গুৱাহাটী, ২ আগষ্ট, ২০২৫ : ৰেডিছন ব্লু (Radisson Blu) গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰী (টিজিকেএফ)ত ১০ আগষ্ট, ২০২৫ লৈকে এক অগ্নিময় সোৱাদৰ উৎসৱ, দ্য গ্ৰেট ইণ্ডিয়ান গ্ৰীল গেমছ মুকলিৰ কথা ঘোষণা কৰা হৈছে। এই উদ্দীপনাময় খাদ্যোৎসৱত সমগ্ৰ ভাৰতৰ পৰা অহা টিজিকেএফৰ অতুলনীয় প্ৰবীণ চেফসকলে নিজৰ বিশিষ্ট ব্যঞ্জন আৰু সাহসিক ৰন্ধন কলাৰ প্ৰদৰ্শন কৰিব।
পৰম্পৰাগত খাদ্যৰ পৰা সমসাময়িক গ্ৰীল ৰন্ধনশৈলীলৈকে, গ্ৰীল গেমছে সোৱাদ আৰু কাৰুকাৰ্য্যৰ এক অবিস্মৰণীয় যাত্ৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এক সজীৱ খাদ্য অভিজ্ঞতা লাভৰ বাবে অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছে, য’ত কিংবদন্তি চেফসকলে ভাৰতীয় গ্ৰীল ৰন্ধনশৈলীৰ উত্তম খাদ্য পৰিবেশন কৰাৰ উদ্দেশ্যে এক বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাত নামি পৰিব। বিশেষভাৱে নিৰ্মিত মেনুত বিভিন্ন আঞ্চলিক মছলা, হাতেবছা মেৰিনেড সহিতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা গ্ৰীলিং কৌশল প্ৰদৰ্শন কৰা হ’ব।
ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয় যে, “গ্ৰেট ইণ্ডিয়ান গ্ৰীল গেমছ হৈছে ভাৰতৰ গ্ৰীলিঙৰ প্ৰতি থকা প্ৰেমলৈ নিবেদন কৰা আমাৰ সন্মান-এয়া হৈছে কৌশল, প্ৰতিভা, আৰু পৰম্পৰাৰ এক সুস্বাদু প্ৰতিযোগিতামূলক প্ৰদৰ্শনী।” মাষ্টাৰ চেফ আৰু তেওঁলোকৰ কালজয়ী সোৱাদৰ এই দৰ্শনীয় মুহূৰ্তৰ সাক্ষী হ’বলৈ সমগ্ৰ চহৰৰখনৰ খাদ্যপ্ৰেমীসকলক আমি আমন্ত্ৰণ জনাইছোঁ।”
অতিথিসকলে নিজৰ প্ৰিয় খাদ্যৰ বাবে ভোট দিয়াৰ সুযোগ পাব, যিয়ে এই অভিজ্ঞতাক অধিক বিশেষ আৰু আকৰ্ষণীয় কৰি তুলিব বুলিও তেওঁ কয়। এই অনন্য ভোজন অনুষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্যৰসিকসকলক কিছু অভূতপূৰ্ব ক্ষণৰ সাক্ষী কৰিব বুলি আশা কৰা হৈছে। আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে +৯১ ৬৯০১২ ৫৩৫২৭ নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।