নিউজ ডেস্ক, ৬ মে’, ২০২৫ : বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ দ্বিতীয় দিনটোতে অসমে (Assam) সোণৰ পদক লাভ কৰি গৌৰৱময় যাত্ৰাৰ আৰম্ভনি কৰিছে৷ সোমবাৰে অসমে সাঁতোৰত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ৰাজ্যৰ প্ৰতিভাবান সন্তৰণবিদ জনঞ্জয় জ্যোতি হাজৰিকাই অসমৰ হৈ প্ৰথমটো সোণ লাভ কৰি গৌৰৱ অৰ্জন কৰাৰ লগতে ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমক দ্বিতীয়টো পদক দিয়ে আন এগৰাকী নবাগত জলপৰী শুভ্ৰানশ্বিনী প্ৰিয়দৰ্শনীয়ে৷

উল্লেখ্য যে বিহাৰৰ ঐতিহাসিক চহৰ গয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰ প্ৰতিযোগিতা৷ ল’ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাইত অসমক প্ৰতিনিধিত্ব কৰা জনঞ্জয় জ্যোতিয়ে পুৱা ফাইনেল যোগ্যতা নিৰ্ণয় খেলতে প্ৰথম স্থানত থাকি স্বৰ্ণজয়ৰ সাফল্যৰ জিলিকনি অসমৰ শিবিৰলৈ লৈ আনে৷ বিয়লি হোৱা ফাইনেলত জনঞ্জয় জ্যোতিয়ে ২৪.৯৮ ছেকেণ্ডত লক্ষ্যত উপনিত হৈ সোণ লাভ কৰি প্ৰত্যাসিত গৌৰৱময় সফলতা অৰ্জন কৰে৷ উল্লেখ্য যে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰত এয়া অসম সন্তান জনঞ্জয়ৰ ক্ৰমাগত দ্বিতীয়টো সোণৰ পদক৷ বিগত বৰ্ষত চেন্নাইত হোৱা ষষ্ঠ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ল’ৰাৰ এশ মিটাৰ বাটাৰফ্লাইত জনঞ্জয়ে সোণ অৰ্জন কৰিছিল৷ সময় আছিল ৫৫.৫৬ ছেকেণ্ড৷ অৱশ্যে ৫০ মিটাৰ বাটাৰফ্লাইত এয়া জনঞ্জয়ৰ প্ৰথম সোণ৷

ইয়াৰপূৰ্বে ২০২৩ ত মধ্য প্ৰদেশত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ৫০ মিটাৰ বাটাৰফ্লাইত জনঞ্জয়ে ৰূপৰ পদক অৰ্জন কৰিছিল৷ ক্ৰমাগত তিনিখন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক লাভ কৰি জনঞ্জয়ে অনন্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল৷ ইফালে, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপ লাভ কৰা অসম কন্যা শুভ্ৰানশ্বিনীয়ে ছোৱালীৰ দুশ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ অৰ্জন কৰে৷ শুভ্ৰানশ্বিনীয়ে সময় লয় দুই মিনিট ১২.৭৮ ছেকেণ্ড৷ তামিলনাডুত অনুষ্ঠিত বিগত ষষ্ঠ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াতো শুভ্ৰানশ্বিনীয়ে ৫০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ লাভ কৰিছিল৷ আনহাতে, চলিত বৰ্ষতে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰিয়দৰ্শনীয়ে মহিলাৰ ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত ৯.২৮.৪৫ সময়ৰে ৰূপ জয় কৰিছিল৷ সাঁতোৰৰ এই সফলতাৰ লগতে অসমৰ খেলুৱৈয়ে গাটকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷