নিউজ ডেস্ক, ২৬ অক্টোবৰ, ২০২৫ : ভাৰতীয় ৰে’লৱেই (Indian Railway) চলিত উৎসৱৰ বতৰত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। পূজা, দীপাৱলী আৰু ছট পূজাৰ সময়ত সুগম যাত্ৰা নিশ্চিত কৰিবলৈ, ভাৰতীয় ৰে’লৱেই ১২,০১১ খন বিশেষ ৰে’ল পৰিচালন কৰি আছে, যি যোৱা বছৰৰ একে সময়ছোৱাত চলোৱা ৭,৭২৪ খন ৰে’লৰ তুলনাত উল্লেখযোগ্যভাৱে বৃদ্ধি। উত্তৰ-পূব সীমান্ত ৰে’লৱে সংমণ্ডলত, ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ ২০২৫ লৈ বিভিন্ন পথত মুঠ ৬২০ টা ট্ৰিপ সামৰি ৪৮ খন উৎসৱ বিশেষ ৰে’ল চলাচল কৰি আছে।
যাত্ৰীৰ সুগম চলাচল নিশ্চিত কৰিবলৈ কাটিহাৰ, নিউ জলপাইগুড়ী, গুৱাহাটী, যোগবানী আৰু কিষাণগঞ্জৰ দৰে মুখ্য ষ্টেচনসমূহৰ হোল্ডিং এলেকা, যাত্ৰী ঘোষণা প্ৰণালী, ফেন, অতিৰিক্ত টিকট কাউণ্টাৰ আৰু স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিনকে ধৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যাত্ৰীৰ সহায়তা আৰু ভিৰ নিয়ন্ত্ৰণ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবলৈ দিনে-নিশাই কৰ্মৰত ৱাৰ ৰুম আৰু আৰপিএফ জোৱানসহ অতিৰিক্ত কৰ্মচাৰী নিযুক্ত কৰা হৈছে। কাটিহাৰ, কিষাণগঞ্জ, নিউ জলপাইগুড়ী, সোনপুৰ, দৌৰাম মাধেপুৰা, আগৰতলা, নিউ তিনিচুকীয়া, এছএমভিটি বেংগালুৰু, অমৃতসৰ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুন, কলকাতা, গুৱাহাটী, ৰাঁচী, চাৰ্লাপল্লী, মুম্বাই চেন্ট্ৰেল, আগ্ৰা কেণ্টনমেণ্ট, যোগবাণী, লামডিং, হাওৰা, গোমতী নগৰ, আনন্দ বিহাৰ, কামাখ্যা আৰু বহুতো গুৰুত্বপূর্ণ গন্তব্য স্থানলৈ বিশেষ ৰে’লসমূহ চলি আছে।
২৬ অক্টোবৰ ২০২৫ তাৰিখে দেওবাৰে নিৰ্ধাৰিত ৰে’লবোৰৰ ভিতৰত আছে- ৰে’ল নং. ০৭৫৪১ কাটিহাৰ-দৌৰাম-মাধেপুৰা (দৈনিক বিশেষ) কাটিহাৰৰ পৰা ১৯:০০ বজাত যাত্ৰা কৰিব আৰু ২২:০০ বজাত দৌৰাম মাধেপুৰাত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৭৫৪২ দৌৰাম মাধেপুৰা-কাটিহাৰ (দৈনিক বিশেষ) দৌৰাম মাধেপুৰাৰ পৰা ২২:৪৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ২:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৭৫৪০ কাটিহাৰ-মণিহাৰী (দৈনিক বিশেষ) কাটিহাৰৰ পৰা ২০:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ২১:৩০ বজাত মণিহাৰীত গৈ উপস্থিত হ’ব।
ৰে’ল নং. ০৭৫৩৯ মণিহাৰী-কাটিহাৰ (দৈনিক বিশেষ) মণিহাৰীৰ পৰা ৫:০০ বজাত যাত্ৰা কৰিব আৰু ৬:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৭৫৫১ মণিহাৰী-কাটিহাৰ (দৈনিক বিশেষ) মণিহাৰীৰ পৰা ০০.১৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ০১:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৭৫৫২ কাটিহাৰ-মণিহাৰী (দৈনিক বিশেষ) কাটিহাৰৰ পৰা ০২:০০ বজাত যাত্ৰা কৰিব আৰু ০৩:১৫ বজাত মণিহাৰীত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৭৫৫৫ কাটিহাৰ-যোগবাণী (দৈনিক বিশেষ) কাটিহাৰৰ পৰা ২১:৩০ বজাত যাত্ৰা কৰিব আৰু ০১:১৫ বজাত যোগবানীত গৈ উপস্থিত হ’ব।
ৰে’ল নং. ০৭৫৫৪ যোগবানী-কাটিহাৰ (দৈনিক বিশেষ) যোগবাণীৰ পৰা ০২:০০ বজাত যাত্ৰা কৰিব আৰু ০৫:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৫৭৩৮ নিউ জলপাইগুড়ী-নাৰকটিয়াগঞ্জ জংচন (সাপ্তাহিক বিশেষ) নিউ জলপাইগুড়ীৰ পৰা ১৪:০৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ০৫:০০ বজাত নাৰকাটিয়াগঞ্জ জংচনত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৫৬২৬ ৰোহতক জংচন-কামাখ্যা জংচন (সাপ্তাহিক বিশেষ) ৰোহতকৰ পৰা ২২:১০ বজাত যাত্ৰা কৰিব আৰু ১৫:৩০ বজাত কামাখ্যাত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৫৭৪৪ কাটিহাৰ-সোনপুৰ (ত্ৰি-সাপ্তাহিক বিশেষ) কাটিহাৰৰ পৰা ১৮:০০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ০১:০০ বজাত সোনপুৰত গৈ উপস্থিত হ’ব।
ৰে’ল নং. ০৩১২৯ কলকাতা টাৰ্মিনেল-নিউ জলপাইগুড়ী (সাপ্তাহিক বিশেষ) কলকাতা টাৰ্মিনেলৰ পৰা ২৩:৪০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৫৭৪২ নিউ জলপাইগুড়ী-গোমতী নগৰ (সাপ্তাহিক বিশেষ) নিউ জলপাইগুড়ীৰ পৰা ০৭:০০ বজাত যাত্ৰা কৰিব আৰু ০৭:১৫ বজাত গোমতী নগৰত গৈ উপস্থিত হ’ব। ৰে’ল নং. ০৪০০৭ যোগবাণী-আনন্দ বিহাৰ টাৰ্মিনেল (সাপ্তাহিক বিশেষ) যোগবানীৰ পৰা ১৮:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ০৩:০০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু উৎসৱৰ বতৰত সুৰক্ষিত আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ ৰে’লৱে কৰ্মচাৰীৰ সৈতে সহযোগিতা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
