গুৱাহাটী, ২৭ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিকিৎসা বিভাগে (Railway Doctors) ৰে’লৱে কৰ্মচাৰীৰ স্বাস্থ্য আৰু উন্নীত কৰাৰ লগতে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত খাদ্য সুৰক্ষাৰ মানদণ্ড নিশ্চিত কৰাৰ অবিৰত প্ৰয়াসৰ অংশ হিচাপে, জুলাই মাহত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। বিগত দুসপ্তাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়, ৰে’লৱে সুৰক্ষা বাহিনীৰ বেৰেক আৰু প্ৰধান মুখ্য সুৰক্ষা আয়ুক্ত/মুখ্য কাৰ্যালয় সহ বিভিন্ন স্থানত এক শৃঙ্খলাবদ্ধ স্বাস্থ্য পৰীক্ষা শিবিৰ সফলতাৰে আয়োজন কৰা হয়।
এই শিবিৰসমূহৰ উদ্দেশ্য আছিল কৰ্মচাৰীসকলৰ স্বাস্থ্য পৰ্যবেক্ষণ আৰু উন্নয়নৰ উদ্দ্যেশ্যে আয়োজিত এই শিবিৰসমূহত মুঠ ২২০ জন ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱান আৰু ২০০ জন অন্যান্য ৰে’লৱে কৰ্মচাৰীৰ বিস্তৃত স্বাস্থ্য পৰীক্ষা কৰা হয়। আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ (এফএছএছএআই) নিৰ্দেশৱলীৰ অধীনত ডিমাপুৰ ৰে’লৱে ষ্টেচনত খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ (এফওএছটিএছি) কাৰ্যসূচীৰ আয়োজন কৰা হয়।
এই প্ৰশিক্ষণ কাৰ্যসূচীখন ডিমাপুৰ ৰাজ্যিক খাদ্য সুৰক্ষা প্ৰাধিকৰণৰ সহযোগত আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল লক্ষ্য আছিল ষ্টেচনৰ কৰ্মৰত খাদ্য বিক্ৰেতা, খাদ্য প্ৰস্তুতকাৰী আৰু খাদ্য ব্যৱসায়ীসকলক এফএছএছএআইৰ দ্বাৰা নিৰ্ধাৰিত স্বাস্থ্যবিধি আৰু সুৰক্ষা প্ৰট’কলসমূহৰ বিষয়ে সচেতন কৰি প্ৰশিক্ষণ দিয়া হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱে জনস্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ উচ্চ মানদণ্ড অটুট ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু ভৱিষ্যতলৈ এনে ধৰণৰ স্বাস্থ্য শিবিৰ আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন অব্যাহত ৰাখিব।