নিউজ ডেস্ক, ২২ এপ্ৰিল, ২০২৫ : ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱে উত্তৰ পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ নিৰাপত্তা (Safety) ব্যৱস্থা আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ চলি থকা আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু কাম-কাজসমূহৰ পৰ্যালোচনা কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে পৰিদৰ্শন কৰে। তেওঁৰ এই ভ্ৰমণে সমগ্ৰ অঞ্চলতে নিৰাপত্তাৰ মানদণ্ড আৰু পৰিচালন প্ৰস্তুতি বৃদ্ধিৰ ওপৰত ভাৰতীয় ৰে’লৱেৰ ক্ৰমাগত গুৰুত্বক প্ৰতিফলিত কৰিছে।
ভাৰতীয় ৰে’লৱেৰ এক কৌশলগতভাৱে সুপৰিকল্পিত স্পৰ্শকাতৰ অঞ্চল হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই, বাংলাদেশ, ভূটান, চীন আৰু ম্যানমাৰকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ এক অংশীদাৰ। ইয়েই এই অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাপনাক গুৰুত্বপূৰ্ণ আৰু জটিল কৰি তুলিছে। এই পৰিপ্ৰেক্ষিতত, আৰপিএফ সঞ্চালক প্ৰধানৰ দ্বাৰা পৰিদৰ্শন আৰু পৰ্যালোচনাই অঞ্চলটোৰ ভৌগোলিক আৰু কৌশলগত প্ৰেক্ষাপটৰ দ্বাৰা উদ্ভৱ হোৱা অনন্য প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ৰে’লৱে সুৰক্ষা বাহিনীৰ তৎপৰতা নিশ্চিত কৰাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিছে।
ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান গৰাকীয়ে তেখেতৰ ভ্ৰমণকালত ৰে’লৱে সুৰক্ষা বাহিনীৰ আন্তঃগাঁথনিৰ এক পুংখানুপংখ পৰিদৰ্শন কৰাৰ লগতে পৰিচালন সম্পৰ্কীয় পদ্ধতিসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে। তেওঁ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত “মন্থন” নামেৰে ৰে’লৱে সুৰক্ষা বাহিনীৰ নৱনিৰ্মিত কনফাৰেন্স হলত এই ৰে’লৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক ভি. বি. বিশ্বকৰ্মা, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ আইজি কে. অৰুল জোথীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এক অপৰাধ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে, য’ত ৰে’লৱে সুৰক্ষা, অপৰাধ প্ৰতিৰোধ, যাত্ৰী সুৰক্ষা আৰু আৰপিএফৰ অভিযানৰ আধুনিকীকৰণৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। চোৰাংচোৱা তথ্য সংগ্ৰহত শক্তিশালীকৰণ, অন্যান্য আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধি কৰি আৰু উন্নত নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰতো উক্ত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।
সঞ্চালক প্ৰধান গৰাকীয়ে আৰপিএফৰ ব্যৱহাৰৰ বাবে নতুন চাৰিচকীয়া বাহন (১০ খন) আৰু দুচকীয়া বাহন (২৭ খন) ৰ উদ্বোধন কৰে, যাতে পৰিচালন দক্ষতা বৃদ্ধি হয় আৰু দূৰ্ঘটনাৰ সময়ত তাৎক্ষণিক সঁহাৰি নিশ্চিত কৰিব পৰা যায়। ফলপ্ৰসূভাৱে পেট্ৰোলিং, অপৰাধৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে সহাৰি উপলব্ধ কৰা আৰু কৰ্ত্তব্যৰত অৱস্থাত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ উন্নত সেৱাৰ দিশত সহায় কৰাৰ বাবে এই বাহনসমূহ অঞ্চলটোৰ গুৰুত্বপূৰ্ণ স্থানসমূহত নিয়োজিত কৰা হৈছে। এই ভ্ৰমণকালত যাদৱে ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সৈতে তেওঁলোকৰ নিষ্ঠা আৰু ৰে’লৱে নেটৱৰ্কত সুৰক্ষা আৰু নিৰাপত্তা বাহাল ৰখাৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি মত বিনিময় কৰে। তেওঁ ভাৰতীয় ৰে’লৱেৰ নিৰাপত্তা পৰিকাঠামোত এই জোৱানসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মনত ৰাখি সমৰ্পণ আৰু পেছাদাৰীতাৰে তেওঁলোকৰ সেৱা অব্যাহত ৰাখিবলৈ বাহিনীক উৎসাহিত কৰে।
এই ভ্ৰমণৰ অংশ হিচাপে মালিগাঁৱৰ সাংস্কৃতিক প্ৰেক্ষাগৃহ ৰং ভৱনত এক সুৰক্ষা সন্মিলনৰ আয়োজন কৰা হয়, য’ত ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান গৰাকীয়ে আৰপিএফ জোৱানসকলৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। তেওঁ বাহিনীটোৱে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত গুৰূত্ব আৰোপ কৰি আশ্বাস দিয়ে যে আৰপিএফ জোৱানসকলৰ কল্যাণ আৰু সমৃদ্ধিৰ হৈছে এক শীৰ্ষ অগ্ৰাধিকাৰ বিষয়। তেওঁ ৰে’লৱে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে এক অনুপ্ৰেৰিত আৰু সুসমৰ্থিত বাহিনীৰ গুৰুত্বৰ ওপৰত যোৰ দিয়ে। তেওঁ ৰে’ল নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে এক অনুপ্ৰেৰিত আৰু সুসমৰ্থিত বাহিনীৰ গুৰুত্বৰ ওপৰত যোৰ দি তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ দিশত মুকলি আলোচনাক উদগনি দিয়ে। এই ভ্ৰমণে এই গুৰুত্বপূৰ্ণ অঞ্চলটোত ৰে’লযাত্ৰী, ৰে’লসম্পত্তি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আন্তঃগাঁথনি, প্ৰশিক্ষণ আৰু সতৰ্কতাৰ অবিৰত উন্নীতকৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশনাসমূহ সম্পাদন কৰাৰ বাবে আৰু ইয়াৰ সুৰক্ষাৰ উপকৰণসমূহৰ তৎপৰতা অধিক বৃদ্ধি কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ।