নিউজ ডেস্ক, ৮ মে’, ২০২৫ : অসমৰ জনঞ্জয় জ্যোতি হাজৰিকাই বিহাৰত (Bihar) চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ঐতিহাসিক চহৰ গয়াত অনুষ্ঠিত যুৱ ক্ৰীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত বুধবাৰে অসমৰ প্ৰতিভাবান সন্তৰণবিদগৰাকীয়ে ল’ৰাৰ এশ মিটাৰ বাটাৰফ্লাইত সোণ অৰ্জন কৰে৷ উল্লেখ্য যে দুদিন পূৰ্বে জনঞ্জয় জ্যোতিয়ে ল’ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাইত শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমক প্ৰথমটো সোণ জয়ৰ গৌৰৱময় সফলতা দিছিল৷
প্ৰথমবাৰৰ বাবে এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুটাকৈ সোণ লাভ কৰি অনন্য সাফল্যৰ অধিকাৰী হৈছে জনঞ্জয়৷ আনহাতে, ক্ৰমাগত দুখন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত এশ মিটাৰ বাটাৰফ্লাইত সোণ অৰ্জন কৰিও ৰাষ্ট্ৰীয় স্তৰত নিজৰ শ্ৰেষ্ঠত্ব অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে জনঞ্জয়ে৷ ইয়াৰপূৰ্বে বিগত বৰ্ষত চেন্নাইত হোৱা ষষ্ঠ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ল’ৰাৰ এশ মিটাৰ বাটাৰফ্লাইতো জনঞ্জয়ে সোণ অৰ্জন কৰিছিল৷ সময় আছিল ৫৫.৫৬ ছেকেণ্ড৷ কিন্তু অসম সন্তানগৰাকীয়ে প্ৰদৰ্শন উন্নত কৰিবলৈ সক্ষম হয়৷ ৫৫.৫২ ছেকেণ্ডতে লক্ষ্যত উপনিত হৈ স্বৰ্ণ পদকৰ অধিকাৰী হয় জনঞ্জয়৷
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত এয়া জনঞ্জয়ৰ সামগ্ৰিকভাৱে তৃতীয়টো সোণৰ পদক৷ ইফালে, অসমৰ প্ৰতিভাবান টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যই চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ল’ৰাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ প্ৰিয়ানুজ ভট্টাচাৰ্যই কৰ্ণাটকৰ বৰুণ কাশ্যপক ৩-০ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় জয়ৰে অন্তিম আঠত প্ৰৱেশ কৰে৷ অপৰাজেয় প্ৰিয়ানুজে ৰাজগিৰত অনুষ্ঠিত টেবুল টেনিছৰ ১৮ বছৰ অনুৰ্ধৰ শাখাৰ প্ৰথম মেচত মনিপুৰৰ ছেগাল সিঙক ৩-০ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাইছিল৷
ইফালে, ভলীবলৰ পাছত অসমৰ ছোৱালীৰ কাবাদী দলেও হতাশজনক প্ৰদৰ্শন কৰি গ্ৰুপতে অভিযান সমাপ্ত কৰিছে৷ মঙলবাৰে নিশা নিৰ্ণায়ক মেচত উত্তৰ প্ৰদেশে ৫১-২১ ৰ ব্যৱধানত পৰাস্ত কৰে অসমক৷ উল্লেখ্য যে অসমৰ ভলীবল আৰু কাবাদী দলে এখনো মেচত জয় অৰ্জন কৰিবলৈ সক্ষম নহ’ল৷ একেদৰে গাটকাৰ অসম দলেও কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়৷ জনঞ্জয় জ্যোতিৰ দুটা সোণসহ চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত এতিয়ালৈকে অসমে তিনিটা পদক লাভ কৰিছে৷ অসমে সাঁতোৰতে তিনিওটা পদক অৰ্জন কৰিছে৷ অসমৰ হৈ আনটো পদক লাভ কৰে আন এগৰাকী নবাগত জলপৰী শুভ্ৰানশ্বিনী প্ৰিয়দৰ্শনীয়ে ছোৱালীৰ দুশ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ অৰ্জনৰে৷