গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০২৪ : গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰৰ বিভিন্ন ওজন শাখাত এতিয়ালৈকে অসমৰ ১৭ গৰাকী ল’ৰা-ছোৱালীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, অন্তিম আঠত স্থান লাভ কৰাৰ সফলতাৰে ৰাষ্ট্ৰীয় ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতাতো খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে আটাইকেইগৰাকী বক্সাৰে৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ (BFI) সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰিছে প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনত ল’ৰাৰ জুনিয়ৰৰ ৪৪ কেজি শাখাত অঞ্জু কুমাৰ সুমন আৰু প্ৰশান্ত ৰাজবংশীৰ লগতে ৪৮ কেজিত মহম্মদ আফ্ৰুজুৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, ছোৱালীৰ জুনিয়ৰ শাখাত ৪৪ কেজিত ৰংদ্ধা পাটগিৰি আৰু ৫৪ কেজিত কুম কুম বৰাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ আনহাতে, ছাব-জুনিয়ৰৰ ছোৱালীৰ ৪০ কেজিত প্ৰিয়ংকা তথা ৪৩ কেজিত শ্ৰিয়া, শ্বিনি হাজৰিকা, ৰিয়া বড়ো আৰু দেবিকা গোঁহাইয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ বিপৰীতে ল’ৰাৰ ছাব-জুনিয়ৰৰ ৩৭ কেজিত অভি থাপা আৰু আহান থাপা, ৪০ কেজিত মহম্মদ জায়ান আহমেদ, ৪৩ কেজিত গৌৰাংগজ্যোতি দিহিঙিয়া আৰু ছাইমন চেত্ৰী, ৪৬ কেজিত ৰজনী দাস তথা ৫২ কেজিত প্ৰশান্ত হাজৰিকাই অন্তিম আঠলৈ যোগ্যতা অৰ্জন কৰিছে৷

উল্লেখ্য যে ইয়াৰপূৰ্বে এই প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷ অহা ৩০ ছেপ্টেম্বৰত প্ৰতিযোগিতাখন সামৰণি পৰিব৷ এই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰতিগৰাকী বক্সাৰে ৰাষ্ট্ৰীয় ফাইনেল ৰাউণ্ডৰ মেচত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ আনহাতে পদকজয়ী বক্সাৰে প্ৰাইজমানি লাভ কৰিব৷