গুৱাহাটী, ২১ জুলাই, ২০২৫ : মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱে সাংস্কৃতিক সন্থাই (Railway Cultural Association) দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত আধুনিক কলা সাহিত্যৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই পৰম্পৰা অক্ষুণ্ণ ৰাখি, এই সন্থাই বিগত ১৮ জুলাই তাৰিখে মালিগাঁৱস্থিত ৰং ভৱন প্ৰেক্ষাগৃহত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা ২০২৫ ৰ সামৰণি অনুষ্ঠান সফলতাৰে আয়োজন কৰে।

এই উদযাপনৰ এক অংশ ৰূপে শেহতীয়াকৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ অৱস্থিত ৰং ভৱন প্ৰেক্ষাগৃহত এখন মনোৰম সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয়, য’ত ৰে’লৱে সম্প্ৰদায়ৰ শিল্পীসুলভ মনোভাৱৰ প্ৰতিফলন ঘটে। উক্ত অনুষ্ঠানত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানখনৰ মৰ্যদা বৃদ্ধি কৰে। বিষয়াবৰ্গ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ গৌৰৱময় উপস্থিতিৰ দ্বাৰা কলা আৰু সংস্কৃতিৰ সৌন্দৰ্যৰস উদযাপন কৰা হয়।

ৰে’লৱে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সদস্যসকলে অতি উৎসাহেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ইটোৰ পিছত সিটোকৈ মনোমোহা প্ৰদৰ্শনৰ জৰিয়তে অঞ্চলটোৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি নিজৰ প্ৰতিভা, আবেগ আৰু গভীৰ বিশ্বাস প্ৰকাশ কৰে। এই বৰ্ষৰ আয়োজিত কৰ্মশালাখন আছিল উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক সমৃদ্ধিৰ এক প্ৰানৱন্ত উদযাপন, য’ত বিহু, বাগৰুম্বা, ঝুমুৰ আৰু অন্যান্য পৰম্পৰাগত নৃত্যৰ লগতে হৃদয়স্পৰ্শী লোক সংগীত, আধুনিক গীত, সমসাময়িক নৃত্য, সংগীত, নাটক আৰু ললিত কলাৰ ক্ষেত্ৰও অংশগ্ৰহণকাৰীসকলক নিবিড় প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই পদক্ষেপটোৱে যুৱ সাংস্কৃতিক অনুৰাগী আৰু ৰে’লৱে পৰিয়ালৰ সদস্যসকলৰ বাবে কেৱল নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাই নহয়, বৰঞ্চ আধুনিক শিল্প কলাশৈলীৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰকাশ কৰাৰ এটি জীৱন্ত মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে। যাৰ পৰিণামস্বৰূপে উত্তৰ পূৰ্ব্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমূহীয়া প্ৰতিশ্ৰুতিকেই পুনৰ দৃঢ় কৰি তুলিছে।