নিউজ ডেস্ক, ৮ অক্টোবৰ, ২০২৪ : আগন্তুক উৎসৱৰ বতৰত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যাশাৰে, উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) ১৩ যোৰ অৰ্থাত ২৬ খন বিশেষ ৰে’লৰ পৰিচালনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই ৰে’লসমূহে ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ লৈকে আগন্তুক দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু সুগম ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব।

এই বিশেষ ৰে’লসমূহ যাৰ ভিতৰত যাত্ৰা পথত অতিক্ৰম কৰা অন্যান্য গুৰুত্বপূৰ্ণ গন্তব্যস্থানকে ধৰি অমৃতসৰ, বেংগালুৰু, গোৰখপুৰ, প্ৰয়াগৰাজ, কলকাতা, আনন্দ বিহাৰ, শ্ৰী গংগানগৰ আদি গন্তব্যস্থানসমূহ সামৰি লব। এই সময়ছোৱাত সংমণ্ডলৰ অন্তৰ্গত আগৰতলা, নাহৰলগুন, শিলচৰ, নিউ তিনিচুকীয়া, ডিব্ৰুগড়, কাটিহাৰ আদি অঞ্চলৰ লগতে অন্যান্য কাষৰীয়া অঞ্চলসমূহতো এই উৎসৱ বিশেষ ৰে’লসমূহে আন্তঃসংযোগ বৃদ্ধি কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই উৎসৱৰ বতৰৰ বাবে এই বছৰত ২৩৮ টা ট্ৰিপৰ বাবে বিশেষ ৰে’লসমূহ পৰিচালন কৰিব।

২০২৪ ৰ চলিত বৰ্ষটোত, উৎসৱৰ বতৰৰ এই একেই সময়ছোৱাত প্ৰদান কৰা অধিসূচনা আৰু পৰিচালন কৰা ৰে’লসমূহ আৰু ট্ৰিপৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৬ অক্টোবৰ, ২০২৪ তাৰিখলৈকে ভাৰতীয় ৰে’লৱেই আগন্তুক উৎসৱৰ বতৰৰ বাবে ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ লৈকে প্ৰায় ৬৫৫৬ খন বিশেষ ৰেল পৰিচালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে দুৰ্গা পূজা, দেৱালী আৰু ছট উৎসৱৰ সময়ত লাখ লাখ যাত্ৰীয়ে সমগ্ৰ দেশজুৰি পৰিভ্ৰমণ কৰে। এই সময়ছোৱাত বিশেষ ৰে’লৰ পৰিচালন যথেষ্ট বৃদ্ধি কৰা হৈছে, যাৰ ফলত, বৰ্ধিত যাত্ৰীসকলৰ বাবে আসনৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰতীক্ষাসূচীৰ তালিকাত থকা যাত্ৰীসকলৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়।

অহা দুমাহৰ ভিতৰত, এই বিশেষ ৰে’লসমূহে নিশ্চিত কৰিব যে ওচৰৰ আৰু অতি প্ৰিয়জনৰ সৈতে এই উৎসৱৰ বতৰ উদযাপন কৰিবলৈ ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলে নিজৰ গন্তব্যস্থানত সুৰক্ষিতভাৱে আৰু আৰামেৰে নিৰৱচ্ছিন্নভাৱে উপস্থিত হ’ব পাৰে। বিগত বৰ্ষ অৰ্থাৎ ২০২৩ চনত, ভাৰতীয় ৰেলৱেই মুঠ ৪৪২৯ খন উৎসৱ বিশেষ ৰে’ল পৰিচালন কৰে, যাৰ ফলত লাখ লাখ যাত্ৰীৰ বাবে এক আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰা হৈছিল। প্ৰতি বছৰে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে যেনে পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে দেশৰ পূব আৰু উত্তৰ প্ৰান্তলৈ আগন্তক দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে ভ্ৰমণ কৰে।

এই উৎসৱসমূহে জনসাধাৰণৰ বাবে কেৱল ধৰ্মীয় মহত্ব থকা উৎসৱ নহয়, পৰিয়ালবৰ্গৰ সৈতে পুনৰমিলনৰ এক গুৰুত্বপূৰ্ণ সুযোগো প্ৰদান কৰে। উৎসৱৰ বতৰত যাত্ৰীসকলৰ অত্যাধিক ভিৰৰ বাবে, অধিক সংখ্যক ৰে’লৰ টিকট দুমাহৰ পৰা বা তিনি মাহ পূৰ্বে প্ৰতীক্ষাসূচীৰ তালিকাত থকা দেখা যায়। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰে’লৱেই এই বছৰত উৎসৱৰ বতৰত পুনৰবাৰ বিশেষ ৰে’লৰ পৰিচালনা কৰিছে।