নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) চলিত উৎসৱৰ বতৰত মানসম্পন্ন সেৱা প্ৰদানত কোনোধৰণৰ আপোচ নকৰাকৈ যাত্ৰীসকলৰ বাবে সুৰক্ষা আৰু আৰাম নিশ্চিত কৰাৰ হকে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ পৰা আৰু অধিক্ষেত্ৰলৈ ৫০০ টাতকৈয়ো অধিক ট্ৰিপৰ সৈতে মুঠ ৪৪ যোৰ বিশেষ ৰে’ল চলাচল কৰি আছে।

এই বিশেষ ৰে’লসমূহ নিৰ্ধাৰিত যাত্ৰীবাহী ৰে’লৰ উপৰিও দেৱালী আৰু ছট পূজাৰ সময়ত দেশৰ পূব আৰু উত্তৰ অংশ যেনে পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰ আদি ৰাজ্যৰ মুখ্য গন্তব্যস্থানসমূহৰ সৈতে সংযোগ স্থাপন কৰি চলি আছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই উৎসৱৰ ভিৰৰ সময়ত ইয়াৰ অধিক্ষেত্ৰৰ সমস্ত মুখ্য ষ্টেচন আৰু ৰে’লসমূহত পৰিকল্পিতভাৱে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে।

সকলোবোৰ মুখ্য আৰু গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচনত ব্যাপক ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা কৰা হয়, য’ত উৎসৱ উদযাপনৰ বাবে বিভিন্ন গন্তব্যস্থানলৈ ভ্ৰমণ কৰিবলৈ বিশাল ভিৰ হ’ব বুলি আগতেই ধাৰণা কৰা হৈছে। এই ষ্টেচনসমূহত যাত্ৰীৰ ভিৰ সুসঙ্গতভাৱে নিয়ন্ত্ৰণ কৰাৰ অৰ্থে সকলো কামকাজ নিৰীক্ষণ কৰিবলৈ বাণিজ্যিক বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গক নিয়োজিত কৰা হৈছে। অত্যাধিক ভিৰৰ সময়ছোৱাত উদ্ভৱ হ’ব পৰা ঠেলা-হেঁচাৰ দৰে পৰিস্থিতি পৰিহাৰৰ বাবে ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’লৱে আৰক্ষীক প্লেটফৰ্ম, ফুট-অভাৰ ব্ৰীজ আৰু চতুৰ্দিশৰ এলেকাসমূহত নিয়োজিত কৰা হৈছে।

জনবহুল এলেকাসমূহত তীক্ষ্ণভাৱে নজৰ ৰাখিবলৈ আৰু যাত্ৰীসকলক প্ৰকৃত সময়ৰ ভিত্তিত সহায় আগবঢ়োৱাৰ বাবে অতিৰিক্ত চিচিটিভি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ৰে’লৰ যাত্ৰা আৰম্ভ কৰা ষ্টেচনসমূহত সাধাৰণ ডবাত প্ৰৱেশ কৰাৰ বাবে কিউ চিষ্টেম গ্ৰহণ কৰা হৈছে। ৰে’ল/ডবা সম্পৰ্কে সঠিক ঘোষণা সময়মতে নিশ্চিত কৰা হৈছে যাতে যাত্ৰীসকলক প্লেটফৰ্মৰ অৱস্থানৰ বিষয়ে অৱগত কৰিব পৰা যায় য’ৰ পৰা ৰে’লসমূহ প্ৰস্থান কৰিব। যাত্ৰা আৰম্ভ কৰা আৰু গন্তব্য ষ্টেচনসমূহত সহজ বৰ্ডিং আৰু ডি-বৰ্ডিঙৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উৎসৱৰ বতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লত যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলক সংবেদনশীল কৰাৰ বাবে নিয়মীয়াকৈ বিশেষ অভিযান চলাই আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে এনে ভিৰৰ বতৰত সকলো যাত্ৰীৰ বাবে এক সুৰক্ষিত আৰু উপভোগ্য ভ্ৰমণ অভিজ্ঞতাক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সময়ে সময়ে ছপা মাধ্যম, ইলেক্ট্ৰনিক আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন সজাগতা অভিযান চলাই থকা হৈছে।