয়েহে দেশৰ সকলো প্ৰান্তৰে নৱাগত বক্সাৰে অংশ ল’ব৷

সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি ইতিমধ্যে ২৮ ৰাজ্য তথা আঠখন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় পাঁচ হেজাৰ খেলুৱৈৰ নাম পঞ্জিয়ন কৰিছে৷ উল্লেখ্য যে বক্সিং ফেডাৰেছন অব ইণ্ডিয়া দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে যোৱা বছৰৰ পৰাই আৰ ই চিৰ সহযোগত ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰি আহিছে৷ প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি৷

যোৱাবছৰৰ সফলতাৰ পাছত এইবাৰ পুনৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে৷ ইতিমধ্যে নয়দাত হোৱা প্ৰতিযোগিতাত প্ৰায় চাৰি হেজাৰ পাঁচ বক্সাৰে অংশ লৈছিল৷।নয়দাৰ লগতে গুৱাহাটীৰ প্ৰতিযোগিতাত যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতাৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ তদুপৰি প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷