নিউজ ডেস্ক, ১৫ জানুৱাৰী, ২০২৫ : গুৱাহাটীত ড্ৰৰ হেট্ৰিক অৰ্জন কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ মঙলবাৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত নৰ্থ ইষ্ট ইউনাইটেড আৰু এফ চি গোৱাৰ মাজৰ মেচখন ১-১ ত ড্ৰ হয়৷ উল্লেখ্য যে ইয়াৰপূৰ্বে উভয় দলে গোৱাত খেলা মেচখনো ৩-৩ ত ড্ৰ হৈছিল৷ মঙলবাৰৰ ফলাফলৰে দুয়োটা দলে নিজৰ অপৰাজেয় যাত্ৰা অক্ষুন্ন ৰাখিলে৷
গোৱাৰ বাবে এই ফলাফল আশাপ্ৰদ হ’লেও ঘৰত তিনিখন মেচৰ এখনতো জয়লাভ কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেৰ বাবে হতাশজনক ফল৷ স্মৰ্তব্য যে এইবাৰ গুৱাহাটীত খেলা আঠখন মেচৰ মাত্ৰ দুখনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইতিমধ্যে লীগত ১৬ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি ছয় খন মেচত জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা৷ গৃহভূমিত গুৱাহাটীৰ দলটোৱে চাৰিখন ড্ৰ তথা দুখনত পৰাস্ত হৈছে৷
উল্লেখ্য যে নখন মেচত অপৰাজেয় হৈ গুৱাহাটীলৈ অহা এফ চি গোৱাই স্বাভাৱিকতে আত্মবিশ্বাসৰে সুন্দৰ আৰম্ভনি কৰে যদিও চাৰিখন মেচত অপৰাজেয় যাত্ৰা ধৰি ৰখা নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত দলে পূৰ্বৰ মেচৰ দৰে ছন্দত খেলিব পৰা নাছিল৷ যাৰবাবে খেলৰ প্ৰথমাৰ্ধ গ’লশূন্য ৰূপে সমাপ্ত হয়৷ অৱশ্যে ১৫ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ আলাউদ্দিন আজাৰাইৰ শ্বট পষ্টত লগাত দলে অগ্ৰগতিৰ পৰা বঞ্চিত হয়৷ অজাৰাইৰ লগতে গুইলেৰ্মো, জিতিন আৰু ৰীডিমে ঘৰুৱা দলৰ হৈ আক্ৰমনৰ নেতৃত্ব লৈ গোৱাৰ ৰক্ষণ বিভাগক চাপত ৰাখে৷ বিপৰীতে গোৱাৰ হৈ ছাডিকু, জেৰাৰ্ড, বেণ্ডনে গল কৰাৰ চেষ্টা কৰিও বিফল হয়৷
দ্বিতীয়াৰ্ধত গোৱাক অগ্ৰগতি দিয়ে মহম্মদ য়াছিৰে৷ বেণ্ডনৰ পৰা বল লাভ কৰি ৬৫ মিনিটত গ’ল কৰে য়াছিৰে৷ কিন্তু দলৰ এই অগ্ৰগতি দহ মিনিট থাকে৷ ৭৬ মিনিটত আজাৰাইৰ পাচত জিতিনে গ’ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক মেচলৈ প্ৰত্যাৱৰ্তন কৰায়৷ এই ব্যৱধানৰে মেচ সমাপ্ত হোৱাত উভয় দলে পইণ্ট ভগাই লয়৷ চলিত ছিজনত গোৱাই ১৫ খন মেচৰ দুখনতহে পৰাজয়ৰ সন্মুখীন হোৱা গোৱাই ক্ৰমাগত দহখন মেচত অপৰাজেয় হৈ থাকিল৷ দলে ছয়খনত জয় তথা চাৰিখন ড্ৰ খেলিছে৷
নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন অহা ১৮ জানুৱাৰীত কোচিত খেলিব৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা মেচত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব গুৱাহাটীৰ দলটো৷ ইয়াৰপূৰ্বে গুৱাহাটীত উভয় দলে ৰ-ৰ গলত ড্ৰ খেলিছিল৷ ইফালে, এফ চি গোৱাই অহা ১৯ জানুৱাৰীত ঘৰত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে খেলিব৷