গুৱাহাটী, ২৩ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৩ মে’ ২০২৫ তাৰিখে গুৱাহাটীৰ মালিগাঁওস্থিত ইয়াৰ মূখ্য কাৰ্যালয়ৰ সন্মিলন কক্ষত বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপনৰ আৰম্ভণিৰ সূচনাস্বৰূপে এক প্ৰাৰম্ভিক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানটোত ৰে’লৱেৰ সকলো পিএইছঅ’ডি, এইছঅ’ডি আৰু বিষয়াসকলৰ উপস্থিতিত আৰম্ভ হয়, য’ত বিভিন্ন মাণ্ডলিক কাৰ্যালয়সমূহৰ বিষয়াসকলে ভিডিঅ’ লিংকৰ জৰিয়তে নিজৰ নিজৰ কাৰ্যালয়ৰ পৰা অংশগ্ৰহণ কৰে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু মুখ্য অতিথিৰূপে চেন্নাই মেট্ৰোৰ উপদেষ্টা, ডি পি দাসৰ উপস্থিতিয়ে এই অনুষ্ঠানটো আৰু অধিক গৌৰৱময় কৰি তোলে। এই অনুষ্ঠানটোৱে ৰে’লৱে পৰিচালনৰ বহনক্ষম প্ৰয়োগৰ তাৎপর্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ২৩ মে’ৰ পৰা ৫ জুন, ২০২৫ তাৰিখ পৰ্যন্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন উপলক্ষে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে এটি প্ৰদৰ্শণী অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানটোৰ অন্যতম মূখ্য আকৰ্ষণ আছিল পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে চেন্নাই মেট্ৰোৰ পৰামৰ্শদাতা ডি পি দাসৰ দ্বাৰা প্ৰদান কৰা এক অন্তৰ্দৃষ্টিপূৰ্ণ অতিথি বক্তৃতা। তেওঁৰ বক্তৃতাই চহৰ অঞ্চলসমূহৰ পৰিবহণ ব্যৱস্থাত আধুনিক প্ৰযুক্তিৰ আৰু পৰিৱেশ-সচেতন পৰিকল্পনাৰ সংযোগৰ গুৰুত্ব বিশেষকৈ উল্লেখ কৰা হৈছিল। এই অনুষ্ঠানটোত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ বাবে উদ্ভাৱনীমূলক গতিবিধিৰ গ্ৰহণৰ দিশত প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰাৰ লগতে সমগ্ৰ অঞ্চলত কৰ্মৰত হৈ থকা বিষয়াবৰ্গৰ মূল্যবান জ্ঞান অৰ্জনৰ সুযোগ আগবঢ়াইছে।

এই অনুষ্ঠানটোৱে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ দায়িত্বশীল পৰিৱেশগত ৰে’লৱে পৰিচালনৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰতিপন্ন কৰাৰ এক মঞ্চ হিচাপে কাৰ্য কৰিলে আৰু কৰ্মচাৰীসকলৰ মাজত জলবায়ু স্থিতিশীলতা, সেউজ শক্তি আৰু পৰিৱেশ-বান্ধৱ আন্তঃগাঁথনিৰ তাৎপৰ্যৰ সন্দৰ্ভত ইয়াৰ কৰ্মশক্তিৰ সজাগতা বৃদ্ধি কৰিলে। এই পদক্ষেপে, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰিবহনৰ সা-সুবিধাসমূহৰ একত্ৰিতকৰণেৰে সৈতে বিশ্বজনীন বহনক্ষমতাৰ লক্ষ্যসমূহৰ সৈতে সংযুক্ত কৰি আগুৱাই গৈ আছে।