নিউজ ডেস্ক ১২ মাৰ্চ, ২০২৫ : অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) মেচখনলৈ যিসকল ভি ভি আই পিক আমন্ত্ৰণ জনোৱা হৈছে তাৰভিতৰত অন্যতম হ’ল বলিউদৰ ছুপাৰষ্টাৰ শ্বাহৰূখ খান৷ ৰাজস্থান ৰয়েলছ দলৰ পৰা এই আমন্ত্ৰণ দিয়া হৈছে৷ ইফালে, আৰ আৰৰ আমন্ত্ৰণ ৰক্ষা কৰি বাদশ্বাহ শ্বাহৰূখ খানে গুৱাহাটীলৈ অহাৰ ইচ্চাও প্ৰকাশ কৰিছে৷
উল্লেখ্য যে শ্বাহৰূখ কে কে আৰ দলৰ অন্যতম স্বত্বাধিকাৰী৷ অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন আই পি এলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কে কে আৰৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷
গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথম ঘৰুৱা মেচ খেলাৰ বাবে আৰে আৰে কেবাগৰাকীও বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে৷ ইফালে, বুধবাৰৰ পৰা ৰাজস্থান ৰয়েলছৰ জয়পুৰত ফাইনেল অনুশীলন শিবিৰ আৰম্ভ হ’ব৷
এই শিবিৰত দলটোৰ সকলো ক্ৰিকেটাৰে অংশ ল’ব৷ ইয়াৰপূৰ্বে গুৱাহাটীত হোৱা শিবিৰত দলৰ একাংশ ক্ৰিকেটাৰেহে ভাগ লৈছিল৷ ইফালে, আৰ আৰ দলৰ বিদেশী ক্ৰিকেটাৰ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমিয়েৰ আহি জয়পুৰত উপস্থিত হৈছে৷ ভাৰতীয় ক্ৰিকেটাৰসকলো মঙলবাৰে নিশা উপস্থিত হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈসকল বুধবাৰে আহিব৷ উল্লেখ্য যে এইবাৰ অভিলেখসংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় আই পি এল মেচ উপভোগ কৰিব৷
কাৰণ দূয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট এতিয়া সাত হেজাৰতকৈয়ো কম বিক্ৰি হ’বলৈ বাকী আছে৷ আনহাতে, অহা চ্ছ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰি হৈছে৷