কোকৰাঝাৰ, ১৭ আগষ্ট, ২০২৫ : ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড (North East United) এফ চিয়ে ভাৰতীয় সেনাই আয়োজন কৰা চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৪-০ গ’লৰ ব্যৱধানত বড়োলেণ্ড এফ চিক পৰাস্ত কৰে৷

ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড শ্বিলং লাজং এফ চিৰ মুখামুখি হ’ব৷ ইফালে, অসমৰ প্ৰথম ক্লাবৰূপে তিনি বছৰ পূৰ্বে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত অভিষেক কৰা তথা এইবাৰ গ্ৰুপৰ তিনিওখন মেচতে জয় হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ইতিহাস গঢ়া বড়োলেণ্ড এফ চিৰ গৌৰৱময় সাফল্য যাত্ৰা অশ্ৰুসিক্ত অনুৰাগীৰ হৃদয়বিদাৰক পৰিৱেশত যৱনিকা পৰিল৷ খেলৰ প্ৰথমাৰ্ধ সম্পূৰ্ণৰূপে নৰ্থ ইষ্ট ইউনাইটেডৰ নিয়ন্ত্ৰণতে থাকে৷

৬৫ শতাংশ বল পেড্ৰ বেনালীৰ অভিজ্ঞ দলটোৱে নিজৰ আয়ত্বত ৰখাৰ বিপৰীতে বড়োলেণ্ড এফ চিৰ খেলুৱৈ চাপৰ সন্মুখীন হোৱাটো খেলত পৰিস্ফুট হৈ পৰে৷ মাত্ৰ চাৰিটা শ্বটহে স্থানীয় দলটোৱে মাৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে বিপক্ষৰ সুৰুঙা নথকা ৰক্ষণ বিভাগৰ জাল অতিক্ৰম কৰি আঠটা শ্বট লক্ষ্যলৈ মাৰে৷ ২৯ মিনিটত আলাদিন আজাৰায়ে জিতিনৰ পৰা সুন্দৰ বল লাভ কৰি দলৰ হৈ প্ৰথমটো গ’ল কৰে৷

উল্লেখ্য যে এয়া মৰক্কোৰ ষ্ট্ৰাইকাৰগৰাকীৰ চলিত প্ৰতিযোগিতাৰ ব্যক্তিগত ষষ্ঠটো গ’ল৷ দ্বিতীয়াৰ্ধত বড়োলেণ্ড এফ চিয়ে গ’ল কৰাৰ চেষ্টাৰে আক্ৰমণ কৰে যদিও দলৰ এই ৰণনীতিয়ে ৰক্ষণ বিভাগ দুৰ্বল কৰি তোলে৷ সেয়ে সুযোগ পাই নৰ্থ ইষ্ট ইউনাইটেডে আৰু তিনিটা গ’ল কৰে৷ খেলৰ ৫৩ মিনিটত এণ্ডিয়ে ব্যৱধান ২-০ কৰাৰা পাছত আজাৰায়ে ৬১ মিনিটত দ্বিতীয়টো গ’ল কৰে৷ যোৱা বছৰ ভাৰতলৈ অহা আলাদিনৰ এয়া নিজৰ ৩৫ সংখ্যক মেচত ৩৪ নম্বৰ গ’ল৷ ইফালে, ইঞ্জৰী টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গ’ল কৰে অসম সন্তান পাৰ্থিৱ গগৈয়ে৷