নিউজ ডেস্ক, ১২ মে’, ২০২৫ : অসমৰ নৱাগত মহিলা ভাৰোত্তোলক আইছাংফা গগৈয়ে কেৰিয়াৰৰ প্ৰথমখন স্বীকৃত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি চলিত সপ্তম খেলো ইণ্ডিয়া (Khelo India) যুৱ ক্ৰীড়াত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছোৱালীৰ ৫৫ কিলোগ্ৰাম শাখাত আইছাংফাই স্নেছত ৮১ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১০২ কেজি ওজন উত্তোলন কৰি সোণ অৰ্জনৰ লগতে দুটাকৈ অভিলেখো ভংগ কৰে৷

অসম কন্যাই স্নেছত ৮১ কেজি উত্তোলন কৰি প্ৰথমটো ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পাছত সামগ্ৰিকভাৱে মুঠ ১৮৩ কেজি উত্তোলন কৰিও নতুন ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হয়৷ ইফালে, আইছাংফাৰ স্বৰ্ণৰে অসমেও খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত সোণ জয়ৰ নতুন অভিলেখ গঢ়ে৷ চলিত প্ৰতিযোগিতাত এয়া অসমৰ ষষ্ঠটো সোণ হোৱাৰ বিপৰীতে বাহিৰত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত এয়াই অসমৰ সৰ্বাধিক স্বৰ্ণ জয়ৰ সাফল্য৷

ইয়াৰপূৰ্বে যোৱা বছৰ তামিলনাডুত অসমে পাঁচটা সোণ লাভ কৰিছিল৷ অৱশ্যে গুৱাহাটীত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত আয়োজক অসমে মুঠ ২০ টা সোণ অৰ্জন কৰিছিল৷ আইছাংফাৰ সোণৰ লগতে ভাৰোত্তোলনত অসমে আৰু এটা ৰূপ জয় কৰি এতিয়ালৈকে মুঠ দহটা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ল’ৰাৰ ৬৭ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে অসম সন্তান অভিনৱ গগৈয়ে৷ ভাৰোত্তোলনত এয়া অসমৰ তৃতীয়টো পদক৷

অভিনৱে স্নেছত ১১৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৩৫ কেজি ওজন উত্তোলন কৰে৷ তেওঁ ক্লিন এণ্ড জাৰ্কৰ প্ৰথমটো প্ৰয়াসতে ১৩৫ কেজি উত্তোলন কৰাৰ পাছত ১৪২ কেজিৰ লক্ষ্য লৈছিল যদিও পৰবৰ্তী দূয়োবাৰে ব্যৰ্থ হয়৷ কিন্তু ৰাজগিৰিত সকলোকে চমক দিয়ে নৱাগতা আইছাংফাই৷ দৃঢ়তা প্ৰদৰ্শন কৰা অসম কন্যাই স্নেছৰ তিনিটা প্ৰয়াসতে ক্ৰমে ৭৫, ৭৯ আৰু অভিলেখৰ ৮১ কেজি সফলতাৰে উত্তোলন কৰাৰ পাছত ক্লিন এণ্ড জাৰ্কৰ তিনিওটা প্ৰয়াসতো সফলতা লাভ কৰি ক্ৰমে ৯৫, ৯৯ আৰু ১০২ কেজি ওজন উত্তোলন কৰে৷

উল্লেখ্য যে বিগত বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ভাৰোত্তোলনত অসমে তিনিটা পদক পাইছিল যদিও সোণ নাছিল৷ আইছাংফাইৰ জড়িয়তে এইবাৰ অসমে ভাৰোত্তোলনত প্ৰথমটো স্বৰ্ণ জয় কৰিলে৷ ইফালে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা ছেপাকটাক্ৰ’ৰ ল’ৰাৰ ডাবলছ শাখাত অসমে বিহাৰক ১৫-১৩, ১৭-১৫ ৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে৷ স্বৰ্ণজয়ী অসম দলৰ তিনি সদস্য হ’ল এম থৈবা সিনহা, প্ৰিন্স সিনহা আৰু অভিজিত সিনহা৷

উল্লেখ্য যে এই স্বৰ্ণ লাভ কৰি অসমে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ইতিহাসত ১৫০ টা পদক অৰ্জনৰ গৌৰৱ লাভ কৰিছে৷ ২০১৮ ৰ পৰা আৰম্ভ হোৱা ভাৰত চৰকাৰৰ প্ৰতিভা সন্ধানী ক্ৰীড়া প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ নতুন দিল্লীৰ উদ্বোধনী বৰ্ষত অসমে এটাকৈ সোণ-ব্ৰঞ্জ আৰু দুটা ৰূপসহ চাৰিটা পদক লাভ কৰিছিল৷ পৰবৰ্তী পুনেৰ দ্বিতীয় সংস্কৰণত অসমে দহটা পদক পায়৷ ইয়াৰে তিনিটা সোণ, দুটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ৷ ২০২০ ত গুৱাহাটীত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে ২০ টা সোণ, ২২ ৰূপ আৰু ৩৪ ব্ৰঞ্জসহ ৭৬ টা পদক পাইছিল৷ এয়াই অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷

কৰ’না মহামাৰীৰ বাবে এবছৰ প্ৰতিযোগিতা বন্ধ থাকে৷ ২০২২ ত হাৰিয়ানত অসমে ২১ টা পদক লাভ কৰিছিল, যত দুটা সোণ, এঘাৰটা ৰূপ আৰু আঠটা ব্ৰঞ্জ আছিল৷ ২০২৩ ত মধ্যপ্ৰদেশত অসমে দুটাকৈ সোণ-ব্ৰঞ্জ আৰু তিনিটা ৰূপসহ সাতটা পদক লাভ কৰিছিল৷ আনহাতে, বিগত বৰ্ষত তামিলনাডুৰ ষষ্ঠ সংস্কৰণত অসমে পাঁচটা সোণ, আঠটা ৰূপ আৰু এঘাৰটা ব্ৰঞ্জসহ ২৪ টা পদক লাভ কৰিছিল৷ ইফালে, আজি ভাৰোত্তোলক অভিনৱে পদক লাভ কৰাৰ লগে লগে অসমে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ৰূপৰ পদক জয়ৰো অৰ্ধশতক পূৰ্ণ কৰিলে৷