গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৪ : ৰে’ল চালকৰ সতৰ্কতাৰ বাবে প্ৰাণ ৰক্ষা এজাক বনৰীয়া হাতীৰ (Wild Elephant)। ১৬ অক্টোবৰ, ২০২৪ তাৰিখে ৰে’ল নং. ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছৰ লোকো পাইলট জে.ডি. দাস আৰু সহকাৰী লোকো পাইলট উমেশ কুমাৰে হাবাইপুৰ আৰু লামচাখাং ষ্টেচনৰ মাজৰ ১৬৬/৮-১৬৭/০ কিলোমিটাৰত ৰে’লপথ অতিক্ৰম কৰি থকা এটা হাতীৰ জাকক প্ৰত্যক্ষ কৰে। ৰে’লখন গুৱাহাটীৰ পৰা লামডিঙ অভিমুখে গৈ আছিল। ঘটনাটো প্ৰায় ২০:৩৭ বজাত সংঘটিত হয়। সতৰ্ক লোকো পাইলট আৰু সহকাৰী লোকো পাইলটে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰাৰ ফলত প্ৰায় ৬০ টা বনৰীয়া হাতী ৰে’লখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰে।

উক্ত খণ্ডটোত কাৰ্যকৰী হৈ থকা কৃত্ৰিম বুদ্ধিমত্তা (এআই) আধাৰিত ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ)ৰ দ্বাৰা পাইলটসকলক সতৰ্ক কৰা হৈছিল। উত্তৰ পূব সীমান্ত ৰে’লৱেই এই ৰে’লৱেত বিস্তৃত হৈ থকা আন হাতী কৰিডৰসমূহত ক্ৰমান্বয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আধাৰিত ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ) স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে। ৰে’লপথৰ ওচৰলৈ অহা বহুতো হাতীৰ জীৱন ৰে’লৰ খুন্দাৰ পৰা ৰক্ষা কৰাত এই পদ্ধতি ইতিমধ্যে যথেষ্ট সফল হৈছে। হাতী সুৰক্ষিত কৰিবলৈ আৰু ৰে’ল পৰিচালনৰ গতিশীলতা উন্নত কৰাৰ বাবে ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ) হৈছে এক পৰিৱেশ-বহনক্ষম প্ৰণালী।

প্ৰণালীটো কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ওপৰত আধাৰিত আৰু বৰ্তমানৰ অপ্টিকেল ফাইবাৰসমূহ সংশ্লিষ্ট স্থানত বন্য জন্তুৰ চলাচল চিনাক্ত কৰিবলৈ চেন্সৰ হিচাপে ব্যৱহাৰ কৰা হ’ব আৰু নিয়ন্ত্ৰণ কাৰ্যালয়, ষ্টেচন মাষ্টৰ, গেটমেন আৰু লোকো পাইলটত সতৰ্ক কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই ট্ৰেকত প্ৰকৃত সময়ৰ ভিত্তিত হাতীৰ উপস্থিতি অনুধাৱন কৰিবলৈ ডায়েলাইচিছ কৰিবলগীয়া বিক্ষিপ্ত পৰিঘটনাৰ নীতিৰ ওপৰত কাম কৰা ফাইবাৰ অপটিক আধাৰিত ধ্বনি প্ৰণালী ব্যৱহাৰ কৰে। এআই আধাৰিত ছফ্টৱেৰে মুখ্য গোটটোৰ উভয় দিশত ৪০ কিলোমিটাৰ পৰ্যন্ত অস্বাভাৱিক চলাচল নিৰীক্ষণ কৰিব পাৰে (অৰ্থাৎ মুঠ ৮০ কিমি পৰ্যন্ত)। ইয়াৰ উপৰিও আইডিএছে ৰে’লৰ ফাঁট চিনাক্ত কৰণ, ৰে’লপথত অনধিকাৰ প্ৰৱেশ আৰু ৰে’লপথৰ ওচৰত অননুমোদিত খনন, ট্ৰেকৰ ওচৰত ভূমিস্খলন আদিৰ বাবে দুৰ্যোগ প্ৰশমনৰ বিষয়েও সতৰ্ক কৰাত সহায় কৰিব।

আইডিএছৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেই ডাঙৰ জোপোহা গছ আৰু জঙ্ঘল কাটি ৰে’ল পৰিচালনৰ সময়ত ৰে’লৰ চালকসকলে যাতে স্পষ্টকৈ সকলো চাব পাৰে, তাক নিশ্চিত কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই বন্য জন্তু, বিশেষকৈ হাতী, ৰে’লপথৰ সমীপলৈ অহাটো প্ৰতিৰোধ আৰু চিনাক্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ই বন বিভাগৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে আৰু ৰে’ল ও বন বিভাগৰ দ্বাৰা এক যৌথ কাৰ্যকৰী বাহিনী গঠন কৰিছে। কেলেণ্ডাৰ বৰ্ষ ২০২৩-ৰ সময়ছোৱাত, উত্তৰ পূব সীমান্ত ৰে’লৱেই মুঠ ৪১৪ টা হাতী আৰু ১৬ অক্টোবৰ, ২০২৪ পৰ্যন্ত ৩৮৩ টা হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।