নিউজ ডেস্ক, ৪ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (পিচিইই)য়ে ৩০ অক্টোবৰ ২০২৫ তাৰিখে কাটিহাৰ মণ্ডলৰ অধীনৰ আৰাৰিয়া আৰু আৰাৰিয়া কোৰ্টৰ পৰা বিবিগঞ্জ খণ্ড পৰ্যন্ত ৬৭.১৮৬ ৰুট কিলোমিটাৰ (আৰকেএম) আৰু ৮২.৬৯৮ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামৰি লোৱা ৰে’লৱে বৈদ্যুতিকৰণ (Electrification) কামৰ কমিছনিং সন্দৰ্ভত বিধিসন্মত পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শন সফলতাৰে সম্পূৰ্ণ হোৱাটো খণ্ডটোত বিদ্যুৎচালিত ৰে’ল সেৱা আৰম্ভ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
পৰিদৰ্শনৰ সময়ত সকলো সুৰক্ষা পেৰামিটাৰ আৰু প্ৰযুক্তিগত মানদণ্ডসমূহ নিখুঁতভাৱে পৰীক্ষণ কৰা হয়, য’ত অভাৰহেড ইকুইপমেণ্টৰ (ওএইচই) ছেকচনিং, বণ্ডিং আৰু আৰ্থিং ব্যৱস্থাৰ কৰ্মক্ষমতাও অন্তৰ্ভুক্ত আছিল। ওএইচইক ২৫ কেভিত সফলতাৰে সক্রিয়কৰণ কৰা হয় আৰু সৰ্বোচ্চ খণ্ডীয় গতিবেগ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বিদ্যুত সংগ্ৰহ ট্রায়েল সুগমতাৰে সম্পন্ন কৰা হয়। এই সফল পৰীক্ষণসমূহে খণ্ডটোত বিদ্যুৎচালিত ৰে’ল পৰিচালন আৰম্ভ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰিছে।
ইয়াৰ পূৰ্বে জুন ২০২৫ ত কাটিহাৰ মণ্ডলৰ অধীনত ঠাকুৰগঞ্জ-বিবিগঞ্জ খণ্ডৰ ৪১.৪৩ ৰুট কিলোমিটাৰ (আৰকেএম) আৰু ৪৮.১৩ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামৰি লোৱা বৈদ্যুতিকৰণ কাৰ্যৰ সম্পূৰ্ণতাৰ পিছত এই সফলতা অৰ্জন কৰা হয়। উভয় খণ্ডৰ কমিছনিঙৰ সৈতে, আৰাৰিয়াৰ পৰা গলগলিয়ালৈ এক অবিৰত বৈদ্যুতিকৰণ কৰিডৰৰ স্থাপন কৰা হৈছে। এই সফলতাই উত্তৰ বিহাৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত ৰে’ল সংযোগ আৰু আন্তঃগাঁথনি উন্নয়নক যথেষ্ট শক্তিশালী কৰি তুলিছে।
নতুনকৈ বৈদ্যুতিকৰণ কৰা খণ্ডটোৱে যথেষ্ট সুবিধা কঢ়িয়াই আনিব, য’ত সুগম আৰু দ্ৰুত ৰে’ল পৰিচালন, শক্তি দক্ষতা বৃদ্ধি, ভ্ৰমণ সময় হ্ৰাস আৰু নিম্নতম পৰিচালন ব্যয় অন্তৰ্ভুক্ত থাকিব। ই ডিজেল ট্ৰেকচনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে ২০৩০ বৰ্ষৰ ভিতৰত নেট জিৰো কাৰ্বন নিৰ্গমন লাভ কৰাৰ দিশত ভাৰতীয় ৰে’লৱেৰ লক্ষ্য পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভূমিকা গ্ৰহণ কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আধুনিক, বহনক্ষম আৰু পৰিৱেশ-অনুকূল ৰে’ল পৰিবহণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক আৰু শক্তিশালী কৰি তুলিছে।
