নিউজ ডেস্ক, ১৩ মাৰ্চ, ২০২৫ : ‘এইবাৰ আই পি এলত (IPL) আমাৰ ঘৰুৱা মেচৰ আৰম্ভণি স্বাভাৱিকতে পৃথক আৰু ৰোমাঞ্চকৰ হ’ব৷ কাৰণ এইবাৰ আমি জয়পুৰৰ পৰিবৰ্তে গুৱাহাটীত প্ৰথমখন গৃহ মেচ খেলিম৷ দলৰ অন্য সদস্যৰ লগতে ব্যক্তিগতভাৱে এই বিষয়টো লৈ মই অধিক উৎসাহী৷ ইয়াৰ কাৰণ হ’ল গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমী৷ ইতিমধ্যে যোৱা দুটা ছিজনত আমি গুৱাহাটীত চাৰিখন মেচ খেলিছিলো আৰু আমাক গুৱাহাটীৰ অনুৰাগীয়ে যি মৰমৰে ষ্টেডিয়ামত সমৰ্থন কৰিছে সেয়া ক্ৰিকেট জীৱনৰ স্মৰণীয় মুহূৰ্ত৷ যোৱাবাৰ বৰ্ষা বিঘ্নিত মেচখনতো আমাক সমৰ্থন কৰিবলৈ অনুৰাগীয়ে শেষলৈকে ষ্টেডিয়ামত আছিল৷ এটা দলৰ বাবে এনে সমৰ্থক লাভ কৰাটো গুৰুত্বপূৰ্ণ বিষয় লগতে ক্ৰিকেটাৰৰ বাবে ভাগ্যৰ কথা৷ সেয়ে আমি এনেবোৰ বিষয় লৈ অধিক আশাবাদী হৈছো লগতে এইবাৰো গুৱাহাটীবাসীৰ সমৰ্থন আৰু আশীৰ্বাদে ছিজনৰ আৰম্ভনিক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিশ্বাস ৰাখিছো৷’ এই মন্তব্য আই পি এল দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমচনৰ৷ জয়পুৰত ফাইনেল অনুশীলন শিবিৰত অংশ লৈ ছেমচনে এইদৰে কয়৷
উল্লেখ্য যে অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন আই পি এলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কে কে আৰৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথমবাৰৰ বাবে উদ্বোধনী দুয়োখন ঘৰুৱা মেচ খেলা বিষয়টো লৈ দলটো ৰোমাঞ্চিত হৈ আছে৷ ‘আমি যোৱা দুবছৰ ধৰি গুৱাহাটীৰ উইকেটত খেলি আহিছো আৰু কেৱল মেচ খেলাই নহয়, আমি এই সময়ছোৱাত চাৰিটাকৈ শিবিৰত অংশ লোৱাৰ সুযোগ পাইছো৷ গতিকে, আমি এ চি এ ষ্টেডিয়ামৰ উইকেট তথা আউটফিল্ড লৈ ভালদৰে জ্ঞাত৷ পৰিস্থিতি বুজি পোৱা আৰু খেলপথাৰৰ সৈতে পৰিচিত হোৱা বিষয়টো আমাৰ বাবে যথেষ্ঠ ইতিবাচক৷ ইফালে, আমাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল আমি যেতিয়াই গুৱাহাটীলৈ যাওঁ, তেতিয়াই সমৰ্থকৰ মৰমে আমাৰ দলীয় শক্তিক এটা অনন্য স্তৰলৈ লৈ যায়৷ সামগ্ৰিকভাবে এক ইতিবাচক পৰিৱেশত ছিজনৰ আৰম্ভনি কৰিব পাই আমি সুখী৷’ ছেমচনে লগতে ব্যক্ত কৰে৷
উল্লেখ্য যে ৰাজস্থান ৰয়েলছ আই পি এলৰ প্ৰথমটো দল যিয়ে জন্মস্থানৰ পৰিবৰ্তে দ্বিতীয় ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে নতুন ছিজনৰ আৰম্ভণি কৰিব৷ আচলতে অসম তথা উত্তৰ পূবৰ ক্ৰিকেটপ্ৰেমীৰ সমৰ্থনে ৰয়েলছক এই সিদ্ধান্ত ল’বলৈ একপ্ৰকাৰ ব্যধ্য কৰাইছে৷ যোৱা দুটা ছিজনত গুৱাহাটীৰ দৰ্শকে এ চি এ ষ্টেডিয়ামত উপস্থিতিৰ অভিলেখ গঢ়াৰ পাছত এইবাৰো অনলাইন টিকট ক্ৰয়ৰ নতুন অভিলেখ গঢ়িছে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে৷ এইবাৰ অভিলেখসংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় আই পি এল মেচ উপভোগ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে৷ বুক মাই শ্ব’ত দূয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট এতিয়া পাঁচ হেজাৰতকৈয়ো কম বিক্ৰি হ’বলৈ বাকী আছে৷ আনহাতে, অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰি হৈছে৷ ইফালে, অহা ২৬ মাৰ্চত গুৱাহাটীলৈ শ্বাহৰূখ খান অহাটোও নিশ্চিত হোৱাৰ পাছত আৰ আৰ আৰু কে কে আৰৰ মেচৰ টিকট যোৱা ২৪ ঘণ্টাত অধিক ক্ৰয় কৰিছে উৎসাহী দৰ্শকে৷