ডিফু, ১৯ জুলাই, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) ১৭ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিফু ৰে’লৱে ষ্টেচনত ৰে’ল নং ১২৪২৪/১২৪২৩ (ডিব্ৰুগড়-নিউ দিল্লী-ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ নতুন ষ্টপেজ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ ডিফু আৰু আশে পাশে থকা পাৰ্বত্য এলেকাৰ জনসাধাৰণৰ বাবে ৰে’ল সংযোগ উন্নত কৰাৰ অনুৰোধৰ পিছত এই বহু প্ৰতীক্ষিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত ১৭ জুলাই তাৰিখে ডিফু ষ্টেচনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাং, সাংসদ অমৰসিং তিছু আৰু জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত এক আনুষ্ঠানিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ডাউন আৰু আপ ৰাজধানী এক্সপ্ৰেছৰ আগমন আৰু প্ৰস্থানৰ পূৰ্বে উভয়টিয়ে ডিফু ৰে’লৱে ষ্টেচনত দুই মিনিটৰ বাবে ৰখিব। এই সুপৰিকল্পিত পদক্ষেপটোৱে ডিফু, কাৰ্বি আংলং আৰু আশে পাশে থকা অঞ্চলসমূহৰ বাসিন্দাসকলৰ বাবে যথেষ্ট লাভাজনক হ’ব বুলি আশা কৰা হৈছে।

ইয়াৰ ফলত জনসাধাৰণে ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰীমিয়াম ৰে’ল সেৱাসমূহৰ প্ৰত্যক্ষভাৱে সুবিধাসমূহ লাভ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীৰ সৈতে প্ৰত্যক্ষ ৰে’ল সংযোগৰ সৈতে এই অঞ্চলৰ ৰে’লযাত্ৰীসকলে নিউ দিল্লী পৰ্যন্ত যাত্ৰা পথেৰে গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহলৈ অধিক দ্ৰুতগতিৰে আৰু অধিক আৰামদায়কভাৱে যাত্ৰা কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰান্তত গতিশীলতা, আঞ্চলিক সংযোগ আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰসাৰ ঘটিব বুলি আশা কৰা হৈছে।

ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লখন দৈনিক চলাচল কৰা আৰু ইয়াৰ গতিবেগ ও সা-সুবিধাৰ বাবে সুপৰিচিত, যিয়ে প্ৰায় ২৪০০ কিলোমিটাৰৰো অধিক দূৰত্ব প্ৰায় ৩৭ ঘণ্টাত অতিক্ৰম কৰে। ডিফু ষ্টেচনটো এটা ষ্টপেজ ৰূপে অন্তৰ্ভূক্তিকৰণৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লসেৱাৰ পৰা বঞ্চিত অঞ্চলসমূহলৈ প্ৰিমিয়াম ৰে’ল সেৱাসমূহ অতি ওচৰলৈ সংযোগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলসমূহত ৰে’লৰ সুগমতা উন্নত কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰতিফলিত কৰিছে।