গুৱাহাটী, ২৪ এপ্ৰিল, ২০২৫ : বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম খেলো ইণ্ডিয়া (Khelo India) যুৱ ক্ৰীড়ালৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে শতাধিক সংখ্যক ল’ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব৷ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্ছ মানদণ্ডৰ প্ৰতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে অহা ৪ ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷

অসমে অংশ ল’ব লগা খেলসমুহ হৈছে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাডী৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সম্প্ৰতি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসমৰ খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে৷ অহা ২ মে’ত অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হ’ব৷

এইবাৰ অসম দলৰ চিফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক৷ আনহাতে, অৰ্নামিকা নুনিছা ন’ডেল বিষয়াৰূপে থাকিব৷ উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় ১০ হেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

অসমৰ সৰ্বাধিক ১৭ জনীয়া দলটো হ’ল ভাৰোত্তোলনৰ৷ আনহাতে, সাঁতোৰত দহগৰাকীয়ে অংশ ল’ব৷ দেশৰ যুৱ তাৰকা ভাৰোত্তোলক বেদব্ৰত ভাড়ালী, প্ৰতিভাবান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্য, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী প্ৰিয়দৰ্শনীসহ কেবাগৰাকীও উদীয়মান খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিব৷ ইফালে, ভলীবল আৰু কাবাডীত অসমৰ ছোৱালীয়ে যোগ্যতা অৰ্জন কৰাটো ৰাজ্যৰ ক্ৰীড়াৰ বাবে ইতিবাচক ঘটনা৷