সোণাপুৰ, ২১ মে, ২০২৫ : ডিমৰীয়া (Dimoria) বিধানসভা সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নৰতাপত যোৱা ১৬ এপ্ৰিল তাৰিখে দিব্যজ্যোতি পাটৰ নামৰ এজন যুৱক মটৰ চাইকেল চলাই গৈ থকা অৱস্থাত ব্লেড ফেঞ্চিঙত লাগি মৃত্যুমুখত পৰিছিল। সোণাপুৰ চাহ বাগিছাৰ লুৰি শাখাৰ চৌহদত দিয়া ব্লেড ফেঞ্চিঙত লাগি ২৫ বছৰীয়া যুবকজনৰ মৃত্যু হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ লগতে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘকে ধৰি বিভিন্ন দল সংগঠনে সোণাপুৰ চাহ বাগিছাৰ মালিক তথা পৰিচালকৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
সমান্তৰালভাৱে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু ডিমৰীয়াৰ সম জিলা আয়ুক্তক উক্ত ঘটনাৰ উপযুক্ত তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰৰ ভিত্তিত সম জিলা আয়ুক্তই ২১ মে’ তাৰিখে তাৎক্ষণিক ভাবে সোণাপুৰ চাহ বাগিছাৰ এলেকাত থকা সকলো ব্লেড ফেঞ্চিং আঁতৰাবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে চাহ বাগিছাৰ ব্লেড ফেঞ্চিঙত লাগি ইতিপূৰ্বে বহু জীৱ জন্তুৰ প্ৰাণনাশ হোৱাৰ ওপৰিও বহু লোক আঘাটপ্ৰাপ্ত হৈছে। সোণাপুৰ চাহ বাগিছাৰ মালিকপক্ষই মাত্ৰ দুৰ্ঘটনা হোৱা স্থানৰ আশে পাশে অলপ স্থানত এই ফেঞ্চিং আঁতৰাই দায়িত্ব সামৰে।
আজি ডিমৰীয়া সম জিলাৰ সহকাৰী আয়ুক্ত মনোজ কুমাৰ দত্তৰ নেতৃত্বত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, ডিমৰীয়া বিকাশ মঞ্চৰ এটি সঁজাতী দলে নৰতাপ, আমগুৰি, ডিগাৰু গেট, হহঁৰা আদি অঞ্চল পৰিভ্ৰমণ কৰি সমগ্ৰ ঘটনাৰ চৰজামিন তদন্ত কৰে। পৰিদৰ্শনৰ অন্তত প্ৰশাসনে সোণাপুৰ চাহ বাগিছাৰ কৰ্তৃপক্ষক অহা ৭ দিনৰ ভিতৰত সকলো ব্লেড ফেঞ্চিং খুলিবলৈ লিখিত নিৰ্দেশনা প্ৰদান কৰে।
সঁজাতী দলটোৱে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা দিব্যজ্যোতি পাটৰৰ পিতৃক সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদেনা জ্ঞাপন কৰে। অতিশীঘ্ৰে বাগান কৰ্তৃপক্ষই মৃত যুৱকজন সঠিক ক্ষতিপূৰণ প্ৰদানৰ লগতে হহঁৰা, ক্ষেত্ৰী, নৰতাপ , কমাৰকুছি আৰু সোণাপুৰৰ চাহ বাগানৰ সকলো ব্লেড ফেঞ্চিং আঁতৰ নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সংগঠনকেইটাই সঁকিয়াই দিয়ে।
সঁজাতী দলটোত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেণ ইংতি, ডিমৰীয়া বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা দিব্য জ্যোতি মেধি, আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামী, উপসভাপতি ৰিংকু ডেকা, কাৰ্বি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কৌশিক ৰংপি, নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমৰীয়া সমিতিৰ সভাপতি অজিত খাখলাৰী , ডিমৰীয়া জিলা জনজাতি সংঘৰ নেতা মুকুন্দ বে,বিদ্যাধৰ দৈমাৰী, বীৰেণ বাংঠাই , আটছাৰ ডিমৰীয়া সমিতিৰ প্ৰাক্তন সভাপতি তৰুণ ওৰাঙকে ধৰি বহু দল-সংগঠনৰ নেতা উপস্থিত থাকে।