গুৱাহাটী, ১৭ জানুৱাৰী, ২০২৫ : ক্ৰমাগত তিনিখন মেচ গুৱাহাটীত খেলাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ৰ শনিবাৰে কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা খেলত ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব৷ উভয় দলৰ বাবে এয়া লীগৰ ১৭ সংখ্যক মেচ৷ গৃহভূমিত খেলা অন্তিম তিনিখন মেচত ড্ৰৰে সমৰ্থকক আশাহত কৰা নৰ্থ ইষ্ট ইউনাইটেডে বাহিৰত পুনৰ জয়ৰ আশাৰে কাইলৈৰ মেচত অৱতীৰ্ণ হ’ব৷

উল্লেখ্য যে গুৱাহাটীৰ দলটো যোৱা পাঁচখন মেচত অপৰাজেয় হৈ আছে৷ হায়দৰাবাদ এফ চি আৰু মুম্বাই চিটীক পৰাস্ত কৰি গুৱাহাটীলৈ অহা নৰ্থ ইষ্ট ইউনাইটেডে ঘৰুৱা চাপৰ সন্মুখীন হৈ যোৱা তিনিখন মেচত জয়ৰ পৰা বঞ্চিত হয়৷ স্মৰ্তব্য যে এইবাৰ গুৱাহাটীত খেলা আঠখন মেচৰ মাত্ৰ দুখনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইতিমধ্যে লীগত ১৬ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি ছয় খন মেচত যি জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা৷ সেয়ে কোচিত শনিবাৰে পুনৰ জয়ৰ ছন্দলৈ উভতি অহাৰ আশা কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷

২৪ পইণ্টৰে তালিকাৰ পঞ্চম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰপূৰ্বে গুৱাহাটীত কেৰালাৰ বিৰুদ্ধেও ড্ৰ খেলিছিল৷ ইফালে, ২০ পইণ্টৰে তালিকাৰ নৱম স্থানত থকা কেৰালা ব্লাষ্টাৰ্ছে যোৱা দুখন মেচত জয়লাভ কৰি শনিবাৰে আত্মবিশ্বাসৰে সমৰ্থকৰ সন্মুখত খেলিবলৈ সাজু হৈছে৷ উল্লেখ্য যে কেৰালা ব্লাষ্টাৰ্ছে এই ছিজনত ঘৰত খেলা আঠখন খেলৰ ভিতৰত চাৰিখনতে জয়লাভ কৰিছে৷ যোৱা পাঁচখন খেলৰ তিনিখনত দল জয়ী হৈছে৷

আই এছ এলত উভয় দল এতিয়ালৈকে ২১ খন খেলত মুখামুখি হৈছে৷ কেৰালা ব্লাষ্টাৰ্ছে আঠখন খেলত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে পাঁচবাৰ জয়ী হৈছে৷ আনহাতে ড্ৰৰূপে সমাপ্ত হৈছে আঠখন মেচ৷ কিন্তু এই ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে এতিয়ালৈকে ৩১ টা গ’ল দি শীৰ্ষত আছে৷ এই পৰিসংখ্যাই স্বাভাৱিকতে কেৰেলাৰ ডিফেন্সক চাপত ৰাখিব৷ আনহাতে, ২০ টা গ’ল কৰা আজাৰায়ো ঘৰুৱা দলৰ বাবে চিন্তাৰ কাৰণ৷

‘আমি ইজনে সিজনৰ হৈ খেলো৷ আমি দলীয় কামত বিশ্বাস কৰো৷ আমি বিভিন্ন পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেয়াও জানো৷ কাইলৈ আমি ইতিবাচক ফলাফল ৰাখিবলৈ চেষ্টা কৰিম৷’ আজি হোৱা সংবাদমেলত এই কথা ব্যক্ত কৰে কেৰালা ব্লাষ্টাৰ্ছৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক টি জি পুৰুষোথামানে৷ ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে সম্ভৱপৰ উত্তম স্থানত লীগ অন্ত পেলাবলৈ চেষ্টা কৰাৰ বিষয়ে উল্লেখ কৰিছে৷ ‘আমি শ্ৰেষ্ঠ স্থানত শেষ কৰিব লাগিব৷ আমি ঘৰতে খেলো বা বাহিৰতে খেলো এতিয়া সকলো মেচত আমি পইণ্ট ল’ব লাগিব৷ যোৱা কেইখনমান খেলত আমি মাত্ৰ এক এক পইণ্টহে ল’ব পাৰিলো৷ অৱশ্যে পইণ্ট হেৰুৱাতকৈ এয়া তুলনামুলকভাবে ভাল৷ এতিয়া আমি অধিক পইণ্টৰ বাবে চেষ্টা কৰিব লাগিব৷ যিমান পাৰো মেচত জয়ী হ’ব লাগিব আৰু শ্ৰেষ্ঠ স্থানত শেষ কৰিব লাগিব৷’