গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৫: মহাকুম্ভৰ পূৰ্বে প্ৰয়াগৰাজত (Prayagraj) তিনিটা ভিন্ন গংগা প্ৰবাহ একত্ৰিত কৰি ভক্তসকলৰ বাবে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰাৰ এই মহৎ প্ৰয়াস অসমৰ জল বিশেষজ্ঞসকলৰ বাবে ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনাত তেওঁলোকৰ প্ৰচেষ্টা আৰু অধিক সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ শিক্ষা হ’ব পাৰে। ইয়াৰ উপৰিও গংগাত ভাসমান আৱৰ্জনা নিয়ন্ত্ৰণৰ এই বৃহৎ প্ৰচেষ্টাক অসম চৰকাৰৰ ব্ৰহ্মপুত্ৰ আৱৰ্জনা ব্যৱস্থাপনাৰ পদক্ষেপক আৰু অধিক শক্তিশালী কৰাৰ আৰ্হি হিচাপে ব্যৱহাৰ কৰিব পাৰি।
প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা কেৱল আধ্যাত্মিক মহিমাৰ প্ৰতীক নহয়, অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু পৰিৱেশ ব্যৱস্থাপনাৰ এক উজ্জ্বল নিদৰ্শন হিচাপেও গণ্য কৰা হয়। মহাকুম্ভৰ অন্যতম উল্লেখযোগ্য প্ৰকল্প আছিল ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ড্ৰেজিং অভিযান, য’ত গংগাৰ প্ৰাকৃতিক প্ৰবাহ পুনৰুদ্ধাৰৰ প্ৰয়াস কৰা হৈছিল। এই প্ৰচেষ্টাই নদীখনৰ যাতায়তৰ ক্ষমতা বৃদ্ধি কৰি আৰু ২২ হেক্টৰ মাটি পুনৰ উদ্ধাৰ কৰি মেলাক্ষেত্ৰখন অধিক বিশাল আৰু সুলভ কৰি তুলিছে।
উৎসৱৰ এই সময়ছোৱাত গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। নদীখনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ সপ্তাহৰ সাতোদিনেই ২৪ ঘণ্টীয়া নিয়মীয়া নিৰীক্ষণৰ বাবে একাধিক আৱৰ্জনা স্কিমাৰ নিয়োগ কৰা হৈছে, যিয়ে ফুল, নাৰিকল আৰু অন্যান্য পেলনীয়া বস্তুকে ধৰি ভাসমান আৱৰ্জনা সংগ্ৰহ কৰে। গড়ে প্ৰতিদিনে ১০-১৫ টন আৱৰ্জনা আঁতৰাই প্ৰক্ৰিয়াকৰণৰ বাবে বিশেষ পুনঃব্যৱহাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ মুখ্য সচিব অমৃত অভিজাতে কয় যে নদীখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ উন্নত প্ৰযুক্তি আৰু নিষ্ঠাবান জনশক্তিৰ সমন্বয় নিশ্চিত কৰা হৈছে। তেওঁ লগতে কয় যে নিয়মিতভাৱে আৱৰ্জনা সংগ্ৰহ আৰু পুনঃব্যৱহাৰ কৰি নদীখন প্ৰদূষণমুক্ত কৰি ৰখাত আৱৰ্জনা স্কিমাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইফালে, কুম্ভমেলা কৰ্তৃপক্ষই নিযুক্তি দিয়া ক্লিনটেক ইনফ্ৰাৰ পৰিচালন সঞ্চালক তথা সহ-প্ৰতিষ্ঠাপক গৌৰৱ চোপ্ৰাই কয়, “এই প্ৰকল্পৰ পৰিসৰ সঁচাকৈয়ে আকৰ্ষণীয় আছিল। আমি মেলা প্ৰশাসন, জলসিঞ্চন আৰু জলসম্পদ বিভাগ, আৰু প্ৰয়াগৰাজ পৌৰ নিগমৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিছো, যাতে এই পদক্ষেপে সংগমৰ পবিত্ৰতা বজাই ৰাখি প্ৰয়োজনীয় সকলো মাপকাঠী পূৰণ কৰে।”
লক্ষ্যণীয় যে, এয়া হৈছে নিখুঁত পৰিকল্পনা, কাৰিকৰী দক্ষতা, আৰু প্ৰাকৃতিক বাধা অতিক্ৰম কৰাৰ অদম্য ইচ্ছাৰ এক অনন্য কাহিনী। বিশেষজ্ঞসকলৰ মতে, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অপৰিসীম পৰিৱেশ আৰু অৰ্থনৈতিক গুৰুত্ব থকা ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত একেধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এই পদক্ষেপসমূহ প্ৰতিলিপিযোগ্য আৰ্হি হিচাপে অধ্যয়ন কৰা উচিত।