বৰপেটা, ৭ নৱেম্বৰ, ২০২৪ : বৰপেটা জিলাৰ হাউলী সাহিত্য সভা ভৱনত আজি জামাত-ই-ইছলামী হিন্দ (Jamat-E-Islamia-Hind) বৰপেটা জিলাৰ উদ্যোগত এক সৰ্বধৰ্মীয় বৌদ্ধিক আলোচনা সভা অনুষ্ঠিত হয়। সম্প্ৰতি সমাজত বৃদ্ধি পোৱা মাদকদ্ৰব্যৰ অবৈধ বেহা আৰু ইয়াৰ সেৱনৰ ভয়াবহতা, ধর্ষণৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনা বৃদ্ধিৰ কাৰণ তথা প্রতিকাৰ আৰু যুৱ সমাজৰ নৈতিক, মানৱীয় চৰিত্ৰ অৱক্ষয়ৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ আদি বিষয় সমূহৰ ওপৰত সভাখনত আলোচনা কৰা হয়।
জামাত-ই-ইছলামী হিন্দ উত্তৰ অসমৰ উলামা কাউন্সিলৰ সচিব মৌলানা মাইনুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত আলোচনা সভাখন হাফিজ ইনামুল হকৰ পৱিত্ৰ কোৰান পাঠৰ দ্বাৰা শুভাৰম্ভ হয়। পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা সভাখনৰ উদ্বোধনী ভাষণ প্ৰদান কৰে সভাখনৰ আহ্বায়ক তথা জামাত-ই-ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক ছফিকুল ইছলামে। সভাত আলোচক হিচাপে বক্তব্য ৰাখে ক্ৰমে জামাত-ই-ইছলামী হিন্দৰ বৰপেটা আৰু বাক্সা জিলাৰ সহকাৰী সংগঠক মৌলানা আব্দুল গফুৰ মণ্ডল, বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য নৱ কুমাৰ পাঠক, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তৰণী কুমাৰ পাঠক, জৈন ধৰ্মৰ প্ৰতিনিধি তথা বৰপেটা জিলাৰ অনুব্ৰত সমিতিৰ সচিব অনিল বেংগানী, হাউলী ৰাস সমিতিৰ প্ৰাক্তন সভাপতি ড: ভগীৰথ নাথ আৰু বড়ো সম্প্ৰদায়ৰ প্ৰতিনিধি ৰোহিত বড়ো।
অতিথি সকলে ৰাইজক মাদকদ্ৰব্যৰ ভয়াবহ পৰিণতিৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে গাঁৱে গাঁৱে সজাগতামুলক সভা-সমিতি, ৰেলি আয়োজন কৰি সকলোকে ঐক্যবদ্ধ হৈ মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনাই তত্বগধুৰ ভাষন প্ৰদান কৰে। সভাত মুখ্য অতিথি হিচাপে জামাত-ই-ইছলামী হিন্দ, উত্তৰ অসমৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লা উপস্থিত থাকি জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ অপৰাধমুক্ত সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনায়। শতাধিক গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনৰ শেষত উদ্যোগতা সকলে সকলোকে লঘূ জলপানেৰ আপ্যায়ন কৰে। সভাখনত বড়ো সম্প্ৰদায়ৰ অতিথি বসন্ত স্বৰ্গীয়াৰী আৰু সৎ সংগ মন্দিৰৰ প্ৰতিনিধি নিৰ্মল চন্দ্ৰ নাথ বিশেষ কাৰণত উপস্থিত নাছিল যদিও তেওঁলোকে সভাখনৰ প্ৰতি সহমৰ্মিতা পোষণ কৰি বাৰ্তা প্ৰেৰণ কৰে।
ইফালে আটাইকেইগৰাকী অতিথিয়ে বিশেষকৈ মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিভাৱক সমাজক সজাগ সচেতন হ’বলৈ আহ্বান জনাই পৰিয়ালৰ শাসন কঠোৰ কৰিবলৈ মতপোষন কৰে। মাদকদ্ৰব্যৰ বিৰুদ্ধে ৰাইজকো সজাগ হ’বলৈ আহ্বান জনায়। ৰাইজ সজাগ সচেতন হ’লে চৰকাৰে কোনো ঠাইতে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিব নোৱাৰিব বুলি বৰপেটা ৰোড শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য নৱ কুমাৰ পাঠকে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে মদৰ দোকান দিবলৈ বিচৰা এলেকাৰ ৰাইজৰ অনুমতি নহ’লে চৰকাৰে অনুজ্ঞাপত্ৰ দিব নোৱাৰে। জামাত-ই-ইছলামী হিন্দ বৰপেটা জিলাৰ এনে ব্যতিক্ৰমী আলোচনা সভাখন অনুষ্ঠিত কৰাৰ বাবে সকলোৱে সময়োপযোগী পদক্ষেপ লোৱা বুলি সংগঠনটোক প্ৰশংসা কৰে।