নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ, ২০২৫ : ভাৰতীয় ৰে’লৱেই (Indian Railway) মিজোৰামৰ ৰাজধানী আইজলৰ ছাইৰাং ষ্টেচনৰ পৰা তিনিযোৰ নতুন ৰে’ল সেৱাৰ প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। এই ৰে’লসমূহে, দেশৰ গন্তব্যস্থানসমূহৰ সৈতে বিশেষভাৱে মিজোৰামৰ ৰাজধানীৰ সৈতে ৰে’ল সংযোগ বৃদ্ধি কৰিব। তিনিযোৰ ৰে’লৰ উদ্বোধনী যাত্ৰা ১৩ ছেপ্টেম্বৰ তাৰিখে কৰা হ’ব আৰু প্ৰকাশিত নিৰ্দিষ্ট তাৰিখৰ পৰা নিয়মীয়া সেৱা আৰম্ভ হ’ব। তিনিযোৰ ৰে’লৰ উদ্বোধনী আৰু নিয়মীয়া সেৱাৰ বিস্তৃত নিম্ন অনুসাৰে হ’ব নতুন ৰে’লৰ উদ্বোধনী/নিয়মীয়া সেৱা।

ৰে’ল নং ০২৫০৭ (ছাইৰাং-আনন্দ বিহাৰ টাৰ্মিনেল) উদ্বোধনী ৰাজধানী এক্সপ্ৰেছ ৰে’ল ১৩-০৯-২০২৫ তাৰিখে (শনিবাৰ) ছাইৰাং ষ্টেচনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি ১৫-০৯-২০২৫ তাৰিখে (সোমবাৰ) ৭:৩০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। ইয়াৰ পিছত ৰে’ল নং ২০৫০৭ (ছাইৰাং-আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছ ১৯-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি শুকুৰবাৰে ছাইৰাঙৰ পৰা ১৬:৩০ বজাত প্ৰস্থান কৰি ৰবিবাৰে ১০:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। সেইদৰে, ৰে’ল নং ২০৫০৮ (আনন্দ বিহাৰ টাৰ্মিনেল-ছাইৰাং) ৰাজধানী এক্সপ্ৰেছ ২১-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ১৯:৫০ বজাত প্ৰস্থান কৰি মঙলবাৰে ১৫:১৫ বজাত ছাইৰাঙত গৈ উপস্থিত হ’ব। যাত্ৰাৰ সময়ত এই দুয়োখন ৰে’ল বদৰপুৰ জংচন, গুৱাহাটী, নিউ জলপাইগুড়ী, মালদা টাউন, ভাগলপুৰ হৈ চলাচল কৰিব।

ৰে’ল নং ০৫৬০৯ (ভৈৰৱী-ছাইৰাং) বিশেষ  ভৈৰৱীৰ পৰা ১০.০০ বজাত প্ৰস্থান কৰি ১১.১৫ বজাত ছাইৰাঙত গৈ উপস্থিত হ’ব। ইয়াৰ পিছত এই ৰে’লখনে ইয়াৰ উদ্বোধনী যাত্ৰা ৰে’ল নং ০৫৬১০ (ছাইৰাং-গুৱাহাটী) বিশেষ ৰূপে ১২.৩০ বজাত ছাইৰাং ষ্টেচনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০২.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। ইয়াৰ পিছত ১৩-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬০৯ (গুৱাহাটী-ছাইৰাং) এক্সপ্ৰেছৰ নিয়মীয়া সেৱা দৈনিক গুৱাহাটীৰ পৰা ১৯.০০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ০৮.৩০ বজাত ছাইৰাঙত গৈ উপস্থিত হ:ব। একদৰে ৰে’ল নং. ১৫৬১০ (ছাইৰাং-গুৱাহাটী) এক্সপ্ৰেছ ১৪-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ দৈনিক ১৯.০০ বজাত ছাইৰাঙৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ৮.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

এক্সপ্ৰেছ ৰে’ল নং ০৩১২৬ ৰ উদ্বোধনী চলাচল ১৩-০৯-২০২৫ তাৰিখে ১০.০০ বজাত আৰম্ভ হ’ব আৰু পৰৱৰ্তী দিনৰ ১৭.০০ বজাত ৰে’লখন কলকাতাত গৈ উপস্থিত হ’ব। ইয়াৰ পিছত ১৬-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ১৩১২৫ (কলকাতা-ছাইৰাং) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখন কলকতাৰ পৰা প্ৰত্যেক শনিবাৰ, মঙলবাৰ আৰু বুধবাৰে ১২.২৫ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯.৪৫ বজাত ছাইৰাঙত গৈ উপস্থিত হ’ব। একেদৰে ১৮-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ১৩১২৬ (ছাইৰাং-কলকাতা) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখন ছাইৰাঙৰ পৰা প্ৰত্যেক সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ০৭.১৫ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৪.৩০ বজাত কলকাতাত গৈ উপস্থিত হ’ব।

এই ৰে’লসমূহ বদৰপুৰ জংচন, গুৱাহাটী, গোৱালপাৰা টাউন, গোলকগঞ্জ, নিউ জলপাইগুড়ী, মালদা টাউন হৈ ইয়াৰ গন্তব্যস্থানসমূহত উপস্থিত হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।