নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে। বিগত কেইদিনমানত, ৰে’লৱে সুৰক্ষা বাহিনীৰ দলসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত বিভিন্ন স্থানত কেইবাটাও সফল অভিযান চলাই প্ৰায় ৫৯ কেজি গাঁজা জব্দ কৰিছে, যাৰ মূল্য প্ৰায় ৬.২০ লাখ টকাৰো অধিক। ৰে’লৱে সুৰক্ষা বাহিনীৰ দলসমূহে এই নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে।

৯ ছেপ্টেম্বৰ তাৰিখে, কামাখ্যা ৰে’লৱে ষ্টেচনত নিয়মীয়া অভিযানৰ সময়ত এজন ব্যক্তিক আটক কৰি গাঁজা জব্দ কৰে। জব্দকৃত গাঁজাখিনিৰ মূল্য প্ৰায় ৬০,০০০.০০ টকা আৰু ওজন প্ৰায় ৬ কেজি। পৰৱৰ্তী সময়ত, জব্দ কৰা গাঁজাখিনিৰ সৈতে গ্ৰেপ্তাৰ কৰা ব্যক্তিক আইনী ব্যৱস্থাৰ বাবে জি.আৰ.পি./গুৱাহাটীৰ হাতত তুলি দিয়া হয়।
৮ ছেপ্টেম্বৰ তাৰিখে, আগৰতলা ষ্টেচনত ৰে’লৱে সুৰক্ষা বাহিনী ডগ স্কোৱাড আৰু জি.আৰ.পি.ৰ যুটীয়া দলে আগৰতলা ৰে’ল য়াৰ্ডত থকা এটা ডবাৰ পেনেলৰ পৰা ২৭ কেজি গৰাকীবিহীন গাঁজা উদ্ধাৰ কৰে। জব্দ কৰা গাঁজাখিনিৰ মূল্য প্ৰায় ২.৭০ লাখ টকা। জব্দকৃত গাঁজাখিনি পৰৱৰ্তী সময়ত আইনী ব্যৱস্থাৰ বাবে জি.আৰ.পি./আগৰতলাৰ হাতত অৰ্পণ কৰা হয়।

৭ ছেপ্টেম্বৰ তাৰিখে, আন এটা বৃহৎ অভিযানত, ডিমাপুৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ৰে’ল নং. ১৫৯৪৬ ৰ বি৪ এখন ৰে’লৰ কম্পাৰ্টমেণ্টৰ পৰা প্ৰায় ১৬.৪ কেজি গৰাকীবিহীন গাঁজা উদ্ধাৰ কৰে, যাৰ মূল্য প্ৰায় ১.৬৪ লাখ টকা। জব্দ কৰা গাঁজাখিনি পৰৱৰ্তী কাৰ্যকৰী পদক্ষেপৰ বাবে জি.আৰ.পি./ডিফুৰ হাতত অৰ্পণ কৰা হয়। একেদিনাই আগৰতলা ষ্টেচনৰ, ৰে’লৱে সুৰক্ষা বাহিনী, ডগ স্কোৱাড আৰু জি.আৰ.পি.ৰ যুটীয়া দলে দুগৰাকী মহিলা যাত্ৰীক আটক কৰে আৰু ৪.৬৯ কেজি গাঁজা উদ্ধাৰ কৰা কৰে। যাৰ মূল্য প্ৰায় ৮৮,৪০০.০০ টকা। আটক কৰা মহিলা আৰু জব্দকৃত গাঁজাখিনি জি.আৰ.পি./আগৰতলাৰ হাতত আইনী ব্যৱস্থাৰ বাবে তুলি দিয়া হয়। ৬ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে, আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে, ডগ স্কোৱাড আৰু জি.আৰ.পি.ৰ সৈতে, আগৰতলা ৰে’লৱে ষ্টেচনত নিয়মীয়া অনুসন্ধানৰ সময়ত এগৰাকী মহিলাক ৪.১৮০ কেজি গাঁজাৰ সৈতে গ্ৰেপ্তাৰ কৰে, যাৰ মূল্য প্ৰায় ৪১,৮০০.০০ টকা।

অভিযুক্তক মহিলা গৰাকীক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে জি.আৰ.পি./আগৰতলাৰ হাতত অৰ্পণ কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিষিদ্ধ সামগ্ৰীৰ চোৰাং সৰবৰাহ, চুৰি আৰু মানৱ সৰবৰাহৰ দৰে অবৈধ কাৰ্যকলাপ দমনৰ মিছনত সতৰ্ক আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ইয়াৰ উপৰিও, ই যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ সময়ত প্ৰয়োজন অনুসৰি সক্ৰিয়ভাৱে সহায় কৰে। ৰে’ল ব্যৱহাৰকাৰীসকলক সতৰ্ক হৈ থাকিবলৈ আৰু ৰে’ল যাত্ৰাৰ সময়ত কোনো সন্দেহজনক কাৰ্যকলাপৰ কথা তৎক্ষণাৎ সহায়ৰ বাবে হেল্পলাইন নম্বৰ ১৩৯ (টোল-ফ্ৰী)ত জনোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে।