গুৱাহাটী, ২ ফেব্ৰুৱাৰী, ২০২৫ : অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা উদযাপন কৰিবলৈ, থলুৱা হস্ততাঁত ব্ৰেণ্ড ‘চেৰেকী’য়ে মাজুলীৰ (Majuli) যাদুকৰী সৌন্দৰ্য আৰু পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈ এটা নতুন অভিযান আৰম্ভ কৰিছে। এই অভিযান চেৰেকীৰ সৃষ্টি আৰু সাংস্কৃতিক দায়বদ্ধতাৰ গভীৰতা প্ৰতিফলিত কৰে। অনন্য আৰু সমসাময়িক হস্ততাঁতৰ চানেকি, বিশেষকৈ পৰম্পৰা আৰু আধুনিক কাৰুকাৰ্যৰ অভিনৱ সংমিশ্ৰণলব্ধ মেখেলা-চাদৰৰ বাবে পৰিচিত ‘চেৰেকী’ৰ এই অভিযানে অসমীয়া মহিলাৰ দৃঢ়তা, সৃষ্টিশীলতা আৰু স্বাভিমানক প্ৰদৰ্শন কৰিছে।
এই কাহিনীৰ জৰিয়তে, চেৰেকীয়ে অসমীয়া সংস্কৃতিৰ সমৃদ্ধি, নাৰীত্বৰ সৌন্দৰ্য আৰু পৰম্পৰাগত কাৰুকাৰ্যৰ মাধুৰ্য উজলাই তুলিবলৈ চেষ্টা কৰিছে। মেখেলা-চাদৰৰ জটিল কাৰুকাৰ্যৰ মাজেৰে, চেৰেকীয়ে পৰম্পৰাগত কলাৰ সংৰক্ষণ আৰু আধুনিক চানেকিৰ সমন্বয়ৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছে। মাজুলীৰ বিচিত্ৰ আৰু নিৰিবিলি পৰিবেশত এটা দিন পাৰ কৰিবলৈ এদিন পুৱাই ঘৰৰ পৰা ওলাই অহা তিনিগৰাকী যুৱতীক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে এই অভিযানৰ কাহিনী। লুইতৰ পাৰত খোজ কাঢ়ি কাঢ়ি তেওঁলোকে নিজকে বিলীন কৰি দিয়ে নদীদ্বীপৰ শান্ত-সমাহিত পৰিৱেশত। এই যাত্ৰাত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত পৰম্পৰাগত ৰাস উৎসৱৰ অভিজ্ঞতা লাভ কৰাৰ লগতে শতিকা পুৰণি সত্ৰৰ পৰম্পৰাৰ বিষয়ে জানিবলৈ সক্ষম হয়।
তদুপৰি মাজুলীৰ অনন্য সাংস্কৃতিক পৰিচয়ক গভীৰভাৱে প্ৰতিফলিত কৰা নাটসমূহত ব্যৱহৃত কৰা মুখা শিল্পৰ প্ৰাচীন কলাকে ধৰি মাজুলীৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতেও তেওঁলোক পৰিচিত হয়। দিনটোৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰি মাজুলীৰ সৌন্দৰ্য্যৰ মাজত হেৰাই যায় তিনি বান্ধৱী। আলিবাটত তেওঁলোকে চাইকেল চলায়, নদীৰ পাৰত বহি অৱসাদ আঁতৰায় আৰু কণ-কণ ল’ৰা-ছোৱালীবোৰৰ সৈতে সময় কটায়। এই সকলোবোৰে প্ৰকৃতিৰ সৈতে সংযোগ কৰাৰ লগতে তেওঁলোকক আনন্দ আৰু নষ্টালজিয়া অনুভৱ কৰায়। অসমৰ বাহিৰৰ কোনো ব্যক্তি যদি ইয়ালৈ আহে তেন্তে তেওঁ মাজুলীৰ সৌন্দৰ্য্য, সংস্কৃতি, পৰম্পৰা আৰু ইয়াৰ চিৰন্তন তাৎপৰ্যৰ বিষয়ে জানিবলৈ সুযোগ পাব, যিয়ে জীৱনত সমৃদ্ধি আৰু প্ৰগতি কঢ়িয়াই আনে।
প্ৰকৃতিৰ মাজত বিভোৰ হৈ থাকোতে গম নোপোৱাকৈ কিদৰে দিনটো পাৰ হৈ গ’ল সেই উপলব্ধিৰেই যুৱতী কেইগৰাকীৰ বাবে অন্ত পৰে এই অভিযানৰ। সূৰ্যাস্তৰ লগে লগে তেওঁলোকৰ ঘৰমুৱা হ’বলৈ লৰালৰি লাগে আৰু নিস্তব্ধ দ্বীপটো এৰি পুনৰ জীৱনৰ প্ৰকৃত ছন্দলৈ তেওঁলোক উভতি আহে। এই কাহিনীৰ জৰিয়তে চেৰেকীয়ে অসমীয়া সংস্কৃতি, নাৰীত্ব আৰু কাৰুকাৰ্য্যৰ চিৰন্তন ৰূপক প্ৰতিফলিত কৰা তেওঁলোকৰ ব্ৰেণ্ডৰ এক মোহনীয় ভাৱমূৰ্তি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এই অভিযানে মেখেলা-চাদৰৰ মাজত নিহিত হৈ থকা অনন্য কাৰিকৰী কাৰুকাৰ্য্য উন্মোচন কৰিছে, আৰু আধুনিক ডিজাইনৰ সৈতে একত্ৰিত কৰাৰ লগতে পৰম্পৰাগত কাৰুকাৰ্য্যৰ সংৰক্ষণৰ প্ৰতি চেৰেকীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
১৯৯৩ চনত ৰীমা খাৰঘৰীয়াই প্ৰতিষ্ঠা কৰা ‘চেৰেকী’য়ে নিজৰ সুন্দৰ ডিজাইন আৰু হস্তশিল্পৰ জৰিয়তে অসমৰ ঐতিহ্য সংৰক্ষণ কৰা সমসাময়িক হস্ততাঁত ডিজাইন ব্ৰেণ্ড হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ব্ৰেণ্ডটোৱে পৰম্পৰা আৰু আধুনিকতাৰ মাজত এক ভাৰসাম্য গঢ়ি তুলিছে। সততে সময়ৰ গতি লেহেমীয়া হোৱা ঠাই বুলি অভিহিত কৰা মাজুলী এই অভিযানৰ বাবে হৈ পৰিছে এক আদৰ্শ পটভূমি। ই দৰ্শনাৰ্থীসকলক দ্বীপটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে ইয়াৰ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। মাজুলীয়ে সৃষ্টি কৰা সুন্দৰ সাংস্কৃতিক নষ্টালজিয়াই মহিলাসকলৰ যাত্ৰাক আৰু অধিক অৰ্থপূৰ্ণ কৰি তোলে, আৰু এই চিৰন্তন পৰম্পৰাৰ জৰিয়তে স্পষ্ট হৈ পৰে চেৰেকীৰ মেখেলাৰ স্বকীয়তা।
চেৰেকীৰ সহ-প্ৰতিষ্ঠাপক অনুক্ষা খাৰঘৰীয়াই কয়, “মাজুলী কেৱল এখন দ্বীপ নহয়; ই অসমৰ ঐতিহ্য আৰু সৃষ্টিশীলতাৰ চিৰন্তন প্ৰতীক। এই অভিযানৰ জৰিয়তে আমি মাজুলীৰ সৌন্দৰ্য আৰু সম্প্ৰসাৰিত পৰম্পৰাক বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ চেষ্টা কৰিছোঁ।চেৰেকী কেৱল এটা ব্ৰেণ্ড নহয়; এয়া হৈছে অসমীয়া মহিলাৰ দৃঢ়তা তথা স্বাভিমানৰ প্ৰতিফলন, আৰু আমি এই কাহিনী বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰোঁ।” এই প্ৰচাৰ অভিযান আমাৰ শতিকা পুৰণি স্বৰ্ণিল বয়নসম্পৃক্ত ঐতিহ্যৰে অসমৰ মাদকতাপূৰ্ণ পৰিদৃশ্যাৱলীক উদ্ভাসিত কৰি তোলাৰ প্ৰয়াসৰ দিশে আগবঢ়োৱা প্ৰথমটি খোজ মাথো, যাৰ লানিত ৰৈ আছে এনে অগণিত উন্মেষণৰ ধাৰা।
মেখেলা চাদৰৰ চানেকিৰে অসমৰ বৈচিত্ৰ্যময় অতুল্য সৌন্দৰ্য্যক তুলি ধৰিব পৰাটো আমাৰ বাবে প্ৰকৃতাৰ্থত এক গৌৰৱৰ বিষয়। সময় আগবঢ়াৰ লগে লগে ন ন ডিজাইনাৰ তথা ফেশ্বনপ্ৰেমীয়ে মেখেলা চাদৰক আগ্ৰহেৰে আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। নকৈ নোৱাৰি যে, চেৰেকীৰ সৈতে সংযুক্ত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে পাব মাজুলীৰ অবিস্মৰণীয় স্বাদ, ৰিণি ৰিণিকৈ কাণত বাজিব নামঘৰৰ দবাৰ কোবৰ সুৰ। এই বিশেষত্বক সাৰ্থক ৰূপ দিবলৈ আমি চেষ্টা কৰিছোঁ ইয়াক মাটিৰ স’তে আটিলকৈ ধৰি ৰখাৰ। আমাৰ প্ৰতিখন মেখেলা চাদৰেই বিশেষ, অথচ প্ৰতিখনৰ পৰাই আমি পাওঁ সেই একেই নিভাঁজ অসমীয়া সংস্কৃতি, মাটি আৰু মানুহৰ গোন্ধ।