নিউজ ডেস্ক, ২৬ অক্টোবৰ, ২০২৪ : চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই জয়ৰ ছন্দলৈ উভতিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) শনিবাৰে অনুষ্ঠিত প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে ৫-০ গ’লত পৰাস্ত কৰে জামছেদপুৰ এফ চিক৷ উল্লেখ্য যে গৃহ ষ্টেডিয়ামত চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডৰ এয়া প্ৰথম জয়৷ দলৰ এই চমকপ্ৰদ জয়ৰ নায়ক হ’ল অসম সন্তান পাৰ্থিৱ গগৈ আৰু মৰক্কোৰ তাৰকা আলাউদ্দিন আজাৰাই৷ উভয়ে দুটাকৈ গ’ল কৰাৰ বিপৰীতে আনটো গ’ল কৰে নিকছনে৷

পূৰ্বৰ হতাশা পাহৰি আত্মবিশ্বাসৰে খেলিবলৈ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডক খেলৰ পাঁচ মিনিটতে গ’ল কৰি অগ্ৰগতি দিয়ে আলাউদ্দিন আজাৰায়ে৷ ক্ৰমাগত প্ৰথম ছখন মেচত গ’ল কৰাৰ গৌৰৱ যাত্ৰা অব্যাহত ৰাখিলে আলাউদ্দিন আজাৰায়ে৷ ইফালে, ২৯ মিনিটত জামছেদপুৰৰ ষ্টিফেনে ৰঙা কাৰ্ড হোৱাত দল বিপদত পৰে৷ ইয়াৰ সুযোগ লৈয়ে প্ৰথমাৰ্ধৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰে অসম সন্তান পাৰ্থিৱ গগৈয়ে। (৪৪ মিনিট)৷ দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত পাৰ্থিৱ গগৈয়ে (৫৫ মিনিট)দ্বিতীয়টো গ’ল কৰি দলৰ জয় নিশ্চিত কৰি দিয়ে৷ অন্তিম দহ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে আৰু দুটা গ’ল কৰিবলৈ সক্ষম হয়৷

৮২ মিনিটত নিকছনে গ’ল কৰি ব্যৱধান ৪-০ কৰাৰ পাছত আলাউদ্দিনে ৯০ মিনিটত দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয়৷ ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ছখন মেচ খেলাৰ পাছত আঠ পইণ্ট লাভ কৰিলে৷ উল্লেখ্য যে দলে এখন মেচত জয় অৰ্জন কৰাৰ পাছত¸ দুখনকৈ মেচত পৰাজয় তথা ড্ৰ খেলিছিল৷ আজিৰ চমকপ্ৰদ জয়ে দলক পুনৰ লীগলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰালে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আশাৰ খবৰ হ’ল দলে আটাইকেইখন মেচতে প্ৰথমে গ’ল কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে৷ ইফালে, জামছেদপুৰ দলৰ আত্মবিশ্বাস তুংগত আছিল যদিও আজি ছন্দ বিচাৰি নাপালে৷ দহজনৰে খেলিব লগা হোৱাত দলে আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল৷

পূৰ্বৰ পাঁচখন মেচৰ চাৰিখনতে জয়লাভ কৰি বাৰ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছিল দল৷ গুৱাহাটীত দলে ছিজনৰ দ্বিতীয় পৰাজয়ৰ সন্মুখীন হ’ল৷ উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰৱৰ্তী মেচখনো ঘৰত খেলিব৷ অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে খেলিব৷ ইফালে, জামছেদপুৰ এফ চিয়েও লীগৰ পৰৱৰ্তী মেচখন ঘৰত খেলিব৷ অহা চাৰি নৱেম্বৰত জামছেদপুৰৰ টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত হ’বলগা মেচত দলে চেন্নাইয়ান এফ চিৰ মুখামুখি হ’ব৷