গুৱাহাটী, ১১ অক্টোবৰ, ২০২৫ : পোহৰৰ উৎসৱ এই দীপাৱলীত (Dipawali) অতিথিসকলক আনন্দ, প্ৰেম আৰু মিলনৰ উৎসৱ উদযাপনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে ৰেডিচন ব্লু গুৱাহাটীয়ে। মিঠা বাই ৰেডিচন হোটেলৰ প্ৰিমিয়াম হাতেৰে প্ৰস্তুত কৰা ভাৰতীয় মিঠাই আৰু উৎসৱমুখৰ হেম্পাৰৰ সংগ্ৰহে এইবাৰৰ দীপাৱলীত পৰম্পৰাগত সোৱাদৰ সৈতে মিশ্ৰণ ঘটাইছে আধুনিক আড়ম্বৰৰ। উল্লেখ্য যে, ৰেডিচন ব্লু গুৱাহাটীৰ ডলচে পেটিছেৰীত বিশেষভাৱে উপলব্ধ এই সংকলন। ইফালে, এই উপহাৰৰ টোপোলাসমূহ আনন্দদায়ক আৰু স্মৰণীয় হৈ পৰাকৈ প্ৰস্তুত কৰা হৈছে।
দীপাৱলীত পৰাম্পৰাগতভাৱে মিঠাইৰ আদান-প্ৰদান কৰা হয়। এয়া হৈছে আনন্দ আৰু সমৃদ্ধিৰ ভাগ-বতৰা কৰাৰ প্ৰতীক। এই প্ৰিয় উৎসৱটোক আৰু অধিক বিশেষ কৰি তুলিবলৈ মিঠা বাই ৰেডিচনে লৈ আহিছে এক অনন্য উপহাৰ সংগ্ৰহ। এই উপহাৰৰ টোপোলাত আছে সুস্বাদু মিঠাই, প্ৰিমিয়াম চকলেট আৰু কোমল, ৰঙীন মেকাৰন-যাক পেটিছেৰী টিমটোৰ দ্বাৰা খুব নিখুঁতভাৱে তৈয়াৰ কৰা হৈছে। আটোমটোকাৰিকৈ প্ৰস্তুত কৰা বিবিধ বিকল্পৰ পৰা নিজৰ বাবে উপহাৰ বাছনি কৰিব পাৰিব অতিথিসকলে। এই উপহাৰ বিকল্পসমূহৰ ভিতৰত আছে ৰেডিচন ব্লুৰ সুপৰিচিত হাতেৰে প্ৰস্তুত কৰা চকলেট বক্স, হাতেৰে প্ৰস্তুত কৰা মেকাৰন বক্স (৬ পিচ), মিঠা বক্স (১৬ আৰু ২৫ পিচত উপলব্ধ) আৰু প্ৰিমিয়াম হেম্পাৰৰ বিশেষ সংকলন।
এই প্ৰতিটো উপহাৰৰ টোপোলাতে আছে বিলাসী মিঠাই, উৎসৱমুখৰ অনুভৱ আৰু আনন্দৰ মধুৰ পৰশ। এই উৎসৱমুখৰ সংগ্ৰহৰ মূল্য আৰম্ভ হৈছে মাত্ৰ ৪৯৯ টকাৰ পৰা। এই উপহাৰে প্ৰতিটো অনুষ্ঠানৰ আনন্দ বৃদ্ধি কৰাৰ লগতে উপহাৰ দিয়া আৰু গ্ৰহণ কৰাটো স্মৰণীয় কৰি তুলিব। ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “আমাৰ দীপাৱলীৰ হেম্পাৰবোৰ আন্তৰিক উপহাৰ আৰু নিখুঁত কাৰুকাৰ্য্যৰ প্ৰতিফলন। প্ৰতিটো উপহাৰৰ টোপোলা উন্নততম সামগ্ৰীৰে আৰু অতি সযতনে তৈয়াৰ কৰা হৈছে, যাতে মিঠা বাই ৰেডিচনৰ প্ৰতিটো উপহাৰৰ টোপোলাই দিওঁতা আৰু লওঁতা দুয়োৰে বাবে উৎসৱমুখৰ আনন্দ বৃদ্ধি কৰে।”
এই উৎসৱৰ বতৰত মিঠা বাই ৰেডিচনৰ মধুৰ অনুভূতিৰ সৈতে উদযাপন কৰক মধুৰ মুহূৰ্ত। আজিয়েই ভিজিট কৰক ৰেডিচন ব্লু গুৱাহাটীৰ ডলচে পেষ্ট্ৰীয় শ্বপ, অথবা ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰি প্ৰি-অৰ্ডাৰ কৰক আপোনাৰ বিশেষ দীপাৱলীৰ হেম্পাৰৰ আৰু বিয়পাই দিয়ক উৎসৱৰ মধুৰতা।