নিউজ ডেস্ক, ৯ আগষ্ট, ২০২৫ : বিগত বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘ই’ৰ নৰ্থ ইষ্ট ডাৰ্বি মেচত দলে শ্বিলং লাজং এফ চিক ২-১ গ’লত পৰাস্ত কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দুয়োটা গ’লে আলাদিন আজাৰায়ে দিয়ে৷

খেলৰ পাঁচ মিনিটত প্ৰথমটো গ’ল কৰে মৰক্কোৰ ষ্ট্ৰাইকাৰজনে। আনহাতে ৮১ মিনিটত বিজয়সুচক গ’লটো কৰে আলাদিন আজাৰায়ে। বিপৰীতে ৮১ মিনিটতে ফিগোৰ গ’লেৰে লাজং এফ চিয়ে মেচত সমতা স্থাপন কৰিছিল৷ ইয়াৰপূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথম মেচত আজাৰাইৰ হেট্ৰিকৰে চমকপ্ৰদ জয় অৰ্জন কৰিছিল৷ ছয় পইণ্ট লাভ কৰা আই এছ এলৰ গুৱাহাটীৰ দলটোৱে অন্তিম মেচখন ৰাংদাজিড ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ কিন্তু শুকুৰবাৰৰ খেল লাজঙৰ অন্তিম গ্ৰুপ মেচ আছিল৷ ইয়াৰপূৰ্বে দলে প্ৰথম দুখন মেচত জয়লাভ কৰি ছয় পইণ্ট অৰ্জন কৰিছে৷

এই গ্ৰুপৰ কোৱাৰ্টাৰ ফাইনেলৰ অংক অন্তিম মেচত তথা অন্য গ্ৰুপৰ মেচৰ ফলাফলে নিৰ্ণয় কৰিব৷ ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ শনিবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আবেলি চাৰি বজাত হ’বলগা গ্ৰুপ ‘ডি’ৰ এখন গুৰুত্বপূৰ্ণ মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে আই এছ এলৰ দল পঞ্জাৱ এফ চিৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে জয়ৰে অভিযান আৰম্ভ কৰা বড়োলেণ্ড এফ চিৰ এয়া দ্বিতীয় মেচ৷ আনহাতে, প্ৰথম মেচত জয় তথা দ্বিতীয় মেচ ড্ৰ খেলা পঞ্জাৱ এফ চিয়ে শনিবাৰে গ্ৰুপৰ অন্তিম মেচখন খেলিব৷

কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতাৰ সমীকৰণৰে শনিবাৰৰ মেচ উভয় দলৰ বাবে মৰণপণ৷ তিনি পইণ্ট লাভ কৰা বড়োলেণ্ড এফ চিয়ে শনিবাৰে পইণ্ট হেৰুৱালেই বিদায় নিশ্চিত হৈ যাব৷ বিপৰীতে চাৰি পইণ্ট লাভ কৰা পঞ্জাৱ এফ চিয়ে জয়লাভ কৰিলেহে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা থাকিব৷ এই গ্ৰুপৰে আনটো দল আই টি বি পি এফ চিয়েও দুখন মেচৰ পৰা চাৰি পইণ্ট লাভ কৰিছে আৰু অন্তিম মেচ বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব৷ ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত জয়ৰ হেট্ৰিকৰে গ্ৰুপত অপৰাজেয় হৈ প্ৰথমটো দলৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে জামছেদপুৰ এফ চিয়ে৷

শুকুৰবাৰে জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দল জামছেদপুৰে নিজৰ অন্তিম গ্ৰুপ মেচত আই লাডাখ এফ চিক ২-০ গ’লত পৰাস্ত কৰে৷ তিনিখন মেচ জয়ৰে ন পইণ্ট লাভ কৰা জামছেদপুৰে গ্ৰুপ শীৰ্ষ হৈ অন্তিম আঠত প্ৰৱেশ কৰে৷ গ্ৰুপ ‘চি’ৰ মেচখনৰ ২০ মিনিটত বিপক্ষৰ ছিজুৰ গ’লেৰে অগ্ৰগতি লোৱা জামছেদপুৰ দলৰ হৈ দ্বিতীয়টো গ’ল কৰে ৪৬ মিনিটত প্ৰফুল্লই৷ ইফালে, শনিবাৰে নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত গ্ৰুপ ‘বি’ৰ অন্তিম মেচত মোহন বাগানে ডাইমণ্ড হাৰবাৰ এফ চিৰ বিৰুদ্ধে খেলিব৷