নিউজ ডেস্ক, ২৭ মে’, ২০২৫ : পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰতি চলি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আৰু ২০২৫ চনৰ বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপন উপলক্ষে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ২৫ মে’ৰ পৰা ২৭ মে’ ২০২৫ লৈ এক ব্যাপক স্বচ্ছতা অভিযান চলাই আছে। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে বহনক্ষম অনুশীলনসমূহৰ প্ৰচাৰ-প্ৰসাৰ কৰা, সাধাৰণ নাগৰিকৰ অংশগ্ৰহণক উৎসাহিত কৰা আৰু সমগ্ৰ ৰে’লৱে চৌহদত প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰা। ইয়াৰ সমগ্ৰ ষ্টেচনসমূহত আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি উন্নত কৰাত এই পদক্ষেপে গুৰুত্ব বহন কৰিছে।
প্লেটফৰ্মত আৱৰ্জনা পৃথকীকৰণ পাত্ৰ ৰখা হৈছে লগতে যাত্ৰীসকলক ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে সচেতন কৰাৰ বাবে জনসচেতনতামূলক অভিযান চলোৱা হৈছে। ৰে’লৱে ষ্টেচন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলোৱা হৈছে, য’ত স্থানীয় বাসিন্দা আৰু বেচৰকাৰী সংস্থাসমূহেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰিবলৈ আইআৰচিটিচিয়ে এক সজাগতা অভিযানৰ জৰিয়তে প্লাষ্টিকবিহীন, পৰিবেশ-অনুকূল, জৈৱ-অবক্ষয়যোগ্য কাটলেৰী ব্যৱহাৰৰ প্ৰচাৰ কৰি আছে। আৱৰ্জনা পৃথকীকৰণৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অতিৰিক্ত বিন স্থাপন কৰা হৈছে আৰু যাত্ৰীসকলক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
তদুপৰি ৰে’লৱে কৰ্মচাৰীসকলক আৱৰ্জনা পৃথকীকৰণৰ সঠিক পদ্ধতিৰ প্ৰতি সংবেদনশীল কৰা হৈছে, জৈৱিক আৱৰ্জনা ব্যৱস্থাপনা আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। বিশ্ব পৰিৱেশ দিৱস ২০২৫ ৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিৱেশ সজাগতা আৰু বহনক্ষমতা বৃদ্ধি কৰাৰ বাবে মণ্ডলসমূহত কেইবাটাও প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰিছে। তিনিচুকীয়াৰ ডিআৰএম কাৰ্যালয়ত শপত বাক্য পাঠ অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়, তাৰ পিছত এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ বিৰুদ্ধে পোষকতা কৰিবলৈ ৱাকাথন অনুষ্ঠিত হয়। নিউ আলিপুৰদুৱাৰ ষ্টেচনত ক্ৰমে ২৪ আৰু ২৫ মে’ত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু আৱৰ্জনা পৃথকীকৰণ বিনৰ সঠিক ব্যৱহাৰৰ ওপৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰিও আলিপুৰদুৱাৰ ৰে’লৱে কলনীত প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে বাসিন্দাসকলক সচেতন কৰাৰ বাবে আৰু পৰিৱেশ অনুকূল পদ্ধতিক উৎসাহিত কৰাৰ বাবে ঘৰে ঘৰে অভিযান চলোৱা হয়। এই কাৰ্য্যকলাপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ স্বচ্ছ আৰু সেউজ পৰিৱেশৰ প্ৰতি চলি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে। একে সময়তে ২২ মে’ত ডিব্ৰুগড় কাৰখানাত বিশ্ব পৰিৱেশ দিৱস ২০২৫ অভিযান আৰম্ভ কৰা হয়, তাৰ পিছত একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ কু-প্ৰভাৱ সম্পৰ্কে কৰ্মচাৰীসকলক জ্ঞান প্ৰদান আৰু বহনক্ষম বিকল্প প্ৰচাৰৰ বাবে ২৪ মে’ পৰ্যন্ত সজাগতা অভিযান চলোৱা হয়।
এই অভিযানত সাংস্কৃতিক আৰু শৈক্ষিক মাত্ৰা সংযোজন কৰি তিনিচুকীয়া আৰু ডিব্ৰুগড়ত মাণ্ডলিক ৰে’লৱে হাস্পতালে আৱৰ্জনা হ্ৰাস আৰু পৃথকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাটৰ নাট অনুষ্ঠিত কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰদৰ্শন, শপত বাক্য পাঠ আৰু কৰ্মশালা আয়োজন কৰা হয়। অভিযানৰ প্ৰচাৰ-প্ৰসাৰ আৰু প্ৰভাৱ বৃদ্ধিৰ বাবে মুখ্য ষ্টেচনসমূহত পোষ্টাৰ আৰু বেনাৰও প্ৰদৰ্শিত কৰা হৈছিল। এই বহুমুখী অভিযানৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিলে আৰু স্বচ্ছ, সেউজ ভৱিষ্যতৰ বাবে সামূহিক পদক্ষেপক উৎসাহিত কৰিলে।