গুৱাহাটী, ২৩ আগষ্ট, ২০২৫ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এটি নৱজাতকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) কামৰূপ মহানগৰ সমিতিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ কেন্দ্ৰীয় সমিতিৰ দুগৰাকী সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন আৰু কামৰূপ মহানগৰ সমিতিৰ সভাপতি গিৰিন তালুকদাৰৰ নেতৃত্বত শতাধিক লোকৰ প্ৰতিবাদত কঁপি উঠে জিএমচিএইচ চৌহদ। প্ৰতিবাদকাৰীসকলে হাতে হাতে জাতীয় পৰিষদৰ পতাকা আৰু বিভিন্ন শ্লোগান লিখা বেনাৰ-ফেষ্টুন প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
দলটোৰ অভিযোগ, শিশুটিৰ সময়মতে যথাযথ দায়িত্ব গ্ৰহণ কৰা নহ’ল, যাৰ ফলত শিশুটিৰ মৃত্যু ঘটে। এই ঘটনা শোকাবহ আৰু নিন্দনীয় বুলি মন্তব্য কৰি দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত আঢ়ৈ দশক ধৰি স্বাস্থ্য বিভাগটো পৰিচালনা কৰি আছে। তেওঁ বিগত ২৫ বছৰ ধৰি ক্ষমতাত আছে। তাৰে ২০ বছৰতকৈ অধিক কাল তেওঁ স্বাস্থ্য মন্ত্ৰী হৈ আছে। বিগত সময়ছোৱাত স্বাস্থ্য খণ্ডত উন্নয়নৰ বিপ্লৱ অনা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰি থাকে। কিন্তু প্ৰকৃততে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ভয়ংকৰ অচলাৱস্থা বিৰাজ কৰি আছে। জি এম চি এইচত বিগত দিনত তেওঁ অকল বিল্ডিং বনালে আৰু যন্ত্ৰ ক্ৰয় কৰিলে। কিন্তু সেৱাৰ মান উন্নত কৰিব নোৱাৰিলে। গতিকে নৱজাতকৰ মৃত্যৰ ঘটনাৰ বাবে প্ৰকৃততে ডঃ শৰ্মা দায়ী। তেওঁ ঘটনাটোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে, ভাল কথা। নৈতিক দায়িত্ব স্বীকাৰ কৰি বহি থাকিলে নহব। নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ পদত্যাগ কৰা উচিত।
আনহাতে জিএমচিএইচ পৰিচালনাত বিভাগীয় মন্ত্ৰী হিচাপে মন্ত্ৰী অশোক সিংঘালে একো দায়িত্ব পালন কৰা নাই বুলি উল্লেখ কৰি জাতীয় পকিষদৰ নেতাগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক অপসাৰণৰ দাবী জনায়। জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সভাপতি আৰু অন্য নেতা-কৰ্মীসকলে জিএমচি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ভাষাত ক্ষোভ প্ৰকাশ কৰি দোষীসকলৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়। লগতে অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী কিয় নৰম হৈ আছে বুলিও প্ৰশ্ন কৰে অসম জাতীয় পৰিষদে। উল্লেখযোগ্য যে শেহতীয়াকৈ এই ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।