নিউজ ডেস্ক, ২৭ অক্টোবৰ, ২০২৪ : ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) অবিৰত অবদান অনন্য৷ আই এছ এলৰ প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আই এছ এলে আৰম্ভণিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিব গগৈ আই এছ এলৰ মঞ্চৰ পৰাই জন্ম হোৱা ভাৰতীয় ফুটবলৰ নতুন আশাৰ বন্তী৷

নিজৰ ক্ষমতা, খেলপথাৰত বল নিয়ন্ত্ৰণ কৰাৰ দক্ষতা আৰু দীৰ্ঘ দূৰত্বৰ পৰাই শক্তিশালী শ্বট লোৱাৰ প্ৰতিভা থকা পাৰ্থিৱ গগৈয়ে যোৱা ছিজনতে বিশেষজ্ঞৰ মনজয় কৰাৰ লগতে অনুৰাগীৰো প্ৰিয় হৈ পৰিছিল৷ উল্লেখ্য যে ২১ বছৰীয়া ফৰৱাৰ্ডগৰাকীয়ে যোৱা আই এছ এলত পাঁচটা গ’ল দিয়াৰ লগতে চাৰিটা গ’লত সহায় কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ জয় কৰাতো অসম সন্তানৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল৷ পাৰ্থিৱ গগৈয়ে ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত গ’ল কৰি জয়ৰ পথ সাজু কৰিছিল৷ চলিত আই এছ এলৰ শনিবাৰৰ গুৱাহাটীৰ মেচত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডৰ ইতিহাসৰ শ্ৰেষ্ঠ জয়ৰ সফলতাত পাৰ্থিৱ গগৈয়ে মুখ্য ভূমিকা লয়৷

৫-০ ত জয়ী হোৱা মেচখনত পাৰ্থিৱ গগৈয়ে দুটাকৈ গ’ল কৰি আই এছ এলত ১০ টা গ’ল কৰা খেলুৱৈ ৰূপে পৰিগনিত হয়৷ ইফালে, গ’লৰ সংখ্যা দহক কৰি দলৰ হৈ আই এছ এলত সৰ্বাধিক গ’ল কৰাৰ তালিকাৰ তৃতীয় স্থানত উপনিত হয় পাৰ্থিৱ গগৈ৷ ইয়াৰপূৰ্বে বাৰ্থলমিউ অগবেচে আৰু দেশৰ্ণ ব্ৰাউনে বাৰটাকৈ গ’ল কৰিছিল৷ ইফালে, ২২ বছৰ বয়সতে সৰ্বাধিক গ’ল কৰাৰ অভিলেখো আই এছ এলত গঢ়িলে পাৰ্থিৱ গগৈয়ে৷ ‘পাৰ্থিব এজন সুদক্ষ খেলুৱৈ আৰু দলত সুযোগো পাইছে৷ তেওঁ আগবাঢ়ি যোৱাৰ প্ৰয়োজন৷ তেওঁৰ বাবে অন্তিম সীমা আকাশ৷ এইসময়ত প্ৰতিটো দিনেই তেওঁ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ এয়া কৰিব পাৰিলে মই ক’ম পাৰ্থিৱ ভাৰতৰ ভৱিষ্যতৰ সুনীল ছেত্ৰী হ’ব৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালি কয়৷

২০২৭ চনলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ সৈতে চুক্তি বৃদ্ধি কৰা পাৰ্থিৱ গগৈৰ ক্লাবৰ লগত গভীৰ সম্পৰ্ক গঢ়ি উঠিছে৷ নিজৰ যাত্ৰাৰ বিষয়ে পাৰ্থিৱ গগৈয়ে কয়, আই এছ এলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে মোৰ প্ৰথমটো পেছাদাৰী গ’ল কেতিয়াও পাহৰিৱ নোৱাৰো৷ আনহাতে, শ্বিলং লাজঙৰ বিৰুদ্ধে হেট্ৰিকৰ স্মৃতিও অনন্য৷ নৰ্থ ইষ্ট ইউনাইটেডত থাকিলে ঘৰৰ দৰে অনুভৱ হয়৷ মই আন ক’তো থকাৰ কথা কল্পনা কৰিব নোৱাৰো৷’ ইফালে, চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ শ্বিলঙতো ঘৰুৱা মেচ খেলিব৷ প্ৰশিক্ষক বেনালীয়ে নৰ্থ ইষ্ট ইউনাইটেডৰ দৰ্শনৰ বিষয়ে ব্যক্ত কৰি কয় যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ স্থানীয় প্ৰতিভাক স্কাউটিং আৰু লালন-পালন কৰাটো ক্লাবৰ মুল কাম৷

‘ক্লাবৰ দৰ্শন একেবাৰে স্পষ্ট৷ আমি প্ৰতিখন ৰাজ্যলৈ গৈ প্ৰতিভা বিচাৰিম৷ ইতিমধ্যে ষ্টাফ আৰু মেনেজমেণ্টে বহল ভিত্তিত স্কাউটিং কৰিছে আৰু আমি বহুত প্ৰতিভা পাইছো৷ জন আব্ৰাহাম আৰু চিইঅ’ মাণ্ডাৰ টামহানেৰ এই দিশত স্পষ্ট ধাৰণা আছে আৰু ক্লাবেও ইয়াৰ পৰা লাভৱান হোৱাৰ প্ৰৱণতা আছে৷’ বেনালিয়ে লগতে হয়৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে এতিয়ালৈকে ছখন খেলত দুখনকৈ জয়, পৰাজয় আৰু ড্ৰ’ কৰিছে৷ আঠ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত গুৱাহাটীৰ দলটো আছে৷ অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে খেলিব৷