নিউজ ডেস্ক, ১৯ আগষ্ট, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ সা-সুবিধা আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। টিকট কাউণ্টাৰসমূহত যাত্ৰীৰ ভিৰ হ্ৰাস কৰিবলৈ ৬৯ টা ষ্টেচনত ১৪৫ টা অটোমেটিক টিকট ভেণ্ডিং মেচিন (ATVM) স্থাপন কৰা হৈ আছে। এই এটিভিএমসমূহ ২৪x৭ মানৱৰহিত কিঅ’স্ক হিচাপে কাম কৰিব, যাৰ ফলত যাত্ৰীসকলে স্মাৰ্ট কাৰ্ড বা কিউআৰ ক’ড ব্যৱহাৰ কৰি অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব।

স্মাৰ্ট কাৰ্ডসমূহ নিৰ্ধাৰিত টিকট কাউণ্টাৰসমূহত ৰিচাৰ্জ কৰিব পৰাৰ লগতে নিৰৱচ্ছিন্ন ৰে’ল যাত্ৰাৰ অভিজ্ঞতা নিচ্ছিত হৈ উঠিব। সময়ানুৱৰ্তিতাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰগতি পৰিলক্ষিত হৈছে, মেইল/এক্সপ্ৰেছ ৰে’লসমূহৰ ক্ষেত্ৰত ৰে’লৱে ব’ৰ্ডৰ ৮৫ শতাংশ লক্ষ্যৰ বিপৰীতে ০.৯৩ শতাংশ অগ্ৰগতি হৈছে আৰু বিগত বছৰৰ তুলনাত ২.৫৭ শতাংশৰ বৃদ্ধি হৈছে, যাৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’লৱে সমগ্ৰ জ’নেল ৰে’লৱেৰ ভিতৰত ৫ ম স্থানত আছে।

১৪ যোৰ ৰে’লগাড়ীৰ উন্নত মানসম্পন্নকৰণ, ৬৬ খন ৰে’লগাড়ীৰ গতিবেগ বৃদ্ধি কৰি প্ৰতিটো যাত্ৰাত গড়ে ২২ মিনিট সময় ৰাহি কৰা আৰু ৬৩ খন ৰে’লগাড়ীৰ প্ৰধান ষ্টেচনসমূহত সময়সূচী সংশোধনৰ দৰে পদক্ষেপসমূহ এই সফলতাসমূহৰ পিছত উল্লেখযোগ্য কাৰকৰূপে প্ৰতিফলিত হৈছে। সংযোগ ব্যৱস্থা শক্তিশালী কৰিবলৈ চাৰিখন নতুন ৰে’ল সেৱা আৰম্ভ কৰা হৈছে, যাৰ ভিতৰত বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ, তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ, গুৱাহাটী-উত্তৰ লখিমপুৰ জন শতাব্দী এক্সপ্ৰেছ আৰু শিয়ালদহ-জলপাইগুড়ী ৰোড এক্সপ্ৰেছ অন্তৰ্ভূক্ত আছে।

ইয়াৰ উপৰি শিলচৰ-মহিষাসন পেছেঞ্জাৰৰ ফ্ৰীকুৱেন্সী সপ্তাহত ছয় দিনলৈ বৃদ্ধি কৰা হৈছে। আধুনিকীকৰণৰ প্ৰচেষ্টা অব্যাহত আছে, য’ত কিষাণগঞ্জ-আজমেৰ গৰীব নৱাজ এক্সপ্ৰেছক এলএইচবি ডবালৈ ৰূপান্তৰ, ১৭ যোৰ ৰে’লগাড়ীক সম্পূৰ্ণৰূপে বৈদ্যুতিক ট্ৰেকচনলৈ ৰূপান্তৰ আৰু ৯৩ টা ডবাৰ স্থায়ী সংযোজনৰ জৰিয়তে ৬,৯২৯ টা অতিৰিক্ত বাৰ্থ প্ৰদান কৰা হৈছে। মালবাহী ৰে’লৰ পৰিবহণৰ ক্ষেত্ৰতো উল্লেখযোগ্য প্ৰগতি পৰিলক্ষিত হৈছে, বিগত বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত চলিত বছৰৰ জানুৱাৰী-জুলাই ২০২৫ মাহৰ সময়ছোৱাত ৬.৯ শতাংশ বৃদ্ধিৰ সৈতে ৬.৮১৯ মিলিয়ন টন মালবাহী ৰে’ল লোড কৰা হৈছে।

উল্লেখযোগ্য অগ্ৰগতিসমূহৰ ভিতৰত বাঁহ পৰিবহণত ৩,৭০০ শতাংশ আৰু শিলগুটিৰ ৮৪.৯ শতাংশ বৃদ্ধি অন্তৰ্ভুক্ত আছে। ৰে’ল পৰিচালনৰ ক্ষেত্ৰত, য’ত এদিনত সৰ্বাধিক ৫৫ খন ৰে’লগাড়ীৰ ইন্টাৰচেঞ্জ, সৰ্বাধিক ১৫৫ খন ৰে’লগাড়ীৰ বাৰচোই-সুধানি খণ্ডত পৰিচালন আৰু এদিনত সৰ্বাধিক ৯৬০ টা ৱাগনৰ লোডিঙৰ অন্তৰ্ভূক্তিৰে এই ৰে’লৱেই অভিলখ গঢ়ি তুলিছে। মালবাহী ৰে’লৰ ক্ষমতা বৃদ্ধিৰ বাবে নিশ্চিন্তপুৰ, ধামালগাঁও, মিৰ্জা, বিশ্ৰামগঞ্জ আৰু বালুৰঘাটত গতি শক্তি কাৰ্গো টাৰ্মিনেলৰ দৰে নতুন টাৰ্মিনেলসমূহ চালু কৰা হৈছে। এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰীৰ সুবিধা বৃদ্ধি, সময়ানুৱৰ্তিতা উন্নত কৰা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশৰ বাবে মালবাহী ৰে’লৰ ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।