গুৱাহাটী, ১২ ফেব্ৰুৱাৰী, ২০২৫ : চীনৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ তিব্বতৰ অংশত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰিলে আম আদমী পাৰ্টিয়ে (Aam Admi Party)। বুধবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই এক সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে তিব্বতৰ এই বৃহৎ প্ৰকল্প নিৰ্মাণ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগৰ আহ্বান জনায়।

ইপিনে তিব্বতত নিৰ্মীয়মান নদীবান্ধ প্ৰকল্পক লৈ বিজেপি সাংসদ দিলীপ শইকীয়াই লোকসভাত উদ্বিগ্নতা প্ৰকাশ কৰা সন্দৰ্ভত আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, “বিজেপি দল আৰু চৰকাৰৰ বৃহৎ নদীবান্ধ সন্দৰ্ভত কোনো স্পষ্ট নীতি নাই। কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছিল। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত তেওঁলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। এতিয়া চীনে ছাংপোত নিৰ্মাণ কৰা নদীবান্ধ আৰু ভাৰত চৰকাৰে নিৰ্মাণ কৰা নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পই অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সভ্যতা ধ্বংস কৰিব। এই প্ৰকল্পৰ ফলস্বৰূপে কেতিয়াবা ভয়ংকৰ বানপানী হ’ব। আকৌ ব্ৰক্ষ্মপুত্ৰৰ বুকু বালিচৰত পৰিণত হোৱাৰ সম্ভাৱনাও আছে। উত্তৰ পূৱ ভাৰতৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব।”

আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে চীনৰ সৈতে আলোচনাত মিলিত হ’বলৈ আহ্বান জনায়। আপৰ নেত্ৰীগৰাকীয়ে কয়,’ যিকোনো প্ৰকাৰে তিব্বতৰ প্ৰকল্প বন্ধ কৰিব নোৱাৰিলে সমগ্ৰ উত্তৰ অসমত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। অসমবাসীৰ বাবে ভয়ংকৰ জলসংকট সৃষ্টি হ’ব।’ সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সম্পাদক জয়ন্ত শইকীয়া আৰু সম্পাদক দিতুল বৰুৱাও উপস্থিত থাকে।