গুৱাহাটী, ১ নৱেম্বৰ, ২০২৪ : মহানগৰী গুৱাহাটীত (Guwahati) নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ খানাপাৰাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক-যুৱতী। দুখন স্ক’ৰপিঅ’ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুই যুৱক-যুৱতী থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন এগৰাকী যুৱতীৰ লগতে চালক।

পোহৰৰ উৎসৱ দিপাৱালীৰ আনন্দৰ মাজতে মাজতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুই যুৱক-যুৱতী থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী যুৱতীৰ লগতে এজন চালক গুৰুত্বৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। নিশা মহানগৰীৰ খানাপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা খানাপাৰাৰ হোটেল তাজ ভিভাণ্টাৰ সন্মুখৰ ফুটব্ৰীজৰ তলত দুখন তীব্ৰ বেগী স্ক’ৰপিঅ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। তীব্ৰ বেগী এখন ক’লা স্ক’ৰপিঅ’ বাহন আৰু এখন বগা স্ক’ৰপিঅ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত দুই যুৱক-যুৱতী থিতাতে নিহত হয়। ক’লা স্কৰপিঅ’ বাহনখনে ৰেলিং ভাঙি ফুটব্ৰীজৰ ওপৰত খুন্দা মাৰে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে ক’লা স্কৰপিঅ’ বাহনখনত থকা তিনি যুৱক-যুৱতী বাৰৰ পৰা ওলাই আহিছিল। তিনি যুৱক-যুৱতীৰ হাতত বাৰৰ এণ্ট্ৰী টেগ আছিল।

ক’লা স্কৰপিঅ’ বাহনখন খানাপাৰা অভিমুখৰ পৰা আহি আছিল। তীব্ৰ বেগী ক’লা স্কৰপিঅ’ বাহনখনে ইউ-টাৰ্ণ লোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই আনখন স্কৰপিঅ’ বাহনত খুন্দা মাৰে। ফলত ক’লা স্কৰপিঅ’ বাহনখনত থকা দুই যুৱক-যুৱতী থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী যুৱতী গুৰুত্বৰভাৱে আহত হয়। ক’লা স্কৰপিঅ’ বাহনখন মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে।

আনহাতে ক’লা স্কৰপিঅ’ বাহনখনে খুন্দা মৰা এএছ-০১ই-০৮২০ নম্বৰৰ বগা স্কৰপিঅ’ বাহনখনৰ চালকজনো এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয়। আহত যুৱতী গৰাকী লগতে বগা স্কৰপিঅ’ বাহনখনৰ চালকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। আহত দুয়ো চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। থিতাতে নিহত হোৱা যুৱকজন মহানগৰীৰ শ্ৰীনগৰৰ দীপিত দে’ আৰু যুৱতী গৰাকী কোকৰাঝাৰৰ ঝাড়াগুৰিৰ কনামিকা নাৰ্জাৰী বুলি জানিব পৰা গৈছে।