নগাঁও, ১৭ মে’, ২০২৫ : উত্তৰ-পূবৰ ৰে’ল (NF Railway) আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশ সম্পূৰ্ণ কৰিছে, যাৰ ফলত হয়বৰগাঁও ষ্টেচনক আধুনিক, যাত্ৰীকেন্দ্ৰিক আৰু সৰ্বাংগীন ভ্ৰমণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।
নগাঁৱৰ ঐতিহাসিকভাৱে উল্লেখযোগ্য এলেকা হয়বৰগাঁও, অসমৰ পৰিবহণ আৰু সাংস্কৃতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ১৮৮৭ চনত স্থাপিত হয়বৰগাঁও ৰে’লৱে ষ্টেচনে আঞ্চলিক সংযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পুনৰ উন্নয়নৰ পদক্ষেপে উন্নত আন্তঃগাঁথনি আৰু সুবিধাৰ জৰিয়তে যাত্ৰী অভিজ্ঞতা বৃদ্ধি আৰু স্থানীয় অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
এই পুনৰ্বিকাশত ষ্টেচনৰ চাৰ্কোলেটিং এলাকাৰ সম্পূৰ্ণ সংস্কাৰ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত সুশৃংখল পাৰ্কিং জ’ন, পিক-আপ আৰু ড্ৰপ অফৰ বাবে নিৰ্দিষ্ট লেন, আৰু পথচাৰীৰ পদপথ বহল কৰা ইত্যাদি আছে। যাত্ৰীসকলৰ বাবে এটা নতুন ভৱ্য প্ৰৱেশদ্বাৰো নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ষ্টেচনটোৰ সুলভতা আৰু সৌন্দৰ্য্য দুয়োটা বৃদ্ধি হৈছে। আধুনিক বুকিং কাউণ্টাৰৰ সৈতে উন্নত সন্মুখভাগ আৰু উন্নত কনকৰ্চে যাত্ৰীৰ সুবিধাৰ প্ৰতি নতুনকৈ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
প্ৰকল্পটোৰ এক মুখ্য কেন্দ্ৰবিন্দু হৈছে অন্তৰ্ভূক্তি। ৰেম্প, টেকটাইল টাইলছ, সুলভ শৌচালয় আৰু নিৰ্দিষ্ট পি আৰ এছ কাউণ্টাৰকে ধৰি দিব্যাংজানৰ বাবে বিশেষ সুবিধাসমূহ ষ্টেচনৰ বিন্যাসত একত্ৰিত কৰি সাৰ্বজনীন প্ৰৱেশযোগ্যতা নিশ্চিত কৰা হৈছে। আধুনিক মডিউলাৰ শৌচালয়, শিশুৰ খাদ্য প্ৰদানৰ কোঠা আৰু শিশুৰ খেলাৰ স্থানৰ দৰে সুবিধাই মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বিভিন্ন ভ্ৰমণকাৰী গোটৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
যাত্ৰীসকলে এতিয়া স্থানীয় কলা আৰু সাংস্কৃতিক ম্যুৰেলেৰে সজ্জিত এটা উন্নত জিৰণীকোঠা, প্লেটফৰ্মৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত এটা জলপান কক্ষ, আৰু পুনৰ নিৰ্মিত প্লেটফৰ্ম পৃষ্ঠ উপভোগ কৰিব পাৰে। একাধিক থিমযুক্ত স্থাপনাৰে উন্নত পোহৰ আৰু উন্নত যাত্ৰী তথ্য ব্যৱস্থাই দিনে-নিশাই নিৰাপদ ভ্ৰমণ পৰিৱেশ নিশ্চিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বহনক্ষমতা আৰু স্থানীয় সবলীকৰণৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে “এক ষ্টেচন এক পণ্য” পদক্ষেপৰ অধীনত কিয়স্ক আৰু পৰিবেশ উপোযোগী লেণ্ডস্কেপিং সংযোজন কৰা হৈছে।
এই প্ৰচেষ্টাই কেৱল ষ্টেচনৰ পৰিসৰক সৌন্দৰ্য্যবৰ্ধন কৰাই নহয়, স্থানীয় কাৰিকৰ আৰু সেউজ পদ্ধতিকো সমৰ্থন কৰে। ষ্টেচনৰ নিম্ন ভূ-প্রকৃতি আৰু বানপানীৰ আশংকাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো উত্তৰ-পূব সীমান্ত ৰে’লৱেই দক্ষ নিষ্কাশন উন্নীতকৰণ, উচ্চ আন্তঃগাঁথনি পৰিকল্পনা আৰু উন্নত স্থান ব্যৱহাৰৰ জৰিয়তে মূল সমস্যাসমূহ সফলতাৰে সমাধান কৰিছে। এই পৰিৱৰ্তনে ভৌতিক উন্নীতকৰণৰ বাহিৰেও বাণিজ্যিক স্থান, পৰ্যটকৰ সুবিধা কেন্দ্ৰ আৰু শিশু উদ্যান আৰু পুখুৰীৰ উন্নয়নক সামৰি লৈছে, যাৰ ফলত ষ্টেচনটো সম্প্ৰদায়-অনুকূল অঞ্চল হৈ পৰিছে।