গুৱাহাটী, ১৪ মাৰ্চ, ২০২৫ : ২০১৭ চনত ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠান সমূহত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা ৭৩ গৰাকী প্ৰবক্তাক চাকৰিৰ (Job) পৰা বৰ্খাস্ত বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীৱ শইকীয়াই। বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক শীঘ্ৰে চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়।

বিজ্ঞপ্তিটোত ৰাজীৱ শইকীয়াই উল্লেখ কৰে যে ২০১৭ চনত এইসকল মেধা সম্পন্ন প্ৰবক্তাই যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল। ৰাজ্য চৰকাৰে স্থাপন কৰা ১১ খন নতুন পলিটেকনিক প্ৰতিষ্ঠান আৰু বৰাকভেলীৰ ইঞ্জিনীয়াৰিং কলেজৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি এইসকল প্ৰতিষ্ঠাপক প্ৰবক্তাক ২০১৭ চনতে মেধাৰ ভিত্তিত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। অথচ যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰিবলগীয়া হৈছে। অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰাৰ পৰিবৰ্তে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। চৰকাৰৰ এই সিদ্ধান্ত মানৱতা বিৰোধী, গণতন্ত্ৰ বিৰোধী। এখন গণতান্ত্ৰিক দেশত চৰকাৰৰ পৰা প্ৰাপ্য বিচাৰি নাগৰিকৰ আন্দোলন কৰাৰ অধিকাৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাৰ সাংবিধানিক অধিকাৰ কাঢ়ি লৈছে। চৰকাৰে শীঘ্ৰে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰক।

আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে পলিটেকনিক ইনষ্টিটিউটৰ প্ৰবক্তা সকলৰ প্ৰতিটো ন্যায্য দাবী পূৰণৰ আহ্বান জনায়। আনহাতে যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা চচলত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পলিটেকনিক শিক্ষকৰ সমস্যা সমাধানৰ দাবীত চচলৰ ধৰ্ণাথলীত প্ৰতিবাদত অংশগ্ৰহণ কৰে আপ, যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি জিতু ডেকাই। তেওঁ বিগত ৮ বছৰ ধৰি কাম কৰি থকা এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে চাকৰিৰ পৰা অব্যাহিত দিয়াৰ হঠকাৰী নীতিৰ তীব্ৰ সমালোচনা কৰে। চাকৰিত নিযুক্তি প্ৰদানৰ সময়ত পলিটেকনিক প্ৰবক্তা সকলৰ অৰিজিনেল শৈক্ষিক প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট আদি চৰকাৰে জমা লৈ থোৱাৰ ঘটনা ভাৰতৰ ভিতৰতে নজিৰ বিহীন কাণ্ড বুলি মন্তব্য প্ৰকাশ কৰে জিতু ডেকাই।