নিউজ ডেস্ক, ১৮ জানুৱাৰী, ২০২৫ : প্ৰত্যাশিতভাৱে চলিত প্ৰথম খো খো বিশ্বকাপৰ (Kho Kho World Cup) ছেমিফাইনেলত প্ৰৱেশ কৰিছে আয়োজক ভাৰতৰ পুৰুষ আৰু মহিলা দলে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মহিলা দলে বাংলাদেশক পৰাস্ত কৰাৰ বিপৰীতে পুৰুষ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷

অপৰাজেয় ধাৰা অব্যাহত ৰখা ভাৰতীয় পুৰুষ দলে শুকুৰবাৰেও নিজৰ শক্তি প্ৰদৰ্শন কৰি ১০০-৪০ ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰে সিংহলী বাহিনীক৷ উল্লেখ্য যে সম্পূৰ্ণ মেচতে অধিপত্য বিস্তাৰ কৰা অন্তিম টাৰ্ণৰ পূৰ্বেই পইণ্টৰ শতক অৰ্জন কৰি ছেমিফাইনেলৰ স্থান নিশ্চিত কৰি দিছিল৷ কেবল মেচ সমাপ্ত হ’বলৈ নিৰ্ধাৰিত সময় অপেক্ষা কৰে দলে৷ ভাৰতে শনিবাৰে হ’বলগা ছেমিফাইনেলত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ৷

উল্লেখ্য যে পুৰুষৰ শাখাৰ অন্য কোৱাৰ্টাৰ ফাইনেলত ইৰাণে কেনিয়াৰ বিৰুদ্ধে ৮৬-১৮ ৰ ব্যৱধানত জয় অৰ্জন কৰাৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ৫৮-৩৮ ত জয়লাভ কৰি ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে৷ ইফালে, বাংলাদেশৰ বিৰুদ্ধে নেপালে ৬৭-১৮ ত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে৷ ইয়াৰপূৰ্বে হোৱা মহিলাৰ একপক্ষীয় মেচখনত বাংলাদেশৰ বিৰুদ্ধে ১০৯-১৬ ৰ সহজ জয়েৰে ভাৰতীয় মহিলা খো খো দলে প্ৰথম বিশ্বকাপৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷

অধিনায়ক প্ৰিয়ংকা ইংলেৰ নেতৃত্বত দলটোৱে চাৰিওটা টাৰ্ণতে নিজৰ আধিপত্য প্ৰদৰ্শন কৰে৷ উল্লেখ্য যে ভাৰতে নিজৰ এশ পইণ্ট সংগ্ৰহৰ অনন্য ধাৰা অব্যাহত ৰাখি একেৰাহে পঞ্চমখন মেচত এই গৌৰৱ লাভ কৰে৷ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ছেমিফাইনেলত ভাৰতৰ মহিলা দল দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব৷ কেনিয়াৰ বিৰুদ্ধে হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলত দক্ষিণ আফ্ৰিকাই ৫১-৪৬ ত জয়লাভ কৰি ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷

মহিলা বিভাগৰ অন্য কোৱাৰ্টাৰ ফাইনেলত উগাণ্ডাই নিউজিলেণ্ডৰ বিৰুদ্ধে ৭১-চ্ছ ৰ জয়ৰে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে৷ ইফালে, ইৰাণৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নেপালে ১০৩-৮১ আকৰ্ষণীয় স্ক’ৰেৰে অন্তিম চাৰিত প্ৰৱেশ কৰে৷