গুৱাহাটী, ২০ অক্টোবৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিদেশী ষ্টাইকাৰ আলাউদ্দিন আজাৰায়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) দলে খেলা প্ৰথম পাঁচখন মেচৰ আটাইকেইখনতে গ’ল কৰি অনন্য গৌৰৱ অৰ্জন কৰাৰ লগতে লীগৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে৷ মৰক্কোৰ তাৰকাগৰাকীয়ে যদি পৰবৰ্তী মেচতো গ’ল কৰিবলৈ সক্ষম হয় তেন্তে আই এছ এলত দহ বছৰ পূৰ্বে এলানো ব্লুমাৰে গঢ়া অভিলেখ স্পৰ্শ কৰিব৷

উল্লেখ্য যে আই এছ এলৰ উদ্বোধনী বৰ্ষত চেন্নাইয়ান এফ চিৰ ব্ৰাজিলিয়ান ফৰ’ৱাৰ্ড ব্লুমাৰে ক্ৰমাগত প্ৰথম ছখনত মেচত গ’ল কৰি অভিলেখ গঢ়িছিল৷ ছয়খন মেচত ব্লুমাৰৰ গ’লৰ সংখ্যা আছিল আঠটা৷ আনহাতে, এইবাৰ আলাউদ্দিনে এতিয়ালৈকে খেলা পাঁচখন মেচত ক্ৰমাগত পাঁচটা গ’ল কৰাৰ লগতে সতীৰ্থই কৰা দুটা গলত সহযোগো কৰিছে৷ আই এছ এলৰ ২৫ খন মেচৰ অন্তত সৰ্বাধিক গ’লদাতাৰ তালিকাৰ শীৰ্ষত আছে আলাউদ্দিন৷

‘মই দলৰ প্ৰশিক্ষক আৰু মোৰ সতীৰ্থসকলক বিশ্বাস কৰো৷ একেদৰে মোৰ ওপৰতো তেওঁলোকৰ আস্থা আৰু বিশ্বাস আছে৷ সেয়ে মই জানো যে কোনো কাৰণতে দলক নিৰাশ কৰাটো উচিত নহয়৷ আমাৰ দলত বিশেষ দক্ষতা থকা কেবাজনো বিশিষ্ট খেলুৱৈ আছে৷ অৱশ্যে আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ মাত্ৰ অলপ ধৈয্য আৰু বিশ্বাসৰ প্ৰয়োজন আছে৷’ ৩১ বছৰীয়া ফৰ’ৱাৰ্ডগৰাকীয়ে ব্যক্ত কৰে৷

নৰ্থ ইষ্ট ইউনাইটেডত যোগ দি প্ৰথমবাৰৰ বাবে আই এছ এল খেলা আলাউদ্দিনে ইয়াৰপূৰ্বে ডুৰাণ্ড কাপৰ ছেমিফাইনেলত লাজং এফ চি আৰু ফাইনেলত মোহন বাগানৰ বিৰুদ্ধেও গ’ল কৰি দল প্ৰথমটো ট্ৰফী জয়ত মুখ্য ভূমিকা লৈছিল৷ সেই পৰিসংখ্যাৰে চালে যোৱা সাতখন মেচতে ক্ৰমাগত গল কৰিছে দুৰন্ত ষ্ট্ৰাইকাৰগৰাকীয়ে৷ আই এছ এলত খেলা অভিজ্ঞতাৰ বিষয়ে আলাউদ্দিনে কয় ‘ ভাৰতলৈ অহাৰ পূৰ্বে আই এছ এলৰ মানদণ্ডক লৈ মই বিশেষ জনা নাছিলো৷ এতিয়া খেলি গম পাইছো এয়া অতি উচ্ছ পৰ্যায়ৰ লীগ আৰু মই আই এছ এলত খেলিবলৈ লোৱা সিদ্ধান্তক লৈ সুখী৷ এই লীগে মোক এজন উন্নত খেলুৱৈ হ’বলৈ আৰু উচ্ছ পৰ্যায়ত উপনীত হোৱাত সহায় কৰিব৷’

ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে পাঁচখন মেচ খেলি পাঁচ পইণ্ট লাভ কৰিছে৷ দলে মহমেদান স্প’ৰ্টিঙক হৰুৱাই অভিযান আৰম্ভ কৰিছিল যদিও যোৱা চাৰিখন মেচত প্ৰথমে গ’ল কৰাৰ পাছতো ব্যৰ্থ হৈছে৷ মোহন বাগান আৰু চেন্নাইয়ানৰ বিৰুদ্ধে পৰাস্ত হোৱা গুৱাহাটীৰ দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ আৰু এফ চি গোৱাৰ বিৰুদ্ধে ড্ৰ খেলিছে৷ অহা ২৬ অক্টোবৰত গুৱাহাটীত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে দলে পৰৱৰ্তী মেচ খেলিব৷

নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰি আলাউদ্দিনে কয় ‘আমি উচ্ছতম পৰ্যায়ত উপনীত হোৱা আৰু অধিক খিতাপ জয় কৰাৰ আকাংক্ষাক লৈ আগবাঢ়িছো৷ আমি ছিজনৰ আৰম্ভণি ভালেই কৰিছো আৰু এতিয়া আন এটা খিতাপ জয়ৰ বাবে তৃষ্ণাতুৰ হৈ আছো৷ আমাৰ অনুৰাগীসকল দলৰ বাবে প্ৰেৰণা৷ সমৰ্থকৰ অবিৰত সমৰ্থনে সাফল্য অৰ্জনত আমাক অনুপ্ৰাণিত কৰিব৷’