গুৱাহাটী, ১৪ জুলাই ২০২৫ : দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা কোম্পানী (Jeevan Bima Company) ভাৰতী এক্সা লাইফ ইন্স্যুৰেন্সে আজি ঘোষণা কৰে কোম্পানীটোৰ নতুন ফ্লেগশ্বিপ জীৱন বীমা আঁচনি ‘ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেন’। উল্লেখ্য যে, এক সহজ, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য সঞ্চয় আৰু সমাধান বিচৰা দেশৰ মধ্যবিত্ত বৰ্গৰ পৰিয়ালৰ বাবে মূলতঃ প্ৰস্তুত কৰা হৈছে এই বীমা আঁচনি।

প্ৰণিধানযোগ্য যে, ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেনৰ মূল মন্ত্ৰ হৈছে “সঞ্চয়ৰ লগতে সুৰক্ষা”। এই পৰিকল্পনাই গ্ৰাহকসকলক বছৰি প্ৰিমিয়ামৰ ৩০ গুণ পৰ্যন্ত জীৱনবীমাৰ কভাৰেজ প্ৰদান কৰাৰ (ৰাইডাৰ যোগ কৰিলে এই কভাৰেজ ৫০ গুণলৈ বৃদ্ধি পাব পাৰে) লগতে নিশ্চিত ৰিটাৰ্ণৰ সুবিধা আগবঢ়াব। যাৰ ফলত ভাৰতৰ যুৱ পেছাদাৰী, ব্যৱসায়ী, কৰ্মচাৰী, আৰু নিয়মীয়া, সুৰক্ষিত বিত্তীয় পৰিকল্পনা বিচৰা প্ৰতিটো পৰিয়ালৰ বাবে এই প্লেন এক আদৰ্শ বিকল্প হৈ পৰিব।

ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেনৰ মূল বৈশিষ্ট্যসমূহ হৈছে, অধিক সুৰক্ষা-প্ৰথম দিনৰ পৰাই বাৰ্ষিক প্ৰিমিয়ামৰ ৩০ গুণ পৰ্যন্ত জীৱনবীমাৰ কভাৰেজ (ৰাইডাৰ যোগ কৰিলে ৫০ গুণলৈ বৃদ্ধি পাব পাৰে।
নিশ্চিত ৰিটাৰ্ণ-ভৱিষ্যতৰ লক্ষ্যৰ বাবে আত্মবিশ্বাসৰ সৈতে সঞ্চয় গঢ়ি তুলিবলৈ নিৰ্দিষ্ট লাভৰ নিশ্চয়তা। নমনীয় নিয়মীয়া আয় ৰ সুবিধা-প্ৰয়োজন অনুসৰি এটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ ধনৰাশি অথবা নিয়মীয়া আয় হিচাপে লাভ কৰাৰ সুবিধা। অতিৰিক্ত ৰাইডাৰৰ সুবিধা-দুৰ্ঘটনাজনিত মৃত্যু, গুৰুতৰ ৰোগ, হাস্পতালৰ খৰচ বা প্ৰিমিয়াম ৰেহাইৰ দৰে অতিৰিক্ত সুৰক্ষা যোগ কৰাৰ বিকল্প। কৰ সুবিধা-ভাৰতৰ আয়কৰ আইন, ১৯৬১ৰ অধীনত বৰ্তমানৰ নিয়ম অনুসৰি কৰ ৰেহাইৰ সুবিধা।

এই নতুন প্লেন মুকলি কৰি ভাৰতী এক্সা লাইফ ইন্স্যুৰেন্সৰ চীফ গ্ৰ’থ অফিচাৰ প্ৰেৰক পৰমাৰে কয়, “ভাৰতী এ এক্স এ লাইফত আমি বিশ্বাস কৰোঁ যে বীমা প্ৰতিজন সাধাৰণ ভাৰতীয়ৰ বাবে সহজ, নিৰ্ভৰযোগ্য আৰু সুলভ হ’ব লাগে। ভাৰতী এ এক্স এ লাইফ গেৰাণ্টেড বচত প্লেন এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে এজন ব্যক্তিয়ে এটা পৰিকল্পনাৰ জৰিয়তে সুৰক্ষা আৰু সঞ্চয় দুয়োটাৰে সুবিধা লাভ কৰিব পাৰে, সেয়াও সম্পূৰ্ণ স্বচ্ছতাৰ সৈতে। নিশ্চিত ৰিটাৰ্ণ, নমনীয় সুবিধা আৰু জীৱনবীমাৰ কভাৰেজৰ সংমিশ্ৰণে এই প্লেনক প্ৰতিজন ভাৰতীয়ৰ বাবে ভৱিষ্যতৰ সপোন সুৰক্ষিত কৰাৰ আৰু পৰিকল্পিত জীৱন গঢ়াৰ এক শক্তিশালী মাধ্যম কৰি তুলিছে।”

প্ৰণিধানযোগ্য যে, ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেন (UIN: 130N144V01) হৈছে এটা অ-সংযুক্ত, অ-অংশগ্ৰহণকাৰী ব্যক্তিগত সঞ্চয় জীৱনবীমা প্লেন, যাক গ্ৰাহকৰ সঞ্চয়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰদানৰ লক্ষ্যৰে সুকৌশলেৰে প্ৰস্তুত কৰা হৈছে। এই প্লেনে গ্ৰাহকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি পলিচিৰ ম্যাদ, প্ৰিমিয়াম পৰিশোধৰ সময়সীমা, লাভ গ্ৰহণৰ পদ্ধতি আৰু ৰাইডাৰ কভাৰেজৰ বিকল্পসমূহ স্বাধীনভাৱে নিৰ্বাচন কৰাৰ সুবিধা প্ৰদান কৰে, যাতে তেওঁলোকে নিজৰ আৰ্থিক লক্ষ্যৰ সৈতে সংগতি ৰাখি এক নিৰ্দিষ্ট আৰু নমনীয় পৰিকল্পনা গঢ়ি তুলিব পাৰে।

এই প্লেন হৈছে ভাৰতী এক্সা লাইফৰ বৃহত্তৰ ভাৰতৰ জনসাধাৰণৰ সেৱাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ। ইয়াক এনেদৰে সৰলভাৱে প্ৰস্তুত কৰা হৈছে যাতে ই সহজে বোধগম্য, ক্ৰয়ৰ বাবে সুবিধাজনক আৰু প্ৰকৃত আৰ্থিক প্ৰয়োজনৰ সৈতে সম্পূৰ্ণ সামঞ্জস্যপূৰ্ণ হয়, যাৰ ফলত গ্ৰাহকসকলে নিশ্চিন্ত মনেৰে নিজৰ ভৱিষ্যতৰ আৰ্থিক সপোনৰ দিশত অগ্ৰসৰ হ’ব পাৰে।