গুৱাহাটী, ১১ মাৰ্চ, ২০২৫ : অসমৰ (Assam) ৱেব নিউজ পৰ্টেল সমূহৰ বাবে গাইড লাইন প্ৰস্তুত কৰি চৰকাৰী বিজ্ঞাপন প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ জনাইছে জাফাই। ৱেব নিউজ পৰ্টেল সমূহৰ বাবে গাইড লাইন প্ৰস্তুত কৰাৰ লগতে চৰকাৰী বিজ্ঞাপন প্ৰদানৰ বাবে জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাক অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে সাংবাদিক সংগঠন জাফাই।
জনসংযোগ মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত জাফাই উল্লেখ কৰিছে “সাম্প্ৰতিক সময়ত সংবাদ পৰিবেশনৰ ক্ষেত্ৰত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমত ৱেব নিউজ পৰ্টেল সমূহে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। একেদৰে ৱেব নিউজ পৰ্টেল সমূহত বুজন সংখ্যক সাংবাদিক আৰু সংবাদকৰ্মী নিয়োজিত হৈ আছে। কিন্তু ৱেব নিউজ পৰ্টেল সমূহৰ বাবে সংবাদ পত্ৰ তথা টিভি চেনেল সমুহৰ দৰে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুস্পষ্ট নীতি নিৰ্দেশনা বা গাইড লাইন নথকাত একাংশ পোৰ্টেলে হকে বিহকে, সঁচাই মিছাই বাতৰি পৰিৱেশন কৰি সমাজখনত এক অশুভ বাতাবৰণৰ সৃষ্টি কৰি আহিছে।
ফলত সাংবাদিকতা বৃত্তিক পেছা হিচাপে লৈ ৱেব নিউজ পৰ্টেল খোলা আৰু নীতি নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহা ৱেব নিউজ পোৰ্টেলৰ বহু সাংবাদিক তথা সংবাদকৰ্মী অনাহকত বদনামৰ ভাগি হ’ব লগীয়া হৈছে।
তদুপৰি চৰকাৰী নীতি নিৰ্দেশনা নথকাৰ ফলত ৱেব নিউজ পোৰ্টেলত নিয়োজ গৰিষ্ঠসংখ্যক সাংবাদিক আৰু সংবাদকৰ্মীয়ে প্ৰাপ্য মাননী আদায় লাভৰ পৰা বঞ্চিত হৈ আহিছে।
একাংশ দুষ্ট লোকে আকৌ ৱেব নিউজ পৰ্টেল খুলি সংবাদ পৰিবেশনৰ নামত মুকলিকৈ ব্লেক মেইলিঙত নমা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈছে।
এনে পৰিস্থিতত সঁচা অৰ্থত সাংবাদিকতা কৰাৰ বাবে ওলাই আহি নিজাকৈ নিউজ ৱেব পৰ্টেল খোলা সাংবাদিকসকল চৰম আহুকালৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। এই পৰিস্থিতিৰ ওৰ পেলাবলৈ তথা সুস্থ সাংবাদিকতাৰে ৰাজ্যখনত এক সুস্থিৰ পৰিবেশ অটুত ৰখাৰ ৱেব নিউজ পৰ্টেল সমুহৰ বাবে এক গাইড লাইন বা নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ অনুৰোধ জনালোঁ। লগতে আমাৰ নিম্ন লিখিত দাবী সমুহ পূৰণ কৰিব বুলি আশা কৰিলো।
পত্ৰখনত সাংবাদিক জাফাই অসমৰ পৰা সম্প্ৰচাৰিত তথা প্ৰকাশিত প্ৰতিটো ৱেব নিউজ পৰ্টেলৰ বাবে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা এক গাইড লাইন বা নীতি নিৰ্দেশনা প্ৰস্তুত কৰা। এই গাইড লাইনৰ ভিতৰত ৱেব নিউজ পোৰ্টেল সমূহক চৰকাৰীভাৱে পঞ্জীয়নৰ ব্যৱস্থা কৰা। ৱেব নিউজ পৰ্টেলৰ সাংবাদিক সকলোক চৰকাৰী স্বীকৃতি প্ৰদান কৰা। চৰকাৰীভাৱে পঞ্জীয়ন ভুক্ত বেৱ নিউজ পোৰ্টেলক চৰকাৰী বিজ্ঞাপন প্ৰদান কৰাৰ দাবী জনায়।