নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলে চলিত ৬৪ সংখ্যক আন্তৰ্জাতিক স্কুল ফুটবল (Football) প্ৰতিযোগিতা সুব্ৰত কাপৰ বৃহস্পতিবাৰে খেলা নিজৰ তৃতীয়খন গ্ৰুপ মেচত নবোদয় বিদ্যালয়ৰ বিৰুদ্ধে ৪-০ গ’লত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা তথা নতুন দিল্লীত চলি থকা ১৭ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাখনত এয়া অসমৰ দলটোৰ ক্ৰমাগত দ্বিতীয় জয়৷

ঐতিহাসিক প্ৰতিযোগিতাৰ পিণ্টো পাৰ্ক ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত একপক্ষীয় মেচখনত নুমলীগড় হাইস্কুল দলৰ হৈ আকাশ লোহাৰ আৰু পবিত্ৰ নাথে দুটাকৈ গ’ল দিয়ে৷ খেল আৰম্ভ হোৱাৰ প্ৰথম মিনিটতে আকাশে অসমক অগ্ৰগতি দিয়াৰ পাছত তিনি মিনিটত পবিত্ৰই দলৰ অগ্ৰগতি ২-০ কৰে৷ আনহাতে, আকাশে নিজৰ দ্বিতীয়টো গ’ল খেলৰ ১৫ মিনিটত কৰাৰ বিপৰীতে নুমলীগড় হাইস্কুল দলৰ হৈ চতুৰ্থটো গ’ল খেলৰ ৩০ মিনিটত পবিত্ৰই দিয়ে৷

উল্লেখ্য যে প্ৰতিযোগিতাত অসমৰ দলটোৱে ড্ৰ খেলি অভিযান আৰম্ভ কৰিছিল৷ গ্ৰুপৰ প্ৰথম মেচখনত আৰ্মী বয়জ স্কুলৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলা নুমলীগড় হাইস্কুলে কালি দ্বিতীয় মেচত আন্দামান-নিকোবৰক ২-ৰ গ’লত পৰাস্ত কৰিছিল৷ অসমৰ হৈ গ’ল কৰিছিল পাৰ্থ ডেকা বৰুৱা আৰু প্ৰীতম বসুমতাৰীয়ে৷ আজি অসমে তেলেংগনাৰ বিৰুদ্ধে অন্তিম গ্ৰুপ মেচত অৱতীৰ্ণ হ’ব৷ উল্লেখ্য যে প্ৰতিযোগিতাত যোগ্যতা ভিত্তিত অংশ লোৱা দলসমুহক আঠটা গ্ৰুপত ভাগ কৰা হৈছে আৰু গ্ৰুপৰ শীৰ্ষ দলটো কোৱাৰ্টাৰ ফাইনেললৈ উত্তৰণ কৰিব৷

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত দেউকন সোঁৱৰণী ১৭ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰফী লাভ কৰি নতুন দিল্লীলৈ যোৱা নুমলিগড় হাইস্কুল দলে আজিৰ মেচত জয়লাভ কৰিলে নিজৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিব পাৰিব৷ কিন্তু এই গ্ৰুপৰ অন্য চাৰিটা দলে অন্তিম মেচ ২০ ছেপ্টেম্বৰত খেলিব৷ সেয়ে অসমে যোগ্যতাৰ বাবে অপেক্ষা কৰিব লাগিব৷ গ’লৰ গড়ে সমীকৰণ সলনি কৰিব পাৰে৷