নিউজ ডেস্ক, ২৪ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (BTAD) সংযোগ, আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়ন শক্তিশালী কৰাৰ অৰ্থে একাধিক ৰূপান্তৰকাৰী ৰে’লৱে উন্নয়ন প্ৰকল্প হাতত লৈছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে আঞ্চলিক উন্নয়ন সমৃদ্ধ কৰা, নিযুক্তিৰ সুযোগ সৃষ্টি কৰা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অধীনত বিটিএডি অঞ্চলক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰা।

ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে কোকৰাঝাৰ জিলাৰ বাশবাৰীত প্ৰস্তাৱিত ৱাগনৰ পৰ্যায়ক্ৰমিক ওভাৰহ’লিং (পিঅ’এইচ) কাৰখানা। শেহতীয়াকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে উক্ত প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। প্ৰায় ২,৫০০ বিঘা ভূমিত বিকশিত হ’বলগীয়া এই আধুনিক কাৰখানাটোৱে প্ৰথম পৰ্যায়ত ২৫৬.৩৫ কোটি টকাৰ ব্যয়সাপেক্ষে প্ৰতি মাহত ৭৫ টা ৱাগনৰ সংস্কাৰৰ কাম কৰিব, পৰৱৰ্তী পৰ্যায়ত এই সংখ্যা প্ৰতি মাহত ২৫০ টা ৱাগনলৈ বৃদ্ধি পাব।

বাশবাৰী ষ্টেচন আৰু ৰূপসী বিমানবন্দৰৰ ওচৰত যথোপযুক্তভাৱে অৱস্থিত এই কাৰখানাটো এক গুৰুত্বপূৰ্ণ লজিষ্টিক হাব হিচাপে গঢ়ি উঠিব, যিয়ে স্থানীয় যুৱক-যুৱতীৰ বাবে বিস্তৃত পৰিসৰত নিযুক্তি আৰু দক্ষতা বিকাশৰ সুযোগ সৃষ্টি কৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বাবে ৱাগন ৰক্ষণাবেক্ষণৰ ক্ষমতাও বৃদ্ধি কৰিব। ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ভূটান সীমান্ত সংযোগ প্ৰকল্পৰ কোকৰাঝাৰ-গেলেফু নতুন ৰে’লপথ প্ৰকল্পক নেতৃত্ব বহন কৰিছে, যাক ভাৰত চৰকাৰে বিশেষ ৰে’লৱে প্ৰকল্প হিচাপে ঘোষণা কৰিছে।

৪,০৩৩ কোটি টকাৰ আনুমানিক ব্যয়সাপেক্ষে এই ৰে’লপথটোৱে নেইবাৰহুড ফাৰ্ষ্ট আৰু এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ কোকৰাঝাৰক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰিব, যাৰ ফলত বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক সহযোগিতাৰ নতুন পথ মুকলি হ’ব। এই প্ৰকল্পটোৱে বিটিএডি অঞ্চলৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব আৰু কোকৰাঝাৰক ভাৰত-ভূটান ৰে’ল আৰু লজিষ্টিক পৰিচালনৰ দিশত এক মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তুলিব। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেই কোকৰাঝাৰ, গোসাইগাঁও হাট, ফকিৰাগ্ৰাম, ওদালগুড়ী, টংলা আৰু মাজবাটৰ দৰে গুৰুত্বপূৰ্ণ বিটিএডি ষ্টেচনসমূহৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিছে।

এই কামসমূহৰ ভিতৰত ষ্টেচন ভৱনৰ পুনৰ্বিকাশ, উন্নত যাত্ৰীৰ সুবিধা, উন্নত পৰিবহন ক্ষেত্ৰ আৰু যাত্ৰীসকলৰ বাবে বিশ্বমানৰ সুবিধা উপলব্ধ কৰাৰ বাবে ষ্টেচনৰ অগ্ৰভাগৰ আধুনিক ডিজাইন অন্তৰ্ভূক্ত থাকিব। এতিয়া আগৰ তুলনাত বিটিএডিৰ ষ্টেচনসমূহ অধিক সংযোগসম্পন্ন হৈ উঠিছে। কোকৰাঝাৰ ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ আৰু ৰাজধানী এক্সপ্ৰেছৰ দৰে গুৰুত্বপূৰ্ণ ৰে’লসমূহ নিয়মীয়াকৈ ৰখে, যাৰ ফলত বড়োলেণ্ড অঞ্চলৰ যাত্ৰীসকলে দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ সৈতে দ্ৰুত, আৰামদায়ক আৰু অধিক উন্নত সংযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও, গোসাইগাঁও হাট, ফকিৰাগ্ৰাম, বাসুগাঁও, বিজনী, টংলা, ওদালগুড়ী আৰু মাজবাটৰ দৰে প্ৰধান বিটিএডি ষ্টেচনসমূহত এক্সপ্ৰেছ আৰু যাত্ৰীবাহী ৰে’লৰ কেইবাটাও নতুন ষ্টপেজ প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত স্থানীয় যাত্ৰীসকলৰ ভ্ৰমণৰ সুবিধা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু লগতে ৰে’লৰ সুগমতা উন্নত হৈছে। বৈদ্যুতীকৰণ, দ্বৈত ৰে’লপথৰ নিৰ্মাণ আৰু আন্তগাঁথনিৰ আধুনিকীকৰণ দ্ৰুতগতিত আগবঢ়াৰ লগে লগে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমৰ বিটিএডি অঞ্চলৰ সামাজিক-অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে সুৰক্ষিত,বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক ৰে’লৱে উন্নয়নৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিকেই পুনৰ দৃঢ় কৰি তুলিছে।