গুৱাহাটী, ১৬ নৱেম্বৰ, ২০২৪ : সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত পূৰ্বৰ দৰে এই বছৰো গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত দুখনকৈ আই টি এফ (ITF) বিশ্ব ৰেংকিং টেনিছ প্ৰতিযোগিতা আয়োজন কৰিছে৷ বিশ্ব টেনিছ সংঘৰ স্বীকৃত বাৰ্ষিক ক্ৰীড়া সূচীৰ খেল আই টি এফ মাষ্টাৰ্ছ প্ৰতিযোগিতাখন (১১-১৫ নৱেম্বৰ) ইতিমধ্যে সমাপ্ত হোৱাৰ পাছত অহা ১৮-২৩ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই বিষয়ে অবগত কৰে৷ উল্লেখ্য যে ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ (জে-৬০) প্ৰতিযোগিতাত একক, ডাবলছ আৰু মিক্সড ডাবলচ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ খেলৰ দুদিন পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ (১৬-১৭ নৱেম্বৰ) অনুষ্ঠিত হ’ব৷ অসমৰ খেলুৱৈয়ে কোৱালিফায়িং ৰাউণ্ডত খেলাৰ লগতে ৱাইল্ড কাৰ্ডৰে মুল ৰাউণ্ডতো খেলাৰ সুযোগ পাব৷

ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশৰ ল’ৰা-ছোৱালীয়ে৷ পঞ্জিয়ন কৰা বিদেশী ৰাষ্ট্ৰ কেইখন হ’ল, চীন, আমেৰিকা, শ্ৰীলংকা, আৰ্মেনিয়া, জাপান, হংকং, হাংগেৰী, ছিংগাপুৰ, ছুইজাৰলেণ্ড, থাইলেণ্ড, কোৰিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, কাজাখস্তান, ইংলণ্ড আৰু কানাডা৷ খেলুৱৈসকলক গুৱাহাটীৰ বিভিন্ন হোটেলত ৰখা ব্যৱস্থা কৰা হৈছে৷ সদৌ অসম টেনিছ সন্থাই কেবাবছৰ ধৰি উক্ত আই টি এফ জুনিয়ৰ প্ৰতিযোগিতাখন গুৱাহাটীত আয়োজন কৰি আহিছে৷

অহা ১৮ নৱেম্বৰত পূৱা ৯ বজাত চচল টেনিছ ক’ৰ্টতে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে জে হিলালি, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, সদৌ অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়া লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সন্থাৰ বিষয়ববীয়া আৰু নবীন-প্ৰবীন খেলুৱৈ৷ সংবাদমেলত জ্যেষ্ঠ সাংবাদিক তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি সুবোধ মল্ল বৰুৱাও উপস্থিত থাকে৷