নিউজ ডেস্ক, ২৩ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী অভিজ্ঞতা আৰু অধিক উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ১ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনিখন গুৰুত্বপূৰ্ণ ৰে’ল (Three Important Rail) সেৱাত স্থায়ীভাৱে ডবা সংযোজন কৰিছে আৰু এখন ৰে’ল সেৱাত অস্থায়ীভাৱে ডবা সংযোজনৰ সময়সীমা বৃদ্ধি কৰিছে। এই পদক্ষেপসমূহ-যাত্ৰীৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ, চলমান ৰে’লৱে সা-সুবিধাসমূহৰ উন্নতি আৰু ইয়াৰ নেটৱৰ্কত ভ্ৰমণৰ গুনগতমান বৃদ্ধি কৰাৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অটুট প্ৰতিশ্ৰুতিৰেই এক অংশ। 

ৰে’ল নং. ১২০৪২/১২০৪১ নিউ জলপাইগুড়ী জংচন-হাওড়া জংচন-নিউ জলপাইগুড়ী জংচন (শতাব্দী) এক্সপ্ৰেছ যি সপ্তাহত ছয় দিন চলাচল কৰে, এই ৰে’লখনত এটা ভিস্তাডোম ডবাৰ স্থায়ীভাৱে সংযোজন কৰিছে, বিশেষকৈ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে যাত্ৰা কৰাসকলৰ ভ্ৰমণ অভিজ্ঞতা আৰু অধিক সমৃদ্ধি হ’ব। এই সংযোজনৰ সৈতে, এতিয়া এই ৰে’লখন সৰ্বমুঠ ১৫ টা ডবাৰ সৈতে চলাচল কৰিব। সংশোধিত গঠনটো ১ জুলাই ২০২৫ তাৰিখৰ পৰা নিউ জলপাইগুড়ী আৰু হাওড়া জংচন উভয় ষ্টেচনৰ পৰা কাৰ্যকৰী হ’ব।

একেদৰে, ৰে’ল নং. ১২০৬৭/১২০৬৮ গুৱাহাটী-যোৰহাট টাউন-গুৱাহাটী (জন শতাব্দী এক্সপ্ৰেছ) ৰে’লখনত, যি সপ্তাহত ছয়দিন চলাচল কৰে, যাত্ৰীসকলক অধিক চমকপ্রদ আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে এটা ভিস্তাডোম ডবা স্থায়ীভাৱে সংযোজন কৰিছে। এই নতুন সংযোজনৰ পিছত এতিয়া সৰ্বমুঠ ১৬ টা ডবা সন্মিলিত কৰা হৈছে। সংযোজিত গঠনটো ১ জুলাই, ২০২৫ তাৰিখৰ পৰা গুৱাহাটী আৰু যোৰহাট টাউন উভয়ৰে ষ্টেচনৰ পৰা কাৰ্যকৰী হ’ব।

ইয়াৰ উপৰিও ৰে’ল নং ১৫৪১৭/১৫৪১৮ আলিপুৰদুৱাৰ জংচন-শিলঘাট টাউন-আলিপুৰদুৱাৰ জংচন (ৰাজ্য ৰাণী এক্সপ্ৰেছ) ৰে’লখন, যি সপ্তাহত তিনিদিন চলাচল কৰে, এটা অতিৰিক্ত এচি-৩ টায়াৰ ডবাৰ স্থায়ীভাৱে সংযোজন কৰিছে। যাত্ৰী পৰিবহন সক্ষমতা বৃদ্ধি আৰু ভ্ৰমণ অধিক আৰামদায়ক কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংযোজনৰ ফলত এতিয়া ৰে’লখন মুঠ ১২ টা ডবাৰ সৈতে চলাচল কৰিব। সংশোধিত গঠন ১ জুলাই, ২০২৫ তাৰিখৰ পৰা আলিপুৰদুৱাৰ জংচন আৰু ২ জুলাই ২০২৫ তাৰিখৰ পৰা শিলঘাট টাউন ষ্টেচনৰ পৰা কাৰ্যকৰী হ’ব।

যাত্রীকেন্দ্ৰিক পদক্ষেপসমূহৰ অংশস্বৰূপ, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল নং. ১৫৭১৩/১৫৭১৪ কাটিহাৰ-পাটনা-কাটিহাৰ (ইন্টাৰচিটি এক্সপ্ৰেছ) ৰ অস্থায়ীভাৱে ডবা সংযোজনৰ সময়সীমা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিছে। ৰে’লখন এতিয়া ১ জুলাই, ২০২৫ ৰ পৰা ৩০ জুন, ২০২৬ তাৰিখলৈকে নিৰ্ধাৰিত দিনসমূহত এটা অতিৰিক্ত এয়াৰ-কণ্ডিচন ৩-টায়াৰ ইক’নমী ডবাৰ সৈতে চলাচল অব্যাহত ৰাখিব, এই পদক্ষেপে যাত্ৰীৰ সুগম ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে যাত্ৰীসকলৰ স্থায়ী চাহিদা পূৰণ কৰিব।

মনোৰম দৃশ্যৰ পথসমূহত ভিস্তাডোম ডবাৰ সংযোজনৰ ফলত, বিশেষকৈ পৰ্যটকসকলৰ বাবে ভ্ৰমণ অভিজ্ঞতা উল্লেখযোগ্যভাবে উন্নত হ’ব বুলি আশা কৰা হৈছে। এই সক্রিয় পদক্ষেপসমূহে সুৰক্ষিত, অধিক আৰামদায়ক আৰু স্বচ্ছ ৰে’লসেৱা প্ৰদানৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অটল প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।