নিউজ ডেস্ক, ২ নৱেম্বৰ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) চলিত উৎসৱৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ আৰু কেইখনমান উৎসৱ বিশেষ ৰে’ল পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৎসৱ ৰে’লসমূহ ভিতৰত আছে ৰে’ল নং ০৫৬২৯ (আগৰতলা-ছেকেন্দ্ৰাবাদ) ৱান ৱে বিশেষ ৰে’লখন। ৩ নৱেম্বৰ, ২০২৪ তাৰিখে ০৬:২০ বজাত আগৰতলাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১৬:১৫ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব এই বিশেষ ৰে’লখন।
ৰে’ল নং. ০৪৬১৯ (আগৰতলা-ফিৰোজপুৰ কেণ্ট), ৱান ৱে বিশেষ ৰে’লখন আগৰতলাৰ পৰা ৩ নৱেম্বৰ, ২০২৪ তাৰিখে ১৪:১০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ২১:৪০ বজাত ফিৰোজপুৰ কেন্টত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৪৬৯৬ (লুধিয়ানা-নিউ জলপাইগুড়ী) উৎসৱ বিশেষ ৰে’লখন ২ নৱেম্বৰ, ২০২৪ তাৰিখে ২২:১৫ বজাত লুধিয়ানাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৫:১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪৬৯৫ (নিউ জলপাইগুড়ী-লুধিয়ানা) উৎসৱ বিশেষ ৰে’লখন ৪ নৱেম্বৰ, ২০২৪ তাৰিখে ১০:০০ বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰি পিছদিনা ১৬:৫৫ বজাত লুধিয়ানাত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০১০৮১ (ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস-আগৰতলা) উৎসৱ বিশেষ ৰে’লখন ৩ নৱেম্বৰ, ২০২৪ তাৰিখে ১৫:৩০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসৰ পৰা প্ৰস্থান কৰি ৬ নৱেম্বৰ, ২০২৪ তাৰিখে ০৭:৪০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০১০৮২ (আগৰতলা-ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস) উৎসৱ বিশেষ ৰে’লখন ৭ নৱেম্বৰ, ২০২৪ তাৰিখে আগৰতলাৰ পৰা ১৫:১০ বজাত প্ৰস্থান কৰি ১০ নৱেম্বৰ, ২০২৪ তাৰিখে ০৮:২০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসত গৈ উপস্থিত হ’ব।
গংগাত পবিত্ৰ স্নানৰ বাবে যোৱা ছট পূজাৰ ভক্তসকলৰ বাবে কাটিহাৰ আৰু মণিহাৰীৰ মাজত দুখন ডেমু বিশেষ ৰে’ল পৰিচালন কৰা হ’ব। প্ৰথম বিশেষ ৰে’লখন ২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰ, ২০২৪ লৈ দৈনিক ২১:১৫ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি ২২:০০ বজাত মণিহাৰীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’লখন মণিহাৰীৰ পৰা ২৩:৪৫ বজাত প্ৰস্থান কৰি ০০:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। আনহাতে দ্বিতীয় বিশেষ ৰে’লখন ৩ তাৰিখৰ পৰা ৬ নৱেম্বৰ, ২০২৪ লৈ কাটিহাৰৰ পৰা দৈনিক ০১:৩০ বজাত প্ৰস্থান কৰি ০২:১৫ বজাত মণিহাৰীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’লখন মণিহাৰীৰ পৰা ০৪:০০ বজাত প্ৰস্থান কৰি ০৪:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।
এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ও জাননী প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণবোৰ অৱলোকন কৰিবলৈ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ফলৰ পৰা অনুৰোধ জনোৱা হৈছে।