মানকাচৰ, ২৬ নৱেম্বৰ, ২০২৪ : মানকাচৰত আপৰ নেতাসহ (Aap Leader) দুই তথাকথিত সাংবাদিকৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। দুৰ্নীতিৰ বাতৰি কৰা অসম টুডেৰ সাংবাদিকক আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ আপৰ নেতাসহ দুই তথাকথিত সাংবাদিকৰ বিৰুদ্ধে। আক্ৰমণকাৰী তিনিওৰ বিৰুদ্ধে মানকাচৰ থানাত এজাহা দাখিল। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ৰড, বলেৰ’ বাহন।
সোমবাৰে নিশা প্ৰায় ৯.৪৫ বজাত মানকাচৰ চহৰৰ মাজমজিয়াত অসম টুডেৰ স্থানীয় সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজ সেৱক সাহিন আমিনক তিনিজনীয়া গুণ্ডাৰ দল এটাই আক্ৰমণ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ সম্মুখত নিশা সাংবাদিক মিজানুৰ ইছলাম আৰু সাহিন আমিন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত হঠাৎ এএছ-০১-ইকে-৬১২৬ নম্বৰৰ বলেৰ’ বাহন এখনেৰে তথাকথিত সাংবাদিক তুষাৰ আলম আৰু ৰাশেল আহমেদসহ মানকাচৰৰ আপৰ নেতা মোস্তাক মহাম্মদ মোকছেদুৰ ৰহমান আহি গাড়ীৰ পৰা ৰড উলিয়াই আক্ৰমণ কৰে সাংবাদিক মিজানুৰ ইছলাম আৰু সাহিন আমিনক।
অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত কোনো মতে অসম টুডেৰ সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজ সেৱক সাহিন আমিনৰ প্ৰান ৰক্ষা পৰে৷ ঘটনাৰ পিছতে এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পাই লগে লগে প্ৰায় ১০০ মিটাৰ কাষতে থকা মানকাচৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিত নিয়ন্ত্ৰণ কৰে। আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা বলেৰ’ বাহনখন জব্দ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা ৰড জব্দ কৰে। ঘটনা সন্দৰ্ভত সাংবাদিক মিজানুৰ ইছলামে ইতিমধ্যে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে৷
ঘটনাস্থলীৰ পৰা তথাকথিত গুণ্ডাৰূপী দুই সাংবাদিকসহ আপৰ নেতা গৰাকী পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছু দিন পূৰ্বে মানকাচৰ অগপৰ বিধান পৰিষদৰ পৰা আপৰ নেতা আৰু তথাকথিত সাংবাদিকৰ কৰ্মকাণ্ডক লৈ এক সংবাদমেল অনুষ্ঠিত কৰা হৈছিল। আপৰ নেতা গৰাকীয়ে দুই কোটি টকীয়া এটা পথ নিৰ্মাণৰ কামত চৰম দুৰ্নীতি কৰা বুলি আমছুৱে অভিযোগ আনিছিল উক্ত সংবাদমেলত। দুয়োটা বিষয়ৰ ওপৰত সাংবাদিক মিজানুৰ ইছলামে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে সাংবাদিক গৰাকীক লক্ষ্য কৰি লোৱা হৈছে বুলি সন্দেন প্ৰকাশ কৰা হৈছে।
ইয়াৰ পূৰ্বেও তথাকথিত দুই সাংবাদিকৰ বিৰুদ্ধে কেবাটাও গুণ্ডাগিৰিৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ আছে বুলিও জানিব পৰা গৈছে। গুণ্ডাগিৰি কৰি নিৰীহ লোক এজনক আক্ৰমণ কৰি তথাকথিত সাংবাদিক তুষাৰ আলম জে’লৰ ভাত খাবলগীয়াও হৈছিল। বাতৰি কৰাৰ ভয় দেখুৱাই এই দুই তথাকথিত সাংবাদিকে ধন দাবী কৰাৰো ভিডিঅ’ পোহৰলৈ আহিছে বুলি আক্ৰমণৰ বলি হোৱা সাংবাদিক সাংবাদিক মিজানুৰ ইছলামে জানিবলৈ দিয়ে।